উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

দায়িত্বশীল নাগৰিকত্বৰ জৰিয়তে সাংবিধানিক মূল্যবোধ শক্তিশালী কৰাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ; অধিকাৰৰ সমানেই কৰ্তব্যও গুৰুত্বপূৰ্ণ বুলি মন্তব্য

সংবিধান কেৱল এখন আইনী নথিয়েই নহয়; ই আমাৰ গণৰাজ্যৰ নৈতিক মাৰ্গদৰ্শক : উপ-ৰাষ্ট্ৰপতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্জিত সাফল্যসমূহে সাংবিধানিক আকাংক্ষাক জনসাধাৰণৰ জীৱনত বাস্তৱ ফলাফললৈ ৰূপান্তৰিত কৰিছে: উপ-ৰাষ্ট্ৰপতি

প্ৰযুক্তিয়ে মানৱতাৰ সেৱা কৰিব লাগিব আৰু সাংবিধানিক মূল্যবোধৰ দ্বাৰা পৰিচালিত হ’ব লাগিব: উপ-ৰাষ্ট্ৰপতি

নতুন দিল্লীত বেনেট বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ উদ্যোগত আয়োজিত সংবিধান সপ্তাহ ২০২৬ৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে

পোষ্ট কৰা হৈছে: 20 NOV 2026 2:35PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অৱ ইণ্ডিয়াত বেনেট বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ উদ্যোগত আয়োজিত সংবিধান সপ্তাহ উদযাপন, ২০২৬ৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ সংবিধান সংবিধান কেৱল এখন আইনী নথিয়েই নহয়; ই আমাৰ গণৰাজ্যৰ নৈতিক মাৰ্গদৰ্শকো । তেওঁ কয় যে সাংবিধানিক মূল্যবোধসমূহ কেৱল প্ৰতিষ্ঠান আৰু আইনী পাঠ্যৰ মাজতে সীমাবদ্ধ থাকিব নালাগে, বৰং জনজীৱনৰ দৈনন্দিন অংশ হৈ পৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিষ্ঠানসমূহে যেতিয়া নিজৰ কামৰ বাবে জবাবদিহি হৈ থাকে, ভিন্নমতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় আৰু নাগৰিকসকলে নিজৰ অধিকাৰ তথা কৰ্তব্যসমূহ দায়িত্বসহকাৰে পালন কৰে, তেতিয়াহে গণতন্ত্ৰৰ বিকাশ ঘটে। তেওঁ অধিকাৰৰ সমান্তৰালভাৱে কৰ্তব্যসমূহকো সমান গুৰুত্ব দিয়াৰ ওপৰত জোৰ দি কয় যে সকলো নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কৰ্তব্যসমূহ দায়িত্বসহকাৰে পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়।

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে ড০ বি. আৰ. আম্বেদকাৰৰ গণতন্ত্ৰৰ সংজ্ঞাৰ কথা স্মৰণ কৰি কয় যে গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা, যাৰ জৰিয়তে ৰক্তপাত অবিহনেই জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনত বৈপ্লৱিক পৰিৱৰ্তন সাধন হয়। তেওঁ কয় যে বিগত এটা দশকত ভাৰতে অৰ্জন কৰা সাফল্যসমূহে জনসাধাৰণৰ জীৱনত হোৱা বাস্তৱ পৰিৱৰ্তনৰ জৰিয়তে সাংবিধানিক আকাংক্ষাসমূহৰ বাস্তৱায়ন প্ৰতিফলিত কৰিছে। প্ৰায় ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা, দৰিদ্ৰ লোকসকলৰ বাবে চাৰি কোটি পকী গৃহ নিৰ্মাণ কৰা আৰু জল জীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলত নলযোগে খোৱাপানী যোগানৰ পৰিসৰ ৮২ শতাংশতকৈ অধিক হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এসময়ত উন্নয়নৰ ক্ষেত্ৰত আটাইতকৈ পিছৰ শাৰীত থকা সীমান্তৱৰ্তী গাঁওসমূহো বৰ্তমান প্ৰাণৱন্ত গাঁও হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্ভৱ হোৱা এই সাফল্যসমূহ এক নীৰৱ বিপ্লৱৰ প্ৰতিফলন।

