57th International Film Festival of India 2026
20 – 28 Nov 2026

‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’: ৫৭ সংখ্যক আইএফএফআই (IFFI)-ত ভৌগোলিক আৰু সামাজিক-সাংস্কৃতিক সীমাৰ পৰিধি অতিক্ৰম কৰি চলচ্চিত্ৰৰ উদযাপন

৫৭ সংখ্যক সংস্কৰণৰ পৰিকল্পনা আৰু দৃষ্টিভংগীৰ ওপৰত আলোকপাত মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱাৰিকৰৰ; সংবাদ মাধ্যমক চলচ্চিত্ৰৰ বিভিন্ন শাখা অন্বেষণ কৰাৰ লগতে মহোৎসৱৰ বিশ্বজনীন আকৰ্ষণ প্ৰদৰ্শন কৰিবলৈ আহ্বান

পোষ্ট কৰা হৈছে: 20 NOV 2026 2:09PMby PIB Guwahatiৰিলিজ আই ডি : 2339080Views: 3

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ সমান্তৰালভাৱে  গোৱাৰ পাণাজীত থকা পিআইবি (PIB)ৰ সংবাদ মাধ্যম কেন্দ্ৰত আজি সংবাদ মাধ্যমৰ সৈতে  মত-বিনিময় অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৫৭ সংখ্যক আইএফএফআই (IFFI)ৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং উপস্থিত থাকে। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (PIB)ৰ পশ্চিম মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰীমতী স্মিতা বৎস শৰ্মাই অনুষ্ঠানটো পৰিচালনা কৰে।

সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় অনুষ্ঠানত শ্ৰী আশুতোষ গোৱাৰিকৰে ৫৭ সংখ্যক আইএফএফআই (IFFI)ৰ পৰিকল্পনা আৰু দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। এইবাৰৰ মহোৎসৱৰ মূল বিষয়বস্তু হৈছে ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’। তেওঁ ব্যাখ্যা কৰে যে এই বিষয়বস্তু কেৱল ভৌগোলিক আৰু আঞ্চলিক সীমাৰ পৰিধিতে আবদ্ধ নহয়; বৰঞ্চ পৰিয়াল আৰু সমাজৰ মাজত থকা বিভাজনসমূহো ইয়াৰ অন্তৰ্ভুক্ত। জাতিভেদ, সামাজিক পাৰ্থক্য আৰু অন্যান্য সামাজিক-সাংস্কৃতিক বাস্তৱতাৰ ফলত সৃষ্টি হোৱা বিভাজনসমূহো ইয়াৰ ভিতৰত পৰে। এনে সীমা অতিক্ৰম কৰা আৰু বিভিন্ন সংস্কৃতিৰ মাজত থকা উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ প্ৰতিফলন ঘটোৱা কাহিনীবোৰক একত্ৰিত কৰাই এই মহোৎসৱৰ লক্ষ্য।

মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া বিভিন্ন ধৰণৰ চলচ্চিত্ৰৰ বিষয়ে শ্ৰী গোৱাৰিকৰে ঘোষণা কৰে যে এইবাৰ তিনিটা নতুন শাখা সংযোজন কৰা হৈছে। সেইকেইটা হৈছে এনিমেশ্যন (Animation), তথ্যচিত্ৰ (Documentary) আৰু চলচ্চিত্ৰ সম্পৰ্কীয় চলচ্চিত্ৰ (Films about Films)। তেওঁ তথ্যচিত্ৰৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা উল্লেখ কৰাৰ লগতে তথ্যচিত্ৰ নিৰ্মাতাসকলক অধিক পৰিচিতি আৰু সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পদক্ষেপৰ অংশ হিচাপে শেহতীয়াকৈ সামৰণি পৰা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)-ৰ বিজয়ীসকলৰ চলচ্চিত্ৰক লৈ আইএফএফআই (IFFI)-ত এক বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব।

