57th International Film Festival of India 2026
20 – 28 Nov 2026

“গংগাই জীপাল কৰি ৰখা হাজাৰ বছৰীয়া জীৱন্ত অভিজ্ঞতা”: ইফি ২০২৬-ত 'বেনাৰস'ৰ বাবে পুনৰ একত্ৰিত ভৰত বালা আৰু এ আৰ ৰহমান

গংগাৰ পাৰৰ পটভূমিত নিৰ্মিত সংগীত, স্মৃতি আৰু ঐতিহ্যৰ এক অন্তৰংগ পিতা-পুত্ৰীৰ কাহিনীয়ে ইণ্ডিয়ান পেনোৰামা শাখাত ভাৰতীয় প্ৰিমিয়াৰ লাভ কৰিছে

চিনাকি সুৰৰ পৰিধি চেৰাই: 'বেনাৰস'ৰ বাবে দেৱ গান্ধাৰৰ দৰে অচিনাকি ৰাগৰ আশ্ৰয় লৈছে ৰহমানে

পোষ্ট কৰা হৈছে: 22 NOV 2026 7:29PMby PIB Guwahatiৰিলিজ আই ডি : 2340121Views: 10

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ ইণ্ডিয়ান পেনোৰামা শাখাত নিৰ্বাচিত তথা ভাৰতীয় প্ৰিমিয়াৰৰ বাবে সাজু হোৱা পিতা-পুত্ৰীৰ এক আৱেগিক কাহিনী 'বেনাৰস'ৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা ভৰত বালাই সংগীতৰ যাদুকৰ এ আৰ ৰহমানৰ সৈতে পুনৰ একত্ৰিত হৈছে। ছবিখনত অভিষেক বেনাৰ্জী, শ্বাহানা গোস্বামী, নীৰজ কবি, ছায়া কদম, ইন্দিৰা তিৱাৰী আৰু এণ্টনিথাছান জেছুথাছান আদি শিল্পীয়ে অভিনয় কৰিছে।

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সাংস্কৃতিক আৰু সংগীতময় পটভূমিত নিৰ্মিত 'বেনাৰসে' পিতা আৰু কন্যাৰ মাজৰ সম্পৰ্ক, সংগীতৰ ঐতিহ্যৰ উত্তৰাধিকাৰ আৰু প্ৰজন্মৰ মাজৰ চিৰন্তন বান্ধোনৰ দিশসমূহ অন্বেষণ কৰিছে। পৰিচালক ভৰত বালাই “গংগাৰ চিৰন্তন সত্তা” বুলি বৰ্ণনা কৰা পৰিৱেশৰ মাজত ছবিখনৰ কাহিনীটো আগবাঢ়িছে।

ছবিখনৰ সংগীত সন্দৰ্ভত বক্তব্য প্ৰদান কৰি এ আৰ ৰহমানে কয় যে হিন্দুস্তানী আৰু কৰ্ণাটকী— দুয়োটা ধাৰাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতেই তেওঁৰ সমগ্ৰ সৃজনশীল যাত্ৰাত অনুপ্ৰেৰণাৰ এক নিৰন্তৰ উৎস হৈ আহিছে। তেওঁ কয় যে বিভিন্ন ৰাগ আৰু ইয়াৰ সৈতে জড়িত আৱেগসমূহে আজিও তেওঁৰ সংগীতৰ অভিব্যক্তিক গঢ় দি আহিছে।

ছবিখনৰ আৱহ সংগীতৰ প্ৰতি থকা নিজৰ দৃষ্টিভংগীৰ বিষয়ে বহলাই কওঁতে ৰহমানে সুৰৰ মাজত বিভিন্ন ৰাগ সংযোজন কৰাৰ কথা উল্লেখ কৰে। ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰি ৰহমানে কয় যে ই তেওঁৰ সংগীতৰ অন্বেষণক সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁ কয়, “মই প্ৰতিটো সংস্কৃতিকে উপভোগ কৰোঁ।” পঞ্জাবী ভাষাৰ তেজস্বিতাৰ পৰা আৰম্ভ কৰি বঙালী ভাষাৰ মাধুৰ্যলৈকে প্ৰতিটো ভাষাৰেই নিজস্ব এক সুকীয়া সোৱাদ থকা বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ প্ৰায়ে নিজৰ সংগীতত বিভিন্ন ভাষা আৰু ইয়াৰ সাংস্কৃতিক সত্তাক একাকাৰ হ’বলৈ দিয়ে।

ভৰত বালাই 'মৰিয়ান' ছবিখনৰ পাছত এক দীঘলীয়া বিৰতিৰ অন্তত পুনৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণলৈ উভতি অহাৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে এই মধ্যৱৰ্তী সময়ছোৱাত তেওঁ কেইবাখনো চুটি ছবিত কাম কৰিছিল। তেওঁৰ মতে, পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰাটো সৃজনশীল প্ৰক্ৰিয়াৰে এক নিৰন্তৰ অংশ, যিটো তেতিয়াহে হাতত লোৱা হয় যেতিয়া তেওঁ এনে এটা কাহিনীৰ সন্মুখীন হয় যিটো দৰ্শকক কোৱাটো অত্যন্ত জৰুৰী বুলি তেওঁ অনুভৱ কৰে।

