57th International Film Festival of India 2026
20 – 28 Nov 2026

কেমেৰাৰ দৃষ্টিৰে: ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজনৰ বাবে সাজু পানাজীৰ বিভিন্ন স্থান আৰু পৰিসৰ

পানাজীত ৫৭ সংখ্যক আই এফ এফ আইৰ আগজাননী দিছে বিভিন্ন আলোকসজ্জা আৰু সোণালী ময়ূৰৰ আৰ্হিয়ে।

পোষ্ট কৰা হৈছে: 19 NOV 2026 6:41PMby PIB Guwahatiৰিলিজ আই ডি : 2338863Views: 11

পানাজীৰ বিভিন্ন স্থানত অন্তিম পৰ্যায়ৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ লগে লগে ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) আয়োজনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱা। মহোৎসৱৰ বিভিন্ন স্থান আৰু ৰাজ্যখনৰ ৰাজধানী চহৰখনত শিল্পী আৰু অনুষ্ঠান আয়োজক দলসমূহে ‘সীমাহীন কাহিনী’ শীৰ্ষক মহোৎসৱৰ মূল বিষয়বস্তু উদযাপন কৰিবলৈ বিষয়ভিত্তিক আকৰ্ষণীয় সজ্জা, চলচ্চিত্ৰৰ ৰীলৰ আৰ্হিৰে নিৰ্মিত খোজকাঢ়ি পাৰ হ’ব পৰা সুৰংগ, প্ৰতিনিধিসকলৰ বাবে নিৰ্ধাৰিত কিয়স্ক আৰু আদৰণিমূলক তোৰণসমূহৰ নিৰ্মাণ তথা সজ্জাৰ কামত অন্তিম পৰশ দিছে।

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) অনুষ্ঠিত হোৱাৰ পূৰ্বে গোৱাৰ ৰাজধানী চহৰখন চলচ্চিত্ৰ আৰু সংস্কৃতিৰ এক বৰ্ণিল কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। মহোৎসৱৰ গুৰুত্বপূৰ্ণ স্থানসমূহ, যেনে  ই এছ জি কমপ্লেক্স, কলা একাডেমী আৰু পানাজীৰ আশে-পাশে থকা পথসমূহত ভাৰতৰ সমৃদ্ধ চলচ্চিত্ৰ ঐতিহ্য উদযাপন কৰা বিস্তৃত বিষয়ভিত্তিক সজ্জা আৰু আকৰ্ষণীয় শিল্পকৰ্ম স্থাপন কৰা হৈছে।

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ প্ৰৱেশস্থলত ময়ূৰৰ আৰ্হিৰে নিৰ্মিত এক বিশাল আদৰণি তোৰণ সাজু কৰি তোলা হৈছে।

 

 

গোৱাৰ পানাজীত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ প্ৰতীকচিহ্নৰ সৈতে ৰঙীন জ্যামিতিক আৰ্হিৰ সংমিশ্ৰণেৰে নিৰ্মিত এক আকৰ্ষণীয় দিনৰ সজ্জাই দৰ্শনাৰ্থীসকলক আদৰণি জনাইছে।

 

গোৱাৰ পানাজীত মহোৎসৱৰ স্থানত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) আৰু এনএফডিচিৰ আনুষ্ঠানিক তোৰণৰ তলত প্ৰদৰ্শিত চলচ্চিত্ৰৰ পোষ্টাৰসমূহে চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন ধাৰাৰ চলচ্চিত্ৰৰ সমাহাৰ উদযাপন কৰিছে।

 

মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে গোৱাৰ পানাজীত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI 2026)-ৰ বিভিন্ন সজ্জা আৰু ৰঙীন আৰ্হিৰে সুশোভিত পথ-বিভাজক দ্বীপাকাৰ অংশৰ  দৃশ্য।

 

 

গোৱাৰ পানাজীত মহোৎসৱৰ স্থানত গছ-গছনিৰে সুশোভিত পদপথৰ কাষে কাষে ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ আনুষ্ঠানিক প্ৰতীক চিহ্নযুক্ত নৱনিৰ্মিত প্ৰতিনিধি পঞ্জীয়ন আৰু তথ্য কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে।

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময়তে মহোৎসৱৰ চৌহদত চলচ্চিত্ৰৰ ৰীলৰ আৰ্হিৰে নিৰ্মিত এক বিশাল খোজকাঢ়ি পাৰ হ’ব পৰা সুৰংগৰ ভিতৰত অনুষ্ঠানৰ কৰ্মচাৰীসকলে চলচ্চিত্ৰৰ পোষ্টাৰ স্থাপন কৰিছে।

 

মহোৎসৱৰ উদ্বোধনৰ পূৰ্বে গোৱাৰ পানাজীত  সজ্জিত পথ-বিভাজক দ্বীপাকাৰ অংশ এটাত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI 2026)-ৰ এক বিশেষ সজ্জা স্থাপন কৰা হৈছে।

বৰ্ণিল ময়ূৰৰ পাখিৰ আৰ্হি আৰু ওপৰৰ পৰা তললৈ বৈ অহা বস্ত্ৰসজ্জাৰে সুশোভিত এক বিশাল আলোকসজ্জিত আদৰণিমূলক তোৰণে প্ৰতিনিধি আৰু চলচ্চিত্ৰপ্ৰেমীসকলক আদৰণি জনাইছে।

 

 

 

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পূৰ্বে গোৱাৰ পানাজীত মহোৎসৱৰ চৌহদত আলোকোজ্জ্বল ঐতিহ্যবাহী স্থাপত্য আৰু ওপৰৰ পৰা তললৈ বৈ অহা সৰু সৰু বিজুলিবাতিৰ মাজত আই এফ এফ আই (IFFI)-ৰ প্ৰতীকস্বৰূপ স্বৰ্ণ ময়ূৰৰ প্ৰতীকচিহ্নযুক্ত উজ্জ্বল ‘৫৭’ সংখ্যাৰ এক বিশেষ সজ্জা স্থাপন কৰা হৈছে।

 

উষ্ণ আভা বিয়পোৱা সৰু সৰু বিজুলিবাতিৰে সজোৱা চালি আৰু ৫৭ সংখ্যক আই এফ এফ আই( IFFI)-ৰ আনুষ্ঠানিক বেনাৰে গছ-গছনিৰে সুশোভিত পানাজীৰ পথসমূহতো এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰিছে।

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজনৰ বাবে সাজু হোৱাৰ সময়তে গোৱাৰ পানাজীত মাণ্ডৱী নদীৰ পাৰৰ পথসমূহ বৰ্ণিল এলইডি আলোকসজ্জা আৰু ময়ূৰৰ আৰ্হিৰে সজ্জিত ফলকেৰে আলোকিত হৈ উঠিছে।

 

* * *

PIB IFFI Team | Jaydevi Pujari/ Mohammad Aqib Khan/ Darshana Rane | IFFI 57 - 032


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2338863
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026