মহোৎসৱৰ বিভিন্নধৰণৰ কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে ৰেট্ৰ’স্পেক্টিভ (Retrospectives), নিৰ্বাচিত চলচ্চিত্ৰৰ বিশেষ প্ৰদৰ্শনী আৰু বিশেষ প্ৰদৰ্শনীকে ধৰি প্ৰতিটো শাখাই চলচ্চিত্ৰৰ সমৃদ্ধি আৰু বৈচিত্ৰ্য দাঙি ধৰাত অৰিহণা যোগায়। তেওঁ সংবাদ মাধ্যমৰ পেছাদাৰীসকলক নিজৰ নিজৰ চলচ্চিত্ৰৰ পছন্দৰ পৰিসৰৰ বাহিৰলৈ গৈ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী অন্বেষণ কৰিবলৈ আৰু বিশেষ প্ৰদৰ্শনী, ৰেড কাৰ্পেট অনুষ্ঠান, আন্তঃৰাষ্ট্ৰীয় সংবাদমেল তথা পেনোৰামা শাখাৰ  মত-বিনিময় অনুষ্ঠান আদিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁৰ মতে, এনে অনুষ্ঠানসমূহে চলচ্চিত্ৰ নিৰ্মাতা আৰু মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিসকলক নিজৰ কৰ্মৰাজি উপস্থাপন কৰাৰ সুযোগ দিয়াৰ লগতে দৰ্শকসকলকো চলচ্চিত্ৰৰ বিভিন্ন দৃষ্টিভংগীৰ সৈতে পৰিচিত হোৱাৰ সুবিধা প্ৰদান কৰে।

মহোৎসৱৰ প্ৰসাৰ বৃদ্ধিৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী গোৱাৰিকৰে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক ৰেট্ৰ’স্পেক্টিভ (Retrospectives)কে ধৰি বিভিন্ন শাখাৰ চলচ্চিত্ৰসমূহ উপভোগ কৰাৰ লগতে সেইবোৰৰ বিষয়ে সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায়। অৱশ্যে, তেওঁলোকক নিজৰ স্বতন্ত্ৰ বিচাৰ-বিবেচনা আৰু সমালোচনাত্মক দৃষ্টিভংগী অক্ষুণ্ণ ৰাখিবলৈও তেওঁ পৰামৰ্শ দিয়ে। তেওঁ জোৰ দি কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ মাজলৈ আইএফএফআই (IFFI)ৰ কাহিনী আৰু চলচ্চিত্ৰৰ সম্ভাৰসমূহ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সক্ৰিয় অংশগ্ৰহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মহোৎসৱৰ সমগ্ৰ সময়ছোৱাত মহোৎসৱৰ আয়োজক দল আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ মাজত অৰ্থপূৰ্ণ আৰু অনানুষ্ঠানিক মত-বিনিময়ৰ ব্যৱস্থা কৰিবলৈও তেওঁ আগ্ৰহ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ কৰ্মীসকলৰ পেছাগত ব্যস্ততাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মত-বিনিময়ৰ সময়সূচী এনেদৰে সালসলনি কৰা হৈছে, যাতে তেওঁলোকে সুবিধামতে  নিজকে খাপ খুৱাই ল’ব পৰাৰ লগতে মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ সংবাদ পৰিৱেশনৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে।

এই সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় অনুষ্ঠানতে শ্ৰী আশুতোষ গোৱাৰিকৰে ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ আনুষ্ঠানিক ব্ৰ’ছাৰ (Brochure)খনো উন্মোচন কৰে।

সংবাদ মাধ্যমৰ সৈতে অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত মহোৎসৱৰ দৃষ্টিভংগী আৰু কাৰ্যসূচীৰ অগ্ৰাধিকাৰসমূহৰ এক সামগ্ৰিক আভাস দিয়া হয়। লগতে, চলচ্চিত্ৰ আৰু আন্তঃসাংস্কৃতিক আদান-প্ৰদানৰ এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপে আইএফএফআই (IFFI)-ক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সক্ৰিয় অংশগ্ৰহণ আৰু সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয়।

ইয়াত পঢ়ক ইফিলইড (IFFILOID): https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Smita Saikia/ Darshana Rane | IFFI 57 - 039

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339080
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026