57th International Film Festival of India 2026
20 – 28 Nov 2026

চলচ্চিত্ৰই আৱেগৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে মানৱতাক একত্ৰিত কৰে: কাৰ্লা ছফিয়া গাস্কন

ইফিৰ 'ষ্টেজেছ এক্ৰছ বৰ্ডাৰ্ছ' মাষ্টাৰক্লাছত অভিনয় কলাৰ সূক্ষ্ম দিশসমূহৰ বিষয়ে আলোকপাত কৰিলে প্ৰখ্যাত অভিনেত্ৰীগৰাকীয়ে

পোষ্ট কৰা হৈছে: 22 NOV 2026 3:01PMby PIB Guwahatiৰিলিজ আই ডি : 2340130Views: 4

আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ 'ষ্টেজেছ এক্ৰছ বৰ্ডাৰ্ছ' শীৰ্ষক এক বিশেষ মাষ্টাৰক্লাছত অংশগ্ৰহণ কৰি প্ৰখ্যাত অভিনেত্ৰী কাৰ্লা ছফিয়া গাস্কনে কয় যে চলচ্চিত্ৰই ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি মানৱীয় আৱেগৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে মানুহক একত্ৰিত কৰে।

কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু আগ্ৰহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গাস্কনে উদীয়মান অভিনেতাসকলক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ, নিজৰ স্বকীয়তাক আঁকোৱালি ল’বলৈ আৰু নিজৰ শিল্পকৰ্মৰ প্ৰতি সমৰ্পিত হৈ থাকিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে এখন ছবিত জীৱন্ত আৰু স্বাভাৱিক অভিনয় দাঙি ধৰিবলৈ হ’লে নিজৰ বৃত্তিটোৰ প্ৰতি প্ৰকৃত ভালপোৱা থকাটো অতি প্ৰয়োজনীয়।

অভিনয়ৰ প্ৰতি থকা নিজৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰ্দাত চৰিত্ৰ এটাক জীৱন্ত কৰি তুলিবলৈ তেওঁ গভীৰ আৱেগেৰে প্ৰতিটো চৰিত্ৰৰ মাজত নিজকে সম্পূৰ্ণৰূপে বিলীন কৰি দিয়ে। গতানুগতিকতাৰ বাহিৰৰ আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰিবলৈ ভাল পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ সৈতে একেবাৰে নিমিলা চৰিত্ৰ ৰূপায়ণ কৰিলে সৃজনশীল অন্বেষণ, শৈল্পিক বিকাশ আৰু আত্ম-আৱিষ্কাৰৰ সুযোগ পোৱা যায়।

অভিনয়ক প্ৰত্যাহ্বান আৰু নতুন আৱিষ্কাৰৰ এক নিৰন্তৰ যাত্ৰা বুলি অভিহিত কৰি গাস্কনে কয় যে প্ৰতিটো চৰিত্ৰই এক নতুন দৃষ্টিভংগী আৰু এক সুকীয়া শৈলী দাবী কৰে। তেওঁ চলচ্চিত্ৰক এক বিশ্বজনীন ভাষা হিচাপে বৰ্ণনা কৰে যিয়ে ভৌগোলিক বা সাংস্কৃতিক পটভূমি নিৰ্বিশেষে উমৈহতীয়া মানৱীয় আৱেগৰ জৰিয়তে দৰ্শকসকলক একগোট কৰে।

চলচ্চিত্ৰ নিৰ্মাণৰ সামূহিক প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সৃজনশীল দলটোৰ প্ৰতিগৰাকী সদস্যৰ অৱদানক স্বীকাৰ কৰে আৰু কয় যে এখন চলচ্চিত্ৰ অৱশেষত ইয়াৰ নিৰ্মাতাসকলৰ সামূহিক দৃষ্টিভংগী আৰু প্ৰচেষ্টাৰ দ্বাৰাহে গঢ় লৈ উঠে।

এই মাষ্টাৰক্লাছটোৱে উদীয়মান অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলক সৃষ্টিশীল প্ৰক্ৰিয়া, অভিনয়ৰ সূক্ষ্ম দিশসমূহ আৰু চলচ্চিত্ৰ নিৰ্মাণৰ সামূহিক কলাৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে।

ইফিলইড ইয়াত পঢ়ক:  https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith/ Supriya/ Gopika/ Darshana | IFFI 57 - 061


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340130
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026