ৰাষ্ট্ৰ নিৰ্মাণত মহিলাসকলৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যৰ মূল্যৱান অৱদানৰ কথা স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ দূৰদৰ্শী চিন্তাধাৰা নাৰী শক্তি বন্দন অধিনিয়মৰ দৰে পদক্ষেপৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে। সমগ্ৰ দেশতে মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সাফল্য প্ৰত্যক্ষ কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। এই অগ্ৰগতিক আন এক বিপ্লৱ বুলি অভিহিত কৰি তেওঁ কয় যে ভাৰতে ক্ৰমান্বয়ে মহিলা উন্নয়নৰ ধাৰণাৰ পৰা মহিলাৰ নেতৃত্বত উন্নয়নৰ দিশে আগবাঢ়িছে, য’ত মহিলাসকলে ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

সংবিধানৰ গতিশীলতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে অনুচ্ছেদ ২১ৰ কথা উল্লেখ কৰে, যিটোৱে সময়ৰ লগে লগে বিকশিত হৈ মৰ্যাদাপূৰ্ণ জীৱন, জীৱিকা, স্বাস্থ্য, আশ্ৰয়, গোপনীয়তা, শিক্ষা আৰু পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন অধিকাৰক সামৰি লৈছে। তেওঁ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণৰ আহ্বান জনাই কয় যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদৰ বহনক্ষমতা নিশ্চিত কৰাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে এই সম্পদসমূহ ব্যৱহাৰ কৰিব লাগিব। তেওঁ অবিবেচক ভোগবাদৰ বিৰুদ্ধে সতৰ্ক কৰি দায়িত্বশীল উপভোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে বহনক্ষম জীৱনশৈলীৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিৰ আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বহনক্ষম উন্নয়নৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিৱেশ সুৰক্ষাক স্বীকৃতি প্ৰদান কৰি ভাৰতৰ সাংবিধানিক ন্যায়শাস্ত্ৰই বিশ্বৰ পৰিৱেশ সম্পৰ্কীয় চিন্তা-চৰ্চালৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগ ‘মিছন লাইফ’ৰ উল্লেখ কৰি তেওঁ কয় যে এই অভিযানে সমগ্ৰ বিশ্বৰ ব্যক্তি আৰু সম্প্ৰদায়সমূহক পৰিৱেশৰ প্ৰতি দায়িত্বশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰযুক্তিয়ে মানৱতাৰ সেৱা কৰিব লাগিব আৰু সাংবিধানিক মূল্যবোধৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। তেওঁ কয় যে উদ্ভাৱনে নাগৰিকসকলক সবলীকৰণ কৰা, স্বচ্ছতা শক্তিশালী কৰা আৰু সুযোগৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিব লাগে।এই যাত্ৰাত বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আইনী শিক্ষাই কেৱল পেছাগত দক্ষতা আহৰণতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ জৰিয়তে সাংবিধানিক মূল্যবোধৰ প্ৰতি সংবেদনশীলতা, নৈতিক নেতৃত্ব, সমালোচনাত্মক চিন্তাধাৰা আৰু সামাজিক বাস্তৱতাৰ গভীৰ উপলব্ধি গঢ়ি তুলিব লাগিব।

শ্ৰী চি পি ৰাধাকৃষ্ণণে ছাত্ৰ-ছাত্ৰীসকলক যুক্তিপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহলৈ গঠনমূলক অৱদান আগবঢ়োৱা জ্ঞানসম্পন্ন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় ল’বলৈ আহ্বান জনায়। তেওঁ কয় যে ‘বিকশিত ভাৰত @২০৪৭’ৰ দিশে ভাৰত আগবাঢ়ি যোৱাৰ সময়ত সাংবিধানিক মূল্যবোধসমূহ ৰাষ্ট্ৰৰ প্ৰগতিৰ মূল ভেটি হৈ থাকিব লাগিব। ভাষণৰ সামৰণিত তেওঁ সকলোকে নিজৰ জীৱনত পালন কৰা মূল্যবোধ আৰু নিষ্ঠাৰে সম্পাদন কৰা দায়িত্বসমূহৰ জৰিয়তে সংবিধানক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল শ্ৰী আৰ ভেংকটৰমণি, বেনেট বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ তথা টাইমছ গ্ৰুপৰ পৰিচালন সঞ্চালক শ্ৰী বিনীত জৈন আৰু বেনেট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰাজ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

***

PR/ASM/VM/US


(ৰিলিজ আই ডি : 2339392) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Tamil , Malayalam