উপকূলৰ মনোমোহা সৌন্দৰ্য, প্ৰাণৱন্ত ঐতিহ্য আৰু অতুলনীয় আতিথ্যৰ বাবে সুদীৰ্ঘ দিন ধৰি বিশ্বজুৰি সুপৰিচিত গোৱাৰ আন এক দিশো আছে, যিয়ে সমানেই গুৰুত্ব আৰু মনোযোগৰ দাবী কৰে। সেয়া হৈছে গোৱাৰ নিজস্ব কাহিনী আৰু সেই কাহিনীৰ আঁৰত থকা মানুহবোৰ। ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত বিশেষভাৱে নিৰ্বাচিত চলচ্চিত্ৰৰ এক সম্ভাৰে গোৱাৰ এই দিশটো ৰূপালী পৰ্দাত তুলি ধৰিছে। এই চলচ্চিত্ৰসমূহত এনে জীৱন, সম্পৰ্ক, স্মৃতি আৰু অভিজ্ঞতাৰ অন্বেষণ কৰা হৈছে, যিবোৰ স্থানীয় জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত হোৱাৰ লগতে বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহৰ বাবেও সমানেই প্ৰাসংগিক।
২১ৰ পৰা ২৮ নৱেম্বৰলৈ পাণাজীৰ ইনক্স(INOX)-ত প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰিত এই চলচ্চিত্ৰসমূহৰ সংকলনে আৱেগৰ এক বিস্তৃত পৰিসৰ সামৰি লৈছে। নিজৰ বিবেকৰ সৈতে সংঘাতত লিপ্ত এগৰাকী বৃদ্ধা মহিলা, অতীতৰ কাহিনী পুনৰ উন্মোচিত হোৱা পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এগৰাকী স্থানীয় বীৰ, পৰিয়ালৰ সৈতে পুনৰ সম্পৰ্ক স্থাপনৰ আশাৰে আগবঢ়া এগৰাকী কন্যা আৰু নিজৰ পূৰ্বপুৰুষৰ বাসগৃহ ৰক্ষাৰ বাবে যুঁজ দিয়া এগৰাকী বৃদ্ধ গঞাৰ কাহিনীয়ে এই চলচ্চিত্ৰসমূহত প্ৰতিফলিত মানৱীয় অভিজ্ঞতাৰ বৈচিত্ৰ্য দাঙি ধৰিছে।
কোংকণী আৰু মাৰাঠী ভাষাৰ এই নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ সম্ভাৰত পূৰ্ণদৈৰ্ঘ্যৰ আৰু চুটি চলচ্চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই চলচ্চিত্ৰসমূহত পাৰিবাৰিক সম্পৰ্ক, সামাজিক বাস্তৱতা, ব্যক্তিগত সংগ্ৰাম, পৰিচয়, শৈশৱ, নিঃসংগতা আৰু আত্ম-আৱিষ্কাৰকে ধৰি বিভিন্ন বিষয়ৰ বিস্তৃত পৰিসৰ সামৰি লোৱা হৈছে। গভীৰ ব্যক্তিগত অনুভূতিৰ আধাৰত নিৰ্মিত কাহিনীৰ পৰা আৰম্ভ কৰি ব্যতিক্ৰমী হাস্যৰসাত্মক চলচ্চিত্ৰ আৰু চিন্তাৰ খোৰাক যোগোৱা নাট্যধৰ্মী চলচ্চিত্ৰলৈকে, এই সম্ভাৰে দৰ্শকক গোৱাত ক্ৰমবিকাশমান চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰাটোৰ এক আকৰ্ষণীয় আভাস প্ৰদান কৰিব।
গোৱাৰ চলচ্চিত্ৰৰ নিৰ্বাচিত সম্ভাৰৰ এক আভাস:
এনচেছাও (ANCESSAO)

পৰিচালক: মংগিৰিশ জে. বন্দোদকৰ | ভাষা: কোংকণী | দৈৰ্ঘ্য: ৩০ মিনিট
