57th International Film Festival of India 2026
20 – 28 Nov 2026

পাৱেল পাৱলিকৱস্কিৰ ‘ফাদাৰলেণ্ড’ৰ ভাৰতত প্ৰথম প্ৰদৰ্শনেৰে ৫৭ সংখ্যক আইএফএফআই (IFFI)-ৰ শুভাৰম্ভ; যুদ্ধোত্তৰ বিভক্ত জাৰ্মানীৰ বাস্তৱতাৰে পৰিচয় কৰালে দৰ্শকক

আইএফএফআই (IFFI)-ৰ ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ প্ৰতিফলন ঘটাইছে ‘ফাদাৰলেণ্ড’-এ : প্ৰযোজক ইৱা পুচিন্সকা

ভাৰত-পোলেণ্ডৰ বন্ধুত্বৰ আটাইতকৈ শক্তিশালী ভেটি হৈছে সংস্কৃতি: পিয়ট্ৰ এণ্টনী স্ৱিটালস্কি

পোষ্ট কৰা হৈছে: 20 NOV 2026 4:44PMby PIB Guwahatiৰিলিজ আই ডি : 2339261Views: 9

যুদ্ধৰ দ্বাৰা ক্ষত-বিক্ষত, মতাদৰ্শৰ ভিত্তিত বিভক্ত আৰু নিজৰ অতীতৰ গধুৰ বোজা বহন কৰি যুঁজি থকা এখন দেশৰ মাজেৰে কৰা  যাত্ৰাৰ কাহিনীৰে আজি গোৱাত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ শুভাৰম্ভ হয়।

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা পাৱেল পাৱলিকৱস্কিৰ ‘ফাদাৰলেণ্ড’(Ojczyzna)) নামৰ চলচ্চিত্ৰখনৰ ভাৰতত প্ৰথম প্ৰদৰ্শনেৰে নদিনীয়া এই মহোৎসৱৰ আজি আৰম্ভণি ঘটে। শীতল যুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত যুদ্ধোত্তৰ জাৰ্মানীৰ এখন মৰ্মস্পৰ্শী ছবি দাঙি ধৰা চলচ্চিত্ৰখনে দৰ্শকক দেশখনৰ সেই সময়ৰ বাস্তৱতাৰ সৈতে পৰিচয় কৰাই দিয়ে।

অস্কাৰ বঁটাপ্ৰাপক চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে পৰিচালনা কৰা ক’লা-বগা চলচ্চিত্ৰখনে নোবেল বঁটাপ্ৰাপক জাৰ্মান লেখক থমাছ মান আৰু তেওঁৰ কন্যা এৰিকাৰ কাহিনীৰ জৰিয়তে ইতিহাস, পাৰিবাৰিক সম্পৰ্ক আৰু বিভক্ত মাতৃভূমিৰ জটিল বাস্তৱতাক একেলগে তুলি ধৰিছে। চলচ্চিত্ৰখন চাবলৈ আইএনঅ’এক্স (INOX)-ৰ আটাইকেইটা প্ৰেক্ষাগৃহৰে আসন দৰ্শকেৰে সম্পূৰ্ণৰূপে ভৰি পৰে। নদিনীয়া মহোৎসৱৰ শুভাৰম্ভণিতে আজি দৰ্শকৰ উল্লেখযোগ্য সঁহাৰি পৰিলক্ষিত হয়।

 

চলচ্চিত্ৰখনৰ প্ৰদৰ্শনীৰ পূৰ্বে ফাদাৰলেণ্ড (Fatherland)-ৰ প্ৰযোজক শ্ৰীমতী ইৱা পুচিন্সকা, নতুন দিল্লীত থকা পোলেণ্ড দূতাৱাসৰ মিছন প্ৰধান শ্ৰী পিয়ট্ৰ এণ্টনী স্ৱিটালস্কি আৰু নতুন দিল্লীৰ পোলিশ্ব ইনষ্টিটিউটৰ সঞ্চালক শ্ৰীমতী মালগোৰজাটা ৱেইছিছ-গ’লবিয়াকে পাণাজীৰ আইএনঅ’এক্স (INOX)-ত ৰেড কাৰ্পেটত খোজ কাঢ়ে।

চলচ্চিত্ৰখনৰ বিষয়ে প্ৰযোজক শ্ৰীমতী ইৱা  পুচিন্সকাই উল্লেখ কৰে যে ফাদাৰলেণ্ড (Fatherland)   নিৰ্মাণৰ প্ৰক্ৰিয়াটোৱেই আইএফএফআই (IFFI)-ৰ মূল বিষয়বস্তুৰ অন্তৰ্নিহিত ভাবনাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে চলচ্চিত্ৰখনে এগৰাকী জাৰ্মান লেখক আৰু জাৰ্মান জনসাধাৰণৰ কাহিনী জাৰ্মান ভাষাত বৰ্ণনা কৰিলেও, ইয়াক সম্পূৰ্ণৰূপে পোলেণ্ডৰ মানুহৰ হৃদয় আৰু হাতেৰে নিৰ্মাণ কৰা হৈছে। তেওঁৰ মতে, ইয়াৰ মাজেৰে মহোৎসৱৰ ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ ভাবনা প্ৰতিফলিত হৈছে।

