57th International Film Festival of India 2026
20 – 28 Nov 2026

কেৱল ল’ৰাইহে বাঘৰ দৰে গৰ্জন কৰিব পাৰে বুলি কোনে কয়? পৰম্পৰাগত বাঘ নৃত্যত লিংগ বৈষম্যৰ বাধা নেওচি আগবঢ়া এগৰাকী কিশোৰীৰ কাহিনী দাঙি ধৰিছে ‘বাঘুনী’য়ে

ওড়িয়া ছবিখনে সাহস, সাংস্কৃতিক পৰিচয় আৰু নিজৰ সপোন পূৰণ কৰাৰ স্বাধীনতাক উদযাপন কৰিছে

পোষ্ট কৰা হৈছে: 22 NOV 2026 6:10PMby PIB Guwahatiৰিলিজ আই ডি : 2340125Views: 6

এজনী সৰু ছোৱালীয়ে যদি থিৰাং কৰে যে কিছুমান পৰম্পৰা কেৱল অন্ধভাৱে অনুসৰণ কৰিবলৈ নহয়, বৰঞ্চ তাৰ সৈতে একাত্ম হৈ নাচিবলৈহে সৃষ্টি কৰা হৈছে ৷ পৰম্পৰাগতভাৱে কেৱল পুৰুষৰ গাতহে বাঘৰ দৰে আঁচ অঁকা এখন জগতত প্ৰৱেশ কৰিবলৈ সাহস কৰি তাই যদি প্ৰশ্ন কৰে, “মই কিয় নোৱাৰিম?”

এই কাহিনী ওড়িশাৰ এখন দূৰৱৰ্তী গাঁৱৰ ১১ বছৰীয়া কিশোৰী মিনিৰ, যিয়ে এগৰাকী 'বাঘ নাচ' শিল্পী হোৱাৰ সপোন দেখে। দীৰ্ঘদিন ধৰি কেৱল পুৰুষৰ আধিপত্য থকা এক পৰম্পৰাগত লোকনৃত্য 'বাঘ নাচ'ক মিনিয়ে নিজৰ চৰ্তত আঁকোৱালি ল’ব বিচাৰে। তাইৰ বাবে এই আকাংক্ষা কেৱল এটা নৃত্য পৰিৱেশন কৰাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই হ’ল সপোন দেখাৰ স্বাধীনতা, গতানুগতিক প্ৰথাক প্ৰত্যাহ্বান জনোৱা আৰু নিজৰ আগ্ৰহক আগুৱাই নিয়াৰ এক যাত্ৰা।

বাস্তৱ ঘটনাৰ আধাৰত নিৰ্মিত তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা জিতেন্দ্ৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'বাঘুনী' (ডান্স লাইক এ টাইগাৰ) ছবিখনত সমাজৰ শিপাই যোৱা লিংগ বৈষম্যৰ ধাৰণাক প্ৰত্যাহ্বান জনাবলৈ এগৰাকী কিশোৰীয়ে লোৱা দৃঢ় সংকল্পৰ কাহিনী বৰ্ণনা কৰা হৈছে। ওড়িশাৰ চহকী লোক-পৰম্পৰাৰ পটভূমিত নিৰ্মিত এই ছবিখনত লিংগ বাধা, সামাজিক পৰিৱেশ, সাংস্কৃতিক পৰিচয় আৰু প্ৰচলিত নিয়মক প্ৰশ্ন কৰাৰ সাহসৰ দিশসমূহ অন্বেষণ কৰা হৈছে। ২০২৬ চনৰ ২২ নৱেম্বৰত গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত ছবিখনৰ বিশেষ প্ৰিমিয়াৰ (গালা প্ৰিমিয়াৰ) অনুষ্ঠিত হয়।

সংবাদমেলত ভাষণ দি জিতেন্দ্ৰ মিশ্ৰই 'বাঘুনী'ক এক গভীৰ ব্যক্তিগত মাইলৰ খুঁটি বুলি অভিহিত কৰে, কিয়নো চলচ্চিত্ৰ জগতত প্ৰায় দুটা দশক কাম কৰাৰ পাছত এইখনেই তেওঁৰ পৰিচালিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। বিগত বছৰবোৰত ইফিৰ ইণ্ডিয়ান পেনোৰামাৰ সৈতে থকা নিজৰ সম্পৰ্কৰ কথা স্মৰণ কৰি তেওঁ ইফি, এনএফডিচি আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক তেওঁলোকৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ছবিখনৰ বিষয়ে উল্লেখ কৰি মিশ্ৰই কয় যে যদিও বাঘ নাচে ইয়াৰ সাংস্কৃতিক পটভূমি প্ৰদান কৰিছে, তথাপিও কাহিনীটোৱে মূলতঃ লিংগ সমতা, সাহস আৰু মানৱীয় মনোবলকহে উদযাপন কৰিছে। নিজৰ পৰিয়ালৰ সাতগৰাকী অসাধাৰণ মহিলাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ গুৰুত্ব আৰোপ কৰে যে ছোৱালীক সমান সুযোগ দিলে তেওঁলোকে আশাতকৈও অধিক উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে। ওড়িশাৰ ব্ৰহ্মপুৰত কৰা বিস্তৃত গৱেষণাৰ আধাৰত নিৰ্মিত এই ছবিখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অডিচনৰ জৰিয়তে নিৰ্বাচিত স্থানীয় শিশুসকলেও অভিনয় কৰিছে, যিসকলক অভিজ্ঞ অভিনেতা সব্যসাচী মিশ্ৰৰ সৈতে কেইবামাহো ধৰি প্ৰশিক্ষণ দিয়া হৈছিল।

প্ৰখ্যাত ওড়িয়া অভিনেতা সব্যসাচী মিশ্ৰই 'বাঘুনী'ক আকৰ্ষণীয় কাহিনী আৰু ওড়িশাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক সতেজ সংমিশ্ৰণ বুলি বৰ্ণনা কৰে। তেওঁ পৰম্পৰাগত বাঘ নৃত্য 'বাঘ নাচ' আৰু মাইকী বাঘক বুজোৱা 'বাঘুনী'ৰ মাজৰ বৈপৰীত্যক কাহিনীটোৰ মূল কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰে, যিয়ে ছবিখনক এক সুকীয়া গভীৰতা আৰু কৌতূহল প্ৰদান কৰিছে।

এগৰাকী পৰম্পৰাগত বাঘ নাচ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি সব্যসাচীয়ে কয় যে চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ ৩০ কিলোগ্ৰাম ওজন হ্ৰাস কৰাৰ লগতে কঠোৰ শাৰীৰিক আৰু আধ্যাত্মিক প্ৰস্তুতি চলাইছিল। তেওঁ এই লোককলাৰ সৈতে জড়িত কঠোৰ ৰীতি-নীতি আৰু ঘণ্টাজোৰা জটিল শৰীৰ চিত্রণৰ কথাও উল্লেখ কৰে, য’ত শিল্পীগৰাকীক দেৱী মা ভগৱতী বুঢ়ী ঠাকুৰাণীৰ অৱতাৰ হিচাপে পূজা কৰা হয়। ছবিখনৰ বিশ্বজনীন আবেদনৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে 'বাঘুনী'য়ে আঞ্চলিক ওড়িয়া চিনেমাৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁ সংবাদ মাধ্যমক ছবিখনৰ বাৰ্তা বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যাবলৈ আহ্বান জনায়।

প্ৰযোজক পাৰ্থ পাণ্ডাই 'বাঘুনী'ক গালা প্ৰিমিয়াৰেৰে সন্মানিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত ওড়িশাৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বাবে ইফি, এনএফডিচি আৰু ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

মিনিৰ যাত্ৰাৰ জৰিয়তে 'বাঘুনী'য়ে এক শিপাই থকা স্থানীয় পৰম্পৰাক সাহস, পৰিচয় আৰু গতানুগতিকতাক প্ৰত্যাহ্বান জনোৱাৰ স্বাধীনতাৰ এক বৃহত্তৰ তথা বিশ্বজনীন আলোচনাৰ মাজলৈ লৈ আহিছে। এই ভাবধাৰাৰে ছবিখনে ইফি ২০২৬-ৰ মূল বিষয়বস্তু 'ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ' (সীমাহীন কাহিনী)-ৰ সৈতে একাত্ম হৈ পৰিছে, আৰু ই পুনৰবাৰ প্ৰমাণ কৰিছে যে চলচ্চিত্ৰই কেনেদৰে স্থানীয় কণ্ঠস্বৰক বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যাব পাৰে আৰু বিশ্বৰ এটা কোণৰ কাহিনীক আন এটা কোণৰ লোকসকলৰ বাবেও অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।

সংবাদমেলখন আঁত ধৰে শ্ৰীমতী নিখিতা এ এছে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

সংবাদমেলখন ইয়াত চাওক:

PIB IFFI Team | Rajith/ Supriya/ Swadhin/ Darshana | IFFI 57 - 064


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340125
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026