গোৱাৰ এখন নিস্তব্ধ গাঁৱৰ পটভূমিত নিৰ্মিত এনচেছাও (Ancessao)-ত এগৰাকী অকলশৰীয়া বৃদ্ধাৰ জীৱনৰ কাহিনী তুলি ধৰা হৈছে। আনৰ বিষয়ে কথা পাতি তেওঁ নিজৰ জীৱনৰ নিস্তব্ধতা দূৰ কৰিবলৈ চেষ্টা কৰে। নিজৰ দুখ-বেদনাৰ মুখামুখি হ’ব নোৱাৰা বৃদ্ধাগৰাকীয়ে অৱশেষত উপলব্ধি কৰে যে আনৰ বিষয়ে চৰ্চা কৰাটো তেওঁৰ মনৰ গভীৰতাত থকা এক নুশুকুৱা ক্ষত ঢাকি ৰখাৰ উপায়হে। বিবেকে তেওঁক নিজৰ আচৰণ সলনি কৰিবলৈ প্ৰেৰণা যোগোৱাত তেওঁ নিজকে শুধৰাই লোৱাৰ সংকল্প গ্ৰহণ কৰে। কিন্তু এই পৰিৱৰ্তন বেছি দিন স্থায়ী নহয়।
উমেশ (UMESH)

পৰিচালক: বৰ্ধন বিজয়কুমাৰ কামট | ভাষা: কোংকণী | দৈৰ্ঘ্য: ১ ঘণ্টা ৩৯ মিনিট
এসময়ত স্থানীয় অঞ্চলৰ এগৰাকী প্ৰশংসিত বীৰ হিচাপে পৰিচিত উমেশে বৰ্তমান গোৱাৰ এখন গাঁৱত লোকচক্ষুৰ আঁৰত নিঃসংগ জীৱন কটাইছে। সৰু-সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰা উমেশক অতীতৰ এক অমীমাংসিত ঘটনাই আজিও খেদি ফুৰে। তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যেৰে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা এণ্টন আৰু ৰোহন তেওঁৰ ওচৰলৈ অহাৰ পিছতে তেওঁৰ জীৱনে এক অপ্ৰত্যাশিত গতি লয়। স্থানীয় লোকৰ মাজত প্ৰচলিত উৰাবাতৰি আৰু আধৰুৱা সত্যৰ আঁত ধৰি আগবাঢ়োঁতে তেওঁলোকে উমেশৰ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এক প্ৰতিভা আৰু তেওঁৰ নিঃসংগ জীৱনৰ আঁৰৰ যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সন্ধান পায়। তেওঁলোকৰ মাজত ক্ৰমাৎ বিশ্বাসৰ সম্পৰ্ক গঢ় লৈ উঠাৰ লগে লগে কেমেৰাৰ প্ৰতি উমেশৰ সন্দেহো বাঢ়িবলৈ ধৰে। উমেশ (Umesh)-ত পৰিচয়, বিশ্বাস আৰু পাহৰণিৰ গৰ্ভত হেৰাই যোৱা ঐতিহ্যৰ মূল্যৰ দৰে বিষয়সমূহৰ অন্বেষণ কৰা হৈছে।
শকুন্তলা (SHAKUNTALA)

পৰিচালক: প্ৰসাদ এম. নায়ক | ভাষা: কোংকণী | দৈৰ্ঘ্য: ১১ মিনিট
প্ৰেম, পৰিচয় আৰু পৰম্পৰাক কেন্দ্ৰ কৰি নিৰ্মিত এক আৱেগিক পাৰিবাৰিক ছবি শকুন্তলা (Shakuntala)-ত এগৰাকী মহিলাৰ কাহিনী তুলি ধৰা হৈছে। নিজৰ চুবুৰীৰ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী পুৰুষৰ সৈতে বিয়া হোৱাৰ পিছত তেওঁ ৰক্ষণশীল পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰে। বহু বছৰৰ পিছত পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো তেওঁক পিতৃৰ শেষকৃত্যত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহয়। মৃত্যুৰ দ্বাদশ দিনৰ ধৰ্মীয় অনুষ্ঠান ওচৰ চাপি অহাৰ লগে লগে শকুন্তলাই সাহস গোটাই শৈশৱৰ ঘৰখনলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। এই যাত্ৰাত তেওঁ অতীতৰ সংঘাত আৰু সমাজৰ বিচাৰৰ মুখামুখি হয়। তেওঁৰ এই যাত্ৰা কেৱল এটা ধৰ্মীয় ৰীতি পালন কৰাৰ বাবেই নহয়, বৰং এগৰাকী কন্যা হিচাপে পৰিয়ালত নিজৰ প্ৰাপ্য স্থান পুনৰ অধিকাৰ কৰা আৰু প্ৰেমে পৰম্পৰাৰ সীমা অতিক্ৰম কৰিব পাৰেনে, সেই প্ৰশ্ন উত্থাপন কৰাৰো এক প্ৰয়াস।
পূৰ্ণতা (PURNATA)

পৰিচালক: শ্ৰৱণ কাংকোনকাৰ | ভাষা: কোংকণী | দৈৰ্ঘ্য: ২৫ মিনিট
জায়ো নামৰ এধাৰ জেছমিন ফুলৰ মালাৰ যাত্ৰাৰ মাজেৰে পূৰ্ণতা (Purnata)-ই সেই মালাডালে স্পৰ্শ কৰা বিভিন্ন জীৱনৰ কাহিনী তুলি ধৰিছে। সুখ-দুখৰ বিভিন্ন মুহূৰ্তত ই মানুহৰ জীৱনলৈ সান্ত্বনা, আশা আৰু আনন্দ কঢ়িয়াই আনে। ফুলবোৰ ক্ৰমাৎ মৰহি যাবলৈ ধৰিলেও সেই মালাডালে মানুহৰ জীৱন সুন্দৰ কৰি তোলাৰ কাম অব্যাহত ৰাখে। চলচ্চিত্ৰখনে জীৱন আৰু জীৱনৰ উদ্দেশ্যৰ ধাৰাবাহিকতাৰ বিষয়ে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰে। ইয়াৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে যে এটা জীৱনৰ সামৰণি পৰিলেও আন এটা জীৱনে সেই যাত্ৰা আগবঢ়াই নিয়ে।
নইজ (NOISE)

পৰিচালক: সুবিধা তোৰগাল বাখলে | ভাষা: কোংকণী | দৈৰ্ঘ্য: ১৬ মিনিট
মানুহৰ আচৰণ আৰু পাৰস্পৰিক সম্পৰ্কৰ এক অন্তৰংগ অন্বেষণ নইজ (Noise)-ত তাৰাৰ কাহিনী তুলি ধৰা হৈছে। এক অশান্তিপূৰ্ণ সম্পৰ্ক আৰু বাৰে বাৰে ঘূৰি অহা মানসিক অশান্তিৰ কাৰণ হৈ পৰা আচৰণৰ পৰা মুক্ত হ’বলৈ তেওঁ সংগ্ৰাম কৰে। নিজকে সুস্থ কৰি তুলি জীৱনত আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰিলেও তেওঁ বাৰে বাৰে চিনাকি পৰিৱেশ আৰু অভ্যাসৰ প্ৰতি আকৰ্ষিত হৈ পৰে। চলচ্চিত্ৰখনত বাৰে বাৰে দেখা দিয়া এখন পুৰণি ফেনক এনে আচৰণৰ পুনৰাবৃত্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে চলচ্চিত্ৰখনে এই কথাটো প্ৰতিফলিত কৰিছে যে সলনি হোৱাৰ প্ৰয়োজন উপলব্ধি কৰাৰ পিছতো নিজৰ আচৰণ সলনি কৰাটো সহজ নহয়।
দৰিয়া (DARYAA)

পৰিচালক: কিশোৰ অৰ্জুন | ভাষা: মাৰাঠী | দৈৰ্ঘ্য: ২৫ মিনিট
