চলচ্চিত্ৰ নিৰ্মাণ শিকাব পাৰিনে, নে ইয়াক নিজে আৱিষ্কাৰ কৰিব লাগে? আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত ছবি প্ৰদৰ্শনৰ সমান্তৰালকৈ আয়োজিত ‘দ্য আনটিচেবল ফ্ৰেম: কেন চিনেমা বি টট অৰ মাষ্ট ইট বি ডিছকভাৰ্ড?’ শীৰ্ষক এক আলোচনা চক্ৰৰ মূল বিষয় আছিল এই প্ৰশ্নটোৱেই। এই আলোচনাত সৃষ্টিশীল প্ৰতিভাৰ বিকাশ, কাৰিকৰী দক্ষতা প্ৰদান আৰু উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক উদ্যোগটোৰ চাহিদাৰ বাবে সাজু কৰি তোলাৰ ক্ষেত্ৰত চলচ্চিত্ৰ বিদ্যালয়সমূহৰ ভূমিকা সন্দৰ্ভত অন্বেষণ কৰা হয়।
এই আলোচনা চক্ৰত অভিনেত্ৰী তথা অন্নপূৰ্ণা কলেজ অব্ ফিল্ম এণ্ড মিডিয়াৰ সঞ্চালিকা অমলা আক্কিনেনী; অভিনেতা তথা 'এক্টৰ প্ৰিপেয়াৰ্ছ'-ৰ প্ৰতিষ্ঠাপক অনুপম খেৰ; সাংস্কৃতিক সাংবাদিক, ৱাৰ্ছ ফিল্ম স্কুলৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগৰ উপ-আচাৰ্য, ছামাৰ ফিল্ম একাডেমীৰ কাৰ্যসূচী সঞ্চালক, ট’ফিফেষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰগ্ৰামাৰ তথা ফিপ্ৰেছকি (FIPRESCI) সদস্য আৰ্টুৰ ডাব’ৰ্স্কি; ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)-ৰ প্ৰাক্তন সঞ্চালক ভূপেন্দ্ৰ কাইনথোলা; আৰু তামিল, তেলেগু তথা মালয়ালম চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটোগ্ৰাফাৰ, গুৰু তথা চিনেমা ফেক্টৰী একাডেমীৰ প্ৰতিষ্ঠাপক মনোজ পৰমহংসই অংশগ্ৰহণ কৰে। ছ’নী পিকচাৰ্ছ ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)-ত নেতৃত্বৰ পদত কাৰ্যনিৰ্বাহ কৰা বিক্ৰমজিৎ ৰয়ে অনুষ্ঠানটো আঁত ধৰে।
অমলা আক্কিনেনীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ সামূহিক প্ৰকৃতিৰ ওপৰত আলোকপাত কৰি কয় যে চলচ্চিত্ৰ বিদ্যালয়সমূহে এনে এক পৰিৱেশ প্ৰদান কৰে য’ত শিক্ষাৰ্থীসকলে একেলগে কাম কৰিবলৈ শিকে আৰু চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন বিভাগৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে বুজি পায়। তেওঁ লগতে চলচ্চিত্ৰ শিক্ষাবিদসকলক প্ৰচলিত গতানুগতিক ধাৰণাসমূহক প্ৰত্যাহ্বান জনাবলৈ আৰু অধিক মহিলাক চলচ্চিত্ৰ নিৰ্মাণৰ পেছাদাৰী প্ৰশিক্ষণ ল’বলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়। কৰ্মৰ প্ৰতি নিষ্ঠাৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক সদায় অতিৰিক্ত কষ্ট কৰাৰ মানসিকতা গঢ়ি তুলিবলৈ অনুৰোধ জনায়।
নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি অনুপম খেৰে এজন অভিনেতাৰ সামৰ্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত আনুষ্ঠানিক প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এনএছডি)-ত কটোৱা দিনবোৰৰ কথা স্মৰণ কৰি তেওঁ কয়, “যদি মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ নগ’লোহেঁতেন, তেন্তে আজি মই ইয়াত বহি নাথাকিলোহেঁতেন।”
