57th International Film Festival of India 2026
20 – 28 Nov 2026

ইণ্ডিয়া চিনে হাবে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অনুমতি প্ৰক্ৰিয়া সহজতৰ কৰি তুলিছে, বিশ্বব্যাপী প্ৰযোজনাৰ ক্ষেত্ৰত ভাৰতৰ আকৰ্ষণ বৃদ্ধি কৰিছে

ইণ্ডিয়া চিনে হাবে দৃশ্যগ্ৰহণৰ বিভিন্ন অনুমোদনসমূহ একেটা ডিজিটেল প্লেটফৰ্মৰ অধীনলৈ আনিছে: ৫৭ সংখ্যক ইফিৰ আলোচনা চক্ৰত মত প্ৰকাশ

পোষ্ট কৰা হৈছে: 22 NOV 2026 4:44PMby PIB Guwahatiৰিলিজ আই ডি : 2340128Views: 6

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত নীতি নিৰ্ধাৰক আৰু চলচ্চিত্ৰ জগতৰ অগ্ৰণী ব্যক্তিসকলে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনত ভাৰতৰ স্থান অধিক শক্তিশালী কৰাৰ সম্ভাৱনাসমূহৰ ওপৰত আলোচনা কৰাৰ লগে লগে বিশ্বৰ এক আগশাৰীৰ দৃশ্যগ্ৰহণ আৰু প্ৰযোজনা কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত সম্ভাৱনাৰ দিশটো বিশেষভাৱে উজলি উঠিছে।

‘ফিল্মিং মেড ইজি: ইণ্ডিয়াজ ৰাইজ এজ এ গ্ল’বেল ফিল্মিং এণ্ড প্ৰডাকচন হাব’ শীৰ্ষক এই আলোচনা চক্ৰখনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী পৃথুল কুমাৰ, স্ক্ৰীণ অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী গ্ৰেইন ব্ৰাণ্ডছন আৰু প্ৰবীণ অভিনেতা, পৰিচালক তথা প্ৰযোজক শ্ৰী অনুপম খেৰে অংশগ্ৰহণ কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেতৃত্বত তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)-ৰ দ্বাৰা পৰিচালিত একক খিৰিকী ডিজিটেল প্লেটফৰ্ম 'ইণ্ডিয়া চিনে হাব' (আইচিএইচ)-এ ভাৰতত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো কেনেদৰে সহজ কৰি তুলিছে, সেই সন্দৰ্ভত এই আলোচনা চক্ৰত বিশদভাৱে আলোকপাত কৰা হয়। চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক ৰাজীৱ মছন্দে অনুষ্ঠানটোৰ আঁত ধৰে।

আলোচনাৰ শুভাৰম্ভ কৰি শ্ৰী কুমাৰে কয় যে ইণ্ডিয়া চিনে হাব পৰ্টেলৰ সৈতে ৰাজ্য চৰকাৰসমূহক সংযুক্ত কৰাটো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অনুমতি প্ৰক্ৰিয়া সহজতৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়া চলচ্চিত্ৰ নিৰ্মাতাসকলে এটা উমৈহতীয়া আবেদন পত্ৰৰ জৰিয়তে একেটা ডিজিটেল প্লেটফৰ্মৰ পৰাই পৌৰ নিকায়, যান-বাহন বিভাগ, ভাৰতীয় ৰে’লৱে আৰু ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (এএছআই)-কে ধৰি একাধিক কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমোদন বিচাৰিব পাৰে।

তেওঁ লগতে কয় যে এই প্লেটফৰ্মটোত প্ৰায় ৩২টা সেৱা সংযুক্ত কৰা হৈছে। আবেদনকাৰীসকলে এটা ডেশ্বব’ৰ্ডৰ জৰিয়তে তেওঁলোকৰ আবেদনৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পাৰে আৰু য’ত প্ৰয়োজন হয়, তাত সুৰক্ষিত পেমেণ্ট লিংকৰ জৰিয়তে মাচুল পৰিশোধ কৰাৰ সুবিধাও আছে। ইয়াৰ উপৰিও ডিজিটেল স্কাই প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ ড্ৰ’ন সম্পৰ্কীয় অনুমতিসমূহো ইয়াৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।