দৰিয়া (Daryaa) আকাশ নামৰ এগৰাকী ল’ৰাৰ কাহিনী। চেৰিব্ৰেল পালছি (Cerebral Palsy)-ত আক্ৰান্ত আৰু দৃষ্টিশক্তিহীন আকাশে কেতিয়াও সাগৰ দেখা নাই। কাহিনী, শব্দ আৰু কল্পনাৰ জৰিয়তেহে তেওঁ সাগৰৰ বিষয়ে জানে। এদিন ককাকে তেওঁক লৈ অপ্ৰত্যাশিতভাৱে সাগৰৰ পাৰলৈ যাত্ৰা কৰে। তাতেই আকাশে ইমান দিনে সপোনত দেখি অহা এখন নতুন পৃথিৱীৰ মুখামুখি হয়। চলচ্চিত্ৰখনে সাগৰক প্ৰথমবাৰৰ বাবে অনুভৱৰ গভীৰ অভিজ্ঞতা তুলি ধৰাৰ লগতে এই কথাও সোঁৱৰাই দিয়ে যে দেখা বা উপলব্ধি কৰাৰ বাবে সদায় চকুৰ দৃষ্টিশক্তিৰ প্ৰয়োজন নহয়।
পাৰফেক্ট শ্বট (PERFECT SHOT)

পৰিচালক: সংকল্প সাইনাথ পৰব | ভাষা: কোংকণী | দৈৰ্ঘ্য: ১৪ মিনিট
চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষাৰ্থী যুৱতী বসুধাৰ বাবে এক নিখুঁত চলচ্চিত্ৰীয় ফ্ৰেমৰ সন্ধান এক আসক্তিত পৰিণত হৈছে। সোণালী অনুপাত (Golden Ratio), সমতা আৰু তৃতীয়াংশৰ নিয়ম (Rule of Thirds)-এ তেওঁৰ এই অনুসন্ধানক বিশেষভাৱে প্ৰভাৱিত কৰে। একে সময়তে, প্ৰয়াত পিতৃৰ প্ৰতি মনত পুহি ৰখা অমীমাংসিত আৱেগৰ সৈতেও তেওঁ যুঁজি থাকে। তেওঁৰ বিশ্বাস, পিতৃয়ে তেওঁৰ বাবে কোনো মূল্যৱান সম্পদ এৰি থৈ যোৱা নাই। স্মৃতিবোৰ পুনৰ উভতি অহাৰ লগে লগে দৃশ্যগত নিখুঁততাৰ সন্ধানত কৰা তেওঁৰ প্ৰচেষ্টা এক ব্যক্তিগত আত্ম-আৱিষ্কাৰৰ যাত্ৰালৈ ৰূপান্তৰিত হয়। চলচ্চিত্ৰখনে আমাৰ সম্পৰ্কসমূহে আমাৰ দৃষ্টিভংগী আৰু সৃষ্টিশীলতাক কেনেদৰে গঢ় দিয়ে, সেই বিষয়ে অন্বেষণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰকাশ পাইছে যে অৰ্থপূৰ্ণ কাহিনী কোৱাৰ কলা চলচ্চিত্ৰ নিৰ্মাণৰ কাৰিকৰী নিয়মৰ বহু ঊৰ্ধ্বত।
বাপো কালে (BAPO KALE)

পৰিচালক: ক্ৰিশা ৰাউল | ভাষা: কোংকণী | দৈৰ্ঘ্য: ২৪ মিনিট
মাউছি গাঁৱৰ পটভূমিত নিৰ্মিত বাপো কালে (Bapo Kale) এগৰাকী বৃদ্ধৰ কাহিনী। জৰুৰীকালীন স্থানান্তৰৰ অনুশীলন তেওঁৰ ঘৰৰ দুৱাৰডলিত উপস্থিত হোৱাৰ পিছতো তেওঁ নিজৰ পূৰ্বপুৰুষৰ ভেটীৰ ঘৰখন এৰি যাবলৈ অস্বীকাৰ কৰে। সাধাৰণ অনুশীলন হিচাপে আৰম্ভ হোৱা এই কাৰ্যই তেওঁৰ মনত ঘৰ-বাৰী এৰি যাবলগীয়া হোৱা, হেৰাই যোৱা বাসগৃহ আৰু সলনি হৈ অহা গাঁওখনৰ বহু পুৰণি স্মৃতি পুনৰ জগাই তোলে। উত্তেজনাপূৰ্ণ নিশা এটা বাপো আৰু তেওঁৰ পত্নী ভাগীয়ে কৰ্তৃপক্ষৰ সৈতে মুখামুখি হোৱাৰ সময়ত তেওঁলোকৰ ঘৰখন পৰিচয়, মৰ্যাদা, স্মৃতি আৰু মাটিৰ সৈতে থকা চিৰস্থায়ী সম্পৰ্কৰ এক শক্তিশালী প্ৰতীক হৈ পৰে ।
উডৱৰ্ম (ৰোটো)