নিজৰ প্ৰথমখন ছবি 'সাৰাংশ'-ৰ কথা উল্লেখ কৰি, য’ত তেওঁ মাত্র ২৮ বছৰ বয়সতে এজন ৬৫ বছৰীয়া বৃদ্ধৰ চৰিত্ৰত অভিনয় কৰিছিল, খেৰে সেই প্ৰত্যাহ্বানমূলক চৰিত্ৰটো ৰূপায়ণ কৰাৰ সামৰ্থ্য লাভ কৰাৰ কৃতিত্ব এনএছডি-ৰ প্ৰশিক্ষণকে দিয়ে। তেওঁ পৰ্যবেক্ষণ, কল্পনাশক্তি আৰু আৱেগিক স্মৃতিক এজন অভিনেতাৰ তিনিটা অপৰিহাৰ্য গুণ বুলি চিনাক্ত কৰে। তেওঁ বুজাই দিয়ে যে এজন ব্যক্তিৰ অভিজ্ঞতাসমূহ স্মৃতিত সঞ্চিত হৈ থাকে আৰু চৰিত্ৰসমূহক বিশ্বাসযোগ্যভাৱে ফুটি তোলাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সমল হৈ পৰে।
অভিনয়ক নৱৰস বা নটা আৱেগৰ সৈতে একাত্ম হোৱাৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰি তেওঁ কয় যে এজন অভিনেতাই দৃশ্য, অনুক্ৰম বা কাহিনীৰ চাহিদা অনুসৰি সেই আৱেগসমূহ মনত পেলাব আৰু প্ৰকাশ কৰিব পাৰিব লাগিব। চলচ্চিত্ৰ বিদ্যালয়সমূহে উদীয়মান অভিনেতাসকলক এই আৱেগসমূহ ফলপ্ৰসূভাৱে বুজিবলৈ, অনুশীলন কৰিবলৈ আৰু প্ৰকাশ কৰিবলৈ সহায় কৰে। যুৱ অভিনেতাসকলক দৈনন্দিন জীৱনৰ পৰা অনুপ্ৰেৰণা ল’বলৈ পৰামৰ্শ দি তেওঁ কয়, “প্ৰতিটো অভিজ্ঞতাই আপোনাক কিবা নহয় কিবা শিকায়। এজন মানুহ হিচাপে আপুনি যি শিকে, সেয়াই আপোনাৰ অভিনয়ত সহায় কৰিব।”
খেৰে যুৱ অভিনেতাসকলক আত্মসন্তুষ্টিৰ বিৰুদ্ধেও সকীয়াই দি কয় যে কেতিয়াবা সাধাৰণ পাৰদৰ্শিতাই উৎকৃষ্টতাৰ পথত বাধা হৈ দাঁড়াব পাৰে। শিল্পীসকলে সদায় নিজৰ দক্ষতা আৰু কলাক অধিক উন্নত কৰাৰ বাবে নিৰন্তৰ চেষ্টা চলাই যাব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
আৰ্টুৰ ডাব’ৰ্স্কিয়ে গুৰুত্ব আৰোপ কৰে যে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে নিৰন্তৰ অনুশীলন, অভিজ্ঞতা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিনেমাৰ সৈতে পৰিচিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক বৈচিত্ৰ্যময় চলচ্চিত্ৰীয় পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়া আৰু বিভিন্ন পটভূমিৰ ছবি তথা পেছাদাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে যিসকল চলচ্চিত্ৰ নিৰ্মাতাই কিবা মৌলিক সৃষ্টি কৰিব বিচাৰে, তেওঁলোকৰ বাবে বিশ্ব চিনেমাৰ শেহতীয়া গতিবিধিৰ বিষয়ে জনাটো অপৰিহাৰ্য।