ভাৰতত দৃশ্যগ্ৰহণৰ বৰ্ধিত সহজসাধ্যতাৰ ওপৰত আলোকপাত কৰি শ্ৰী কুমাৰে উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অনুমতিৰ বাবে ২৮ দিনৰ নিৰ্ধাৰিত সময়সীমা থাকিলেও ২০১৫ চনৰ পৰা ইয়াৰ বাবে গড়ে মাত্ৰ ১৮ দিনহে সময় লাগিছে। তেওঁ মধ্যপ্ৰদেশৰ 'ডি্মড-এপ্ৰুভেল' (স্বয়ংক্ৰিয় অনুমোদন) ব্যৱস্থাৰ কথাও উল্লেখ কৰে, যাৰ অধীনত ১৫ দিনৰ ভিতৰত কোনো সিদ্ধান্ত জনোৱা নহ’লে আবেদনসমূহ অনুমোদিত হোৱা বুলি গণ্য কৰা হয়।

দৃশ্যগ্ৰহণ আৰু সহ-প্ৰযোজনাৰ গন্তব্যস্থান হিচাপে ভাৰতৰ বৰ্ধিত আকৰ্ষণৰ কথা উল্লেখ কৰি শ্ৰী কুমাৰে কয় যে এনে সুযোগৰ বাবে ভাৰতৰ সৈতে যোগাযোগ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰযোজনা গোষ্ঠীৰ সংখ্যা বছৰি ২৫–৩০টাৰ পৰা ১০০–২০০টালৈ বৃদ্ধি পাইছে। তেওঁ প্ৰযোজনাৰ সৈতে জড়িত পেছাদাৰী আৰু সেৱা প্ৰদানকাৰীসকলক এই পৰ্টেলত পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰে, যাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে ভাৰতৰ প্ৰযোজনা সম্পদসমূহ সহজে বিচাৰি পায় আৰু ব্যৱহাৰ কৰিব পাৰে।

ভাৰত-অষ্ট্ৰেলিয়াৰ সহযোগিতাৰ সম্ভাৱনা সন্দৰ্ভত বক্তব্য ৰাখি শ্ৰীমতী ব্ৰাণ্ডছনে কয় যে ভাৰতৰ বৈচিত্ৰ্যময় দৃশ্যগ্ৰহণৰ স্থান, চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতিভা আৰু দৰ্শকৰ সৈতে থকা গভীৰ আৱেগিক সংযোগে দেশখনক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰ কৰি তুলিছে। অষ্ট্ৰেলিয়াত ভাৰতীয় চিনেমাৰ বৰ্ধিত জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা বছৰ দেশখনত অষ্ট্ৰেলিয়ান ছবিতকৈ অধিক লোকে ভাৰতীয় ছবি উপভোগ কৰিছে। দুয়োখন দেশৰ মাজত থকা ক্ৰমবৰ্ধমান ভাৰতীয় মূলৰ জনসংখ্যা আৰু শক্তিশালী সাংস্কৃতিক, শৈক্ষিক, ক্ৰীড়া তথা ব্যৱসায়িক সম্পৰ্কই যৌথভাৱে কাহিনী নিৰ্মাণৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী ব্ৰাণ্ডছনে কয়, “প্ৰতিখন চলচ্চিত্ৰই একোটা ষ্টাৰ্ট-আপ আৰু এক অলৌকিক সৃষ্টি। ই এক সপোন বা ধাৰণাৰে আৰম্ভ হয় আৰু ইয়াক বাস্তৱ ৰূপ দিবলৈ একাগ্ৰতা, আৱেগ আৰু আনৰ সহযোগিতাৰ প্ৰয়োজন হয়।”