পৰিচালক: অখিল ল’টলিকৰ | ভাষা: কোংকণী | দৈৰ্ঘ্য: ২২ মিনিট
উডৱৰ্ম (ৰোটো)ত এগৰাকী দৃঢ়মনা ক্লিনিকৰ অভ্যৰ্থনা কৰ্মীৰ কাহিনী তুলি ধৰা হৈছে। পৰিয়ালৰ বিশৃংখল পৰিস্থিতিৰ মাজতো তেওঁ ভনীয়েকক বিদ্যালয়ৰ এখন প্ৰতিযোগিতাত জয়ী হোৱাত সহায় কৰিবলৈ চেষ্টা কৰে। কিন্তু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব আৰু ভনীয়েকৰ সপোন-আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে এক অপ্ৰত্যাশিত বিপদে ক্ৰমাৎ তেওঁক আগুৰি ধৰিবলৈ ধৰে।
চিয়াৰ্ছ! (CHEERS!)

পৰিচালক: অনুৰাগ বেৰ্দেকৰ | ভাষা: কোংকণী | দৈৰ্ঘ্য: ১৯ মিনিট
একঘেয়ামী দৈনন্দিন জীৱনত অতিষ্ঠ হৈ দুজন কিশোৰে এখন বাছত উঠি প্ৰাপ্তবয়স্কৰ অচিনাকি জগতলৈ লক্ষ্যহীন যাত্ৰা আৰম্ভ কৰে। তেওঁলোকৰ এই দুঃসাহসিক যাত্ৰাই তেওঁলোকক এটা পুৰণি দুৰ্গ, নদীৰ ফেৰী আৰু অৱশেষত এটা নিৰ্জন জলপ্ৰপাতৰ ওচৰলৈ লৈ যায়। তাতেই তেওঁলোকে হঠাতে জীৱনত প্ৰথমবাৰৰ বাবে সুৰাযুক্ত পানীয় কিনিবলৈ সিদ্ধান্ত লয়। নিজৰ বয়স লুকুৱাবলৈ কৰা তেওঁলোকৰ ব্যৰ্থ চেষ্টাই তেওঁলোকৰ অসহায় অৱস্থা উন্মোচন কৰে আৰু তেওঁলোকৰ মনত এই উপলব্ধি জন্মায় যে প্ৰাপ্তবয়স্কৰ জগতখন তেওঁলোকে কল্পনা কৰাতকৈ বহু বেছি জটিল। চিয়াৰ্ছ! (Cheers!)-ত ডাঙৰ হৈ অহাৰ সময়ছোৱাৰ কৌতূহল, নিষ্পাপ সৰলতা আৰু অনিশ্চয়তাসমূহ সুন্দৰকৈ তুলি ধৰা হৈছে। অৱশেষত ল’ৰা দুজনে পৃথিৱীখনৰ প্ৰতি কিছু পৰিৱৰ্তিত দৃষ্টিভংগী লৈ ঘৰলৈ উভতি আহে।
মিডিয়াম পিচ (MEDIUM PIECE)

পৰিচালক: জয় আমোনকাৰ | ভাষা: মাৰাঠী | দৈৰ্ঘ্য: ২৩ মিনিট
গাঁৱৰ পটভূমিত নিৰ্মিত এই তিক্ত-মধুৰ হাস্যৰসাত্মক ছবিখনত এখন কচাইৰ দোকানৰ পৰা এটা কুকুৰা পলাই যোৱাৰ ঘটনাই এক অদ্ভুত পৰিঘটনাৰ সূচনা কৰে। বাৰে বাৰে কুকুৰা হেৰুওৱাৰ বাবে দোষাৰোপৰ সন্মুখীন হোৱা কচাইজনে ইয়াৰ এক ব্যতিক্ৰমী সমাধান উলিয়ায়। চৰাইবোৰক মনোৰঞ্জন দিবলৈ তেওঁ এটা টেলিভিছন স্থাপন কৰে। কিন্তু অতি সোনকালেই তেওঁ নিজেই টেলিভিছনৰ প্ৰতি আসক্ত হৈ পৰে। ইয়াৰ প্ৰভাৱ তেওঁৰ আচৰণ, দায়িত্ব আৰু পত্নীৰ সৈতে থকা সম্পৰ্কৰ ওপৰতো পৰে। এদিন টেলিভিছনটো বিকল হোৱাত আটাইকেইটা কুকুৰা পলাই যায়। ফলত কচাইজন নিয়োগকৰ্তাৰ শাস্তি আৰু ঘৰত প্ৰত্যাখ্যানৰ সন্মুখীন হয়। বন্দিত্ব আৰু মুক্তিৰ আকাংক্ষাৰ মাজত দোদুল্যমান এজন মানুহৰ এই ব্যতিক্ৰমী কাহিনীৰ জৰিয়তে মিডিয়াম পিচ (Medium Piece)-এ নিঃসংগতা, আধুনিক জীৱনৰ মনোযোগ বিচ্ছিন্ন কৰা উপাদান আৰু দৈনন্দিন জীৱনৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অনাকাংক্ষিত পৰিণতিসমূহৰ অন্বেষণ কৰিছে।