ৱাৰ্ছ ফিল্ম স্কুলত অনুসৰণ কৰা পদ্ধতিৰ কথা উল্লেখ কৰি ডাব’ৰ্স্কিয়ে কয় যে তাত শিক্ষাৰ্থীসকলক এক সহায়ক আনুষ্ঠানিক পৰিৱেশত ছবি নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰা হয়, যিয়ে তেওঁলোকক নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰু নিজৰ ভুলৰ পৰা শিকিবলৈ সুযোগ দিয়ে। তেওঁ উল্লেখ কৰে যে এনে সুযোগ অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো পেছাদাৰী চলচ্চিত্ৰৰ ছেটত কৰা ভুলে বৃহৎ আৰ্থিক আৰু ব্যৱহাৰিক ক্ষতি কৰিব পাৰে।
প্ৰযোজকসকলৰ ওচৰত নিজৰ প্ৰকল্প উপস্থাপন কৰা, পুঁজি সংগ্ৰহ কৰা আৰু পেছাদাৰী পৰিৱেশতন্ত্ৰটোক বুজি পোৱাকে ধৰি চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱসায়িক দিশসমূহৰ বাবে শিক্ষাৰ্থীসকলক সাজু কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে চলচ্চিত্ৰ মহোৎসৱসমূহৰ সৈতে পৰিচিত হোৱাটো এই প্ৰস্তুতিৰে এক অবিচ্ছেদ্য অংগ।
ইউৰোপীয় মহোৎসৱসমূহে কেনেধৰণৰ ছবি বিচাৰে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ডাব’ৰ্স্কিয়ে যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক এনে বিষয়বস্তু অন্বেষণ কৰিবলৈ উৎসাহিত কৰে যিয়ে তেওঁলোকক আমনি কৰে বা যিবোৰ বিষয় তেওঁলোকে সহজে মানি ল’বলৈ টান পায়। তেওঁ উল্লেখ কৰে যে মহোৎসৱসমূহে গুৰুত্বপূৰ্ণ সামাজিক আৰু মানৱীয় সমস্যাসমূহৰ সৈতে অৰ্থপূৰ্ণভাৱে জড়িত হোৱা ছবিসমূহক অধিক মূল্য দিয়ে।
ভূপেন্দ্ৰ কাইনথোলাই শৈল্পিক অভিব্যক্তি আৰু আনুষ্ঠানিক প্ৰশিক্ষণৰ মাজৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। “কলা আৱিষ্কাৰ কৰিব পাৰি, কিন্তু ইয়াৰ কৌশল শিকাবই লাগিব,” বুলি উল্লেখ কৰি তেওঁ উদীয়মান চলচ্চিত্ৰ পেছাদাৰীসকলৰ বাবে আনুষ্ঠানিক শিক্ষাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
তেওঁ কয় যে চলচ্চিত্ৰ নিৰ্মাণত সফলতা লাভ কৰিবলৈ হ’লে সৃজনশীলতাৰ লগতে অনুশাসন, সুশৃংখলিত শিক্ষা আৰু পেছাদাৰী প্ৰক্ৰিয়াসমূহ মানি চলাটো অত্যন্ত প্ৰয়োজনীয়। এফটিআইআইত থকা নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কাইনথোলাই কয় যে পৰিয়ালৰ পৰম্পৰাগত কেৰিয়াৰৰ প্ৰত্যাশাৰ বিপৰীতে গৈ বহু শিক্ষাৰ্থীয়ে চলচ্চিত্ৰ শিক্ষাক বাছি লয়। তেওঁ কয় যে এফটিআইআইৰ দৰে ৰাজহুৱা পুঁজিৰে পৰিচালিত প্ৰতিষ্ঠানসমূহৰ এনে এক অনুকূল পৰিৱেশ প্ৰদান কৰাৰ দায়িত্ব আছে য’ত তেওঁলোকৰ সৃজনশীল আকাংক্ষাসমূহ বিকশিত হ’ব পাৰে।
মনোজ পৰমহংসই গুৰুত্ব আৰোপ কৰে যে পেছাদাৰী চলচ্চিত্ৰৰ ছেটসমূহ বিভিন্ন ব্যৱহাৰিক সীমাবদ্ধতাৰ মাজত পৰিচালিত হয়, যাৰ ফলত নৱাগতসকলে পৰীক্ষা-নিৰীক্ষা কৰা আৰু ভুল কৰি শিকাৰ সুযোগ অতি সীমিত হয়।