শ্ৰী পিয়ট্ৰ এণ্টনী স্ৱিটালস্কিয়ে কয় যে ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব বিভিন্ন দিশত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে যদিও সংস্কৃতিয়েই এই বন্ধুত্বৰ আটাইতকৈ শক্তিশালী ভেটি । তেওঁ লগতে কয় যে পাৱেল পাৱলিকৱস্কিয়ে পোলেণ্ডৰ পৰম্পৰাগত চলচ্চিত্ৰ নিৰ্মাণশৈলীত এক নতুন মনোযোগ আৰু দৃষ্টিভংগীৰ সংযোজন ঘটাইছে।

 

অতিথিসকলক সম্বৰ্ধনা জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কয় যে ফাদাৰলেণ্ড (Fatherland)-এ পোলেণ্ড আৰু ভাৰতৰ মাজৰ সৃষ্টিশীল সম্পৰ্ক উদযাপনৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে। অনুষ্ঠানত ৫৭ সংখ্যক আইএফএফআই (IFFI)-ৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰ, ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰ আৰু আইএফএফআই (IFFI)-ৰ কলাত্মক সঞ্চালক শ্ৰী পংকজ ছাক্সেনাও উপস্থিত থাকে।

বিভক্ত জাৰ্মানীৰ মাজেৰে পিতৃ-কন্যাৰ এক যাত্ৰা

১৯৪৯ চনৰ গ্ৰীষ্মকালত, ক্ৰমে গা কৰি উঠা শীতল যুদ্ধৰ পটভূমিত নিৰ্মিত ফাদাৰলেণ্ড (Fatherland)-এ থমাছ মান আৰু তেওঁৰ কন্যা এৰিকাৰ কাহিনী তুলি ধৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ১৬ বছৰ নিৰ্বাসিত জীৱন কটোৱাৰ পিছত তেওঁলোক জাৰ্মানীলৈ উভতি আহে। দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ চিন তেতিয়াও বহন কৰি থকা দেশখনৰ মাজেৰে এখন ক’লা ৰঙৰ বিউইক (Buick) গাড়ীত পিতৃ-কন্যাৰ যুটিটো আমেৰিকাৰ প্ৰশাসনৰ অধীনস্থ ফ্ৰেংকফুৰ্টৰ পৰা ছোভিয়েট নিয়ন্ত্ৰিত ৱাইমাৰলৈ আগবাঢ়ে।

মানৰ বাবে জাৰ্মানীলৈ উভতি অহাটো কেৱল স্বদেশলৈ প্ৰত্যাৱৰ্তন নহয়। বৰঞ্চ ই হৈছে যুদ্ধৰ ফলত ৰূপ সলনি হোৱা আৰু ৰাজনৈতিক মতাদৰ্শৰ পাৰস্পৰিক সংঘাতত বিভক্ত হৈ পৰা এখন মাতৃভূমিৰ সৈতে পুনৰ মুখামুখি হোৱাৰ এক অভিজ্ঞতা। যাত্ৰা আগবঢ়াৰ লগে লগে দেশখনৰ বিভাজনৰ প্ৰতিফলন মান পৰিয়ালৰ জটিল সম্পৰ্কসমূহতো দেখা যায়। ইয়াৰ ফলত আপোনত্বৰ অনুভৱ, পৰিচয়, স্মৃতি আৰু পুনৰ মিলনৰ প্ৰশ্নসমূহ অধিক স্পষ্টভাৱে উন্মোচিত হয়।

ছেণ্ড্ৰা হুলাৰ আৰু হান্স জিশ্বলাৰক মুখ্য চৰিত্ৰত লৈ নিৰ্মাণ কৰা ৮২ মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰখন পোলেণ্ড, জাৰ্মানী, ইটালী আৰু ফ্ৰান্সৰ যৌথ প্ৰযোজনা। চলিত বৰ্ষত কাঁন, ছান ছেবাষ্টিয়ান আৰু টেলুৰাইডকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখন ইতিমধ্যে প্ৰদৰ্শিত হৈছে। এই চলচ্চিত্ৰখনৰ বাবে পাৱলিকৱস্কিয়ে কাঁন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

ইয়াত পঢ়ক ইফিলইড (IFFILOID): https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

  * * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Bibin Nath/ Darshana Rane | IFFI 57 - 040


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339261
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026