যদিও বেনাৰস চহৰখনক পৰ্দাত বহু ধৰণে চিত্ৰায়িত কৰা হৈছে, তথাপিও চহৰখনত এতিয়াও অন্বেষণ কৰিবলগীয়া বহুত কিবাকিবি আছে বুলি বালাই মন্তব্য কৰে। তেওঁ এই চহৰখনক “গংগাই জীপাল কৰি ৰখা হাজাৰ বছৰীয়া জীৱন্ত অভিজ্ঞতাৰে” গঢ় লৈ উঠা এক স্থান বুলি অভিহিত কৰে।

চিনেমেটোগ্ৰাফাৰ মাৰ্ক ক’নিংকছে কয় যে পোহৰ, কেমেৰাৰ কোণ, ফ্ৰেমিং আৰু কম্প’জিচনৰ ব্যৱহাৰৰ জৰিয়তে অভিনেতাসকলৰ মুখৰ আৱেগ ধৰি ৰখাতেই আছিল তেওঁৰ মূল লক্ষ্য। তেওঁৰ উদ্দেশ্য আছিল দৰ্শকসকলক বাহিৰৰ পৰ্যবেক্ষক কৰি ৰখাৰ পৰিৱৰ্তে ছবিখনৰ এক অংশ যেন অনুভৱ কৰোৱা।

“কেমেৰাটো সংগীতৰ দৰেই,”— এইদৰে কৈ তেওঁ ৰং আৰু দৃশ্যমান উপাদানসমূহৰ সমন্বয়েৰে কেনেদৰে দৃশ্যগত ছন্দৰ সৃষ্টি কৰে, সেই বিষয়ে বুজাই দিয়ে। তেওঁ লগতে কয় যে “অত্যধিক ৰঙে ৰঙৰ সৌন্দৰ্য নষ্ট কৰে”, গতিকে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু আৱেগ জগাই তুলিবলৈ ৰঙৰ নিৰ্বাচিত ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কুম্ভমেলাত পোনপটীয়া দৃশ্যগ্ৰহণ কৰাৰ সময়ত এই দৃষ্টিভংগী বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল।

অভিনেতা নীৰজ কবিয়ে নিজে ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ দীৰ্ঘস্থায়ী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি কয় যে সেই চৰিত্ৰবোৰ প্ৰায়ে তেওঁৰ বাস্তৱ জীৱনতো সোমাই পৰে আৰু তেওঁৰ সত্তাৰ অংশ হৈ পৰে। 'বেনাৰস'-ত তেওঁ স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত এজন লোকৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ কয় যে এই চৰিত্ৰটোত অভিনয় কৰোঁতে তেওঁৰ নিজৰ শৈশৱৰ কথা মনত পৰিছিল— যিটো এনে এক অৱস্থা য’ত ভৱিষ্যতৰ কোনো অস্তিত্ব নাথাকে আৰু বৰ্তমানো অনুপস্থিত হৈ থাকে।

অভিনেতা অভিষেক বেনাৰ্জীয়ে সুনিয়ন্ত্ৰিত ষ্টুডিঅ’ৰ ছেটত কাম কৰাৰ বিপৰীতে মহাকুম্ভত পোনপটীয়াভাৱে দৃশ্যগ্ৰহণ কৰাৰ প্ৰত্যাহ্বান আৰু স্বতঃস্ফূৰ্ততাৰ বিষয়ে বৰ্ণনা কৰে। বৃহৎ জনসমাগমৰ মাজত অভিনয় কৰোঁতে যথেষ্ট অনিশ্চয়তা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে ক্ষেত্ৰত অভিনেতা আৰু পৰিচালকৰ মাজৰ পাৰস্পৰিক বিশ্বাস বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে। এই অভিজ্ঞতাই তেওঁক কলেজীয়া দিনত বাটৰ নাট কৰা সময়লৈ মনত পেলাই দিয়ে। এই দৃশ্যগ্ৰহণক “ষ্ট্ৰীট চিনেমা” বুলি অভিহিত কৰি তেওঁ কয় যে ই এজন অভিনেতা আৰু এজন ব্যক্তি হিচাপে তেওঁক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে।

ৰহমানে এইবুলি সন্তোষ প্ৰকাশ কৰে যে তেওঁ সংগীত পৰিচালনা কৰা দুখন ছবি— 'বেনাৰস' আৰু 'ৰামায়ণ' ৫৭ সংখ্যক ইফিত প্ৰদৰ্শিত হৈছে, যিয়ে মহোৎসৱটোত বৈচিত্ৰ্যময় চলচ্চিত্ৰীয় আখ্যানৰ উদযাপন আৰু ভাৰতৰ কাহিনী কোৱাৰ পৰম্পৰাত সংগীতৰ চিৰন্তন অৱদানকে প্ৰতিফলিত কৰিছে।

অনুষ্ঠানটো আঁত ধৰে শ্ৰী মহেশ কুমাৰে।

সংবাদমেলখন ইয়াত চাওক:

ইফিলইড ইয়াত পঢ়ক:  https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith/ Supriya/ Anushka/ Darshana | IFFI 57 - 067


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340121
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026