তেওঁ লগতে কয় যে সফল সহ-প্ৰযোজনাই কেৱল আৰ্থিক সহযোগিতা আৰু বিপদাশংকা ভাগ-বতৰা কৰাতে সীমাবদ্ধ নাথাকি সৃজনশীল আদান-প্ৰদানৰো সুযোগ সৃষ্টি কৰে। দুয়োখন দেশৰ দৰ্শকৰ মন চুই যোৱা কাহিনী নিৰ্মাণ কৰিবলৈ ভাৰতীয় আৰু অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ নিৰ্মাতাসকলে পৰস্পৰৰ কাহিনী কোৱাৰ পৰম্পৰাৰ পৰা শিকাৰ লগতে প্ৰবাসী সমাজৰ অভিজ্ঞতাকে ধৰি উমৈহতীয়া অনুভৱসমূহ অন্বেষণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে।

ইণ্ডিয়া চিনে হাব প্লেটফৰ্ম স্থাপনৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ শ্ৰী অনুপম খেৰে কয় যে দৃশ্যগ্ৰহণৰ অনুমতি লাভ কৰাৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। তেওঁ কয় যে ভাৰতৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক দৃশ্য, খাদ্য, সাজপাৰ আৰু সাংস্কৃতিক পৰিৱেশে চলচ্চিত্ৰ নিৰ্মাতাসকলক সৃজনশীলতাৰ অপাৰ সম্ভাৱনা প্ৰদান কৰে। চলচ্চিত্ৰই ভৌগোলিক সীমা অতিক্ৰম কৰে বুলি গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “আৱেগৰ কোনো পৃথক জাতীয়তা নাথাকে। আপোনাক কেৱল দৃশ্যগ্ৰহণৰ সুবিধাটোহে লাগে।”

শ্ৰী খেৰে লগতে উল্লেখ কৰে যে এই একক খিৰিকী ব্যৱস্থাৰ দ্বাৰা কেৱল প্ৰতিষ্ঠিত প্ৰযোজকসকলেই নহয়, বৰঞ্চ নৱাগত, লেখক, প্ৰযোজনা কৰ্মী আৰু উদীয়মান পৰিচালকসকলো উপকৃত হৈছে। অৱশ্যে, অনুমতি প্ৰদানৰ অজুহাতত চলচ্চিত্ৰ নিৰ্মাতাসকলক শোষণ কৰিব পৰা মধ্যভোগীসকলৰ উত্থানৰ বিৰুদ্ধে তেওঁ সজাগ হ’বলৈ সকীয়াই দিয়ে।

এই আলোচনা চক্ৰখনে সহজলভ্য অনুমতি প্ৰক্ৰিয়া, বৈচিত্ৰ্যময় স্থান আৰু সৃজনশীল সহযোগিতাৰ সুযোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰযোজনাৰ এক পচন্দৰ গন্তব্যস্থান হিচাপে ভাৰতৰ উত্থানৰ বৰ্ধিত সম্ভাৱনাসমূহক আলোকপাত কৰে। বিশ্বব্যাপী চলচ্চিত্ৰীয় আদান-প্ৰদানৰ এক মঞ্চ হিচাপে ইফিৰ ভূমিকাৰ সৈতে সংগতি ৰাখি এই অধিৱেশনত শক্তিশালী উদ্যোগ অংশীদাৰিত্ব আৰু এক অনুকূল চলচ্চিত্ৰ নিৰ্মাণ পৰিৱেশতন্ত্ৰই কেনেদৰে বিশ্ব মঞ্চত ভাৰতীয় চিনেমাৰ বাবে নতুন পথ মুকলি কৰিব পাৰে, সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হয়।

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rajith/ Supriya/ Bibin/ Darshana | IFFI 57 - 063


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340128
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026