হেল্থ চেণ্টাৰ (HEALTH CENTRE)

পৰিচালক: অনুপ সৰদেশাই | ভাষা: কোংকণী | দৈৰ্ঘ্য: ২ ঘণ্টা ৭ মিনিট
বিশৃংখল পৰিস্থিতিৰে ভৰা এটা চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ পটভূমিত নিৰ্মিত হেল্থ চেণ্টাৰ (Health Centre)-ত কেন্দ্ৰটোৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শ্ৰীধৰ কামাটৰ কাহিনী বৰ্ণনা কৰা হৈছে। প্ৰভাৱশালী অভিযুক্ত অজয়ৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ উঠাই ল’বলৈ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰাৰ ফলত ধৰ্ষণৰ বলি হোৱা যুৱতী সুৰভি এক সংকটজনক পৰিস্থিতিৰ সন্মুখীন হয়। এই ঘটনাই ডাঃ কামাটক এক নৈতিক সংকটৰ মুখামুখি কৰায়। ইফালে, স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ মাজতে তেওঁ চিকিৎসালয়খনৰ সীমিত সুবিধাৰ ওপৰত নিৰ্ভৰশীল কোমাত থকা এগৰাকী ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও সংগ্ৰাম কৰে। ৰোগীগৰাকীৰ কন্যা মনীষাৰ বাবে চিকিৎসালয়খনৰ সহায়েই একমাত্ৰ ভৰসা।
অৱশেষত ভয়-ভাবুকিৰ ওচৰত সুৰভিয়ে হাৰ মানি অভিযোগ উঠাই লোৱাত ডাঃ কামাটে নিজ হাতেৰে ন্যায় প্ৰতিষ্ঠাৰ পথ বাছি লয়। প্ৰতিবাদস্বৰূপে পদত্যাগ কৰাৰ পূৰ্বে তেওঁ গোপনে অজয়ৰ শৰীৰত মাৰাত্মক বেজী প্ৰয়োগ কৰে। একে সময়তে কোমাত থকা ৰোগীগৰাকীৰ জীৱন-ৰক্ষাকাৰী ব্যৱস্থা অব্যাহত ৰখাৰো নিশ্চিতি প্ৰদান কৰে। দহ বছৰৰ পিছত তেওঁৰ কৰ্মৰাজিৰ প্ৰভাৱ পুনৰ পোহৰলৈ আহে, যেতিয়া তেওঁৰ পুত্ৰ ৰাজে এখন নতুন চিকিৎসা প্ৰতিষ্ঠানত যোগদান কৰি এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ সংস্পৰ্শলৈ আহে। পিছত জনা যায় যে সেই চিকিৎসকগৰাকী আন কোনো নহয়, সুৰভিয়েই।
২০০৪ চনৰ পৰাই গোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ স্থায়ী আয়োজনস্থলী হিচাপে পৰিগণিত হৈ আহিছে। প্ৰতি বছৰে নৱেম্বৰ মাহত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী আৰু সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক গোৱাই আদৰণি জনাই আহিছে। ২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত ৫৭ সংখ্যক এই মহোৎসৱে ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত ভৌগোলিক, ভাষিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰিব পৰা চলচ্চিত্ৰৰ শক্তিকে উদযাপন কৰিছে। উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ জৰিয়তে দৰ্শকক সংযুক্ত কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ ভূমিকাকো এই মহোৎসৱে বিশেষভাৱে প্ৰতিফলিত কৰিছে।
গোৱাৰ চলচ্চিত্ৰৰ এই নিৰ্বাচিত সম্ভাৰে মহোৎসৱৰ এই মূল ভাবনাৰ যথাৰ্থ প্ৰতিফলন ঘটাইছে। গোৱাৰ দৈনন্দিন জীৱন, সাংস্কৃতিক পৰম্পৰা আৰু সামাজিক বাস্তৱতাৰ সৈতে গভীৰভাৱে সম্পৃক্ত এই ১২খন চলচ্চিত্ৰই প্ৰমাণ কৰিছে যে কোনো নিৰ্দিষ্ট ঠাইৰ পটভূমিত গঢ় লৈ উঠা কাহিনীয়েও সেই ঠাইৰ সীমা অতিক্ৰম কৰি সুদূৰ প্ৰান্তৰ দৰ্শকৰ মন চুব পাৰে।
পাৰিবাৰিক সম্পৰ্ক, পৰিচয়ৰ প্ৰশ্ন, শৈশৱ, নিঃসংগতা অথবা সামাজিক জীৱনৰ জটিল দিশসমূহৰ অন্বেষণৰ জৰিয়তে এই চলচ্চিত্ৰসমূহে স্থানীয় অভিজ্ঞতাৰ আধাৰত গঢ় লৈ উঠা বিভিন্ন দৃষ্টিভংগী দাঙি ধৰিছে। অৱশ্যে এই অভিজ্ঞতাসমূহক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে সাৰ্বজনীন মানৱীয় আৱেগে।
কোংকণী আৰু মাৰাঠী চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপনৰ জৰিয়তে ৫৭ সংখ্যক আইএফএফআই (IFFI)-এ এই কণ্ঠসমূহক নিজ নিজ সাংস্কৃতিক আৰু ভাষিক পৰিসৰৰ সীমা অতিক্ৰম কৰি বিশ্বৰ দৰ্শকৰ কাষ চাপিবলৈ এক সুযোগ সৃষ্টি কৰিছে। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে গোৱাক কেৱল এক পৰ্যটনস্থলী হিচাপেই নহয়, বৰং সেই ঠাইৰ মানুহৰ জীৱন, স্মৃতি আৰু কাহিনীৰ মাজেৰেও নতুনকৈ আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰিব। এই বছৰৰ মহোৎসৱৰ মূল বিষয়বস্তু ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’-ৰ অন্তৰ্নিহিত ভাবনাৰ সৈতে সংগতি ৰাখি এই নিৰ্বাচিত চলচ্চিত্ৰসমূহে আমাক সোঁৱৰাই দিয়ে যে কাহিনীৰ আৰম্ভণি কোনো নিৰ্দিষ্ট স্থানত হ’ব পাৰে, কিন্তু মানুহৰ মন স্পৰ্শ কৰা, তেওঁলোকক সংযুক্ত কৰা আৰু গভীৰভাৱে প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত তাৰ কোনো সীমা নাথাকে।
* * *
PIB IFFI Team | Rajith Chandran/ Rabee Hashmi/ Lekshmi Priya S S/ Bibin S Nath/ Darshana Rane | IFFI 57 - 041