গতিকে, চলচ্চিত্ৰ বিদ্যালয়সমূহে এক সুশৃংখলিত পৰিৱেশত চলচ্চিত্ৰ নিৰ্মাণৰ মৌলিক দিশসমূহ শিকাই এক গুৰুত্বপূৰ্ণ ভেটি গঢ়ি তোলে। তেওঁ কয় যে কাৰিকৰী দক্ষতাৰ উপৰিও এই বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক মানৱ সম্পদ পৰিচালনা কৰা, দলসমূহৰ মাজত সমন্বয় সাধন কৰা আৰু সামূহিকভাৱে কাম কৰাৰ বাবে সক্ষম কৰি তোলে— যিবোৰ এটা চলচ্চিত্ৰ প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে অপৰিহাৰ্য।
আলোচনা চক্ৰখনত চলচ্চিত্ৰ শিক্ষা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ধিত প্ৰভাৱ সন্দৰ্ভতো আলোচনা কৰা হয়।
মনোজ পৰমহংসই উল্লেখ কৰে যে পুনৰাবৃত্তিমূলক কামবোৰ সহজ কৰিবলৈ, প্ৰাৰম্ভিক ষ্ট’ৰীব’ৰ্ড তৈয়াৰ কৰিবলৈ আৰু প্ৰযোজনাৰ কাৰ্যপ্ৰণালী উন্নত কৰিবলৈ এআই-ৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। প্ৰযুক্তিগত অগ্ৰগতিয়ে দৃশ্য নিৰ্মাণৰ ক্ষেত্ৰখনতো ব্যাপক পৰিৱৰ্তন আনিছে, যাৰ ফলত চলচ্চিত্ৰ নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ পাছতো পটভূমি সলনি কৰিব পাৰে আৰু অতি উন্নত মানৰ দৃশ্যমান পৰিৱেশ সৃষ্টি কৰিব পাৰে।
প্ৰযুক্তিগত অগ্ৰগতিৰ সৈতে খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰাৰ লগতে অনুপম খেৰে গুৰুত্ব আৰোপ কৰে যে সৃজনশীল অভিব্যক্তিৰ ক্ষেত্ৰত মানৱীয় আৱেগেই সদায় মূল কেন্দ্ৰবিন্দু হৈ থাকিব। এআই-ৰ দ্বাৰা নিৰ্মিত ভাৰ্চুৱেল অৱতাৰসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰযুক্তিয়ে হয়তো ছবি আৰু অভিনয় সৃষ্টি কৰিব পাৰে, কিন্তু মানুহে অভিনয়লৈ কঢ়িয়াই অনা হৃদয় আৰু আত্মাৰ স্পৰ্শ ই কেতিয়াও নকল কৰিব নোৱাৰে।
এই আলোচনাই আনুষ্ঠানিক প্ৰশিক্ষণ, ব্যৱহাৰিক অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ সমন্বয়ৰ জৰিয়তে সৃষ্টিশীল প্ৰতিভাৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ বিদ্যালয়সমূহৰ নিৰন্তৰ প্ৰাসংগিকতাক পুনৰবাৰ প্ৰতিপন্ন কৰে। ই উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খাব পৰা, প্ৰযুক্তিগতভাৱে সজাগ আৰু নিৰন্তৰ শিক্ষা তথা নতুনত্বৰ সন্ধানত ব্ৰতী হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।
২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হোৱা ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-এ ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, উদ্যোগৰ পেছাদাৰী আৰু চিনেমাপ্ৰেমীসকলক একত্ৰিত কৰিছে। ছবি প্ৰদৰ্শন, মাষ্টাৰক্লাছ আৰু মত বিনিময়মূলক আলোচনাৰ জৰিয়তে এই মহোৎসৱে চলচ্চিত্ৰীয় আদান-প্ৰদান, শিক্ষা আৰু সহযোগিতাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিছে।
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith/ Supriya/ Sriyanka/ Darshana | IFFI 57 - 068