বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰোমত ভাৰত–ইটালী অৰ্থনৈতিক সহযোগিতাৰ যুটীয়া আয়োগৰ ২৩সংখ্যক অধিৱেশনত সহ-অধ্যক্ষতা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ

ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চত ভাষণ প্ৰদান শ্ৰী পীয়ূষ গোৱেলেৰ; ১২টা ষ্টাৰ্টআপসহ প্ৰায় ৮০জনীয়া ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ অংশগ্ৰহণ

উভয় পক্ষই ২০২৯ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০ বিলিয়ন ইউৰোত উপনীত কৰাৰ উমৈহতীয়া লক্ষ্য পুনৰ দৃঢ়তাৰে প্ৰকাশ

বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা সম্প্ৰসাৰণৰ ওপৰত আলোচনাসমূহত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 19 NOV 2026 1:01PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীযুষ গোৱেলে ২০২৬ চনৰ ১৮ নৱেম্বৰত ৰোমত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী মাননীয় শ্ৰীযুত এণ্টনিঅ’ তাজানিৰ সৈতে ভাৰত-ইটালী অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় যুটীয়া আয়োগৰ (জে চি ই চি) ২৩ সংখ্যক অধিৱেশনত সহ-অধ্যক্ষতা কৰে। মন্ত্ৰীদ্বয়ে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে ২০২৫–২০২৯ চনৰ যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা আৰু ২০২৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ভাৰত-ইটালী বিশেষ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।

আলোচনাত অটোম’বাইল আৰু মহাকাশ উদ্যোগ, উদ্যোগ ৪.০, কৃষি আৰু কৃষি-প্ৰযুক্তি, সংযোগ ব্যৱস্থা আৰু শক্তি, বিৰল খনিজ সম্পদ, বিজ্ঞান আৰু উদ্ভাৱন, সংস্কৃতি আৰু পৰ্যটন, দক্ষতা বিকাশ তথা উদ্যোগশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়সমূহ সামৰি লোৱা হয়। উভয় পক্ষই ভাৰতৰ ক্ৰমবৰ্ধমান উৎপাদন ক্ষমতা আৰু দক্ষ কৰ্মশক্তিৰ সৈতে ইটালীৰ উন্নত উৎপাদন ব্যৱস্থা, অভিযান্ত্ৰিক বিদ্যা, যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত থকা শক্তিশালী স্থিতিৰ পৰিপূৰক সম্ভাৱনাসমূহত গুৰুত্ব আৰোপ কৰে। লগতে উদ্যোগসমূহৰ অধিক অংশগ্ৰহণ, যুটীয়া উদ্যোগ স্থাপন, প্ৰযুক্তিগত অংশীদাৰিত্ব আৰু গোলকীয় মূল্য শৃংখলৰ সৈতে সংযুক্ত হোৱাৰ ক্ষেত্ৰত উভয় পক্ষই উৎসাহিত কৰে।

মন্ত্ৰীদ্বয়েও ভাৰত–ইউৰোপীয় সংঘৰ (ই ইউ) মুক্ত বাণিজ্য চুক্তি (এফ টি এ) সম্পৰ্কীয় আলোচনা সফলভাৱে সম্পূৰ্ণ হোৱাক আদৰণি জনায় আৰু বজাৰত প্ৰৱেশৰ সুবিধা সম্প্ৰসাৰণ, বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ বৃদ্ধি তথা যোগান শৃংখল শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই সন্দৰ্ভত তেওঁলোকে ২০২৯ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০ বিলিয়ন ইউৰোত উপনীত কৰাৰ উমৈহতীয়া লক্ষ্য পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। লগতে বাণিজ্যৰ বৈচিত্ৰ্য বৃদ্ধি আৰু বিনিয়োগৰ পৰিসৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

ভ্ৰমণকালত শ্ৰী পীয়ূষ গোৱেলে ১৭ নৱেম্বৰত ইটালীৰ আগশাৰীৰ কেইবাটাও কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ) আৰু জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়। এই কোম্পানীসমূহৰ ভিতৰত Walter Tosto S.p.A., Nordimpianti System, Atitech, Magaldi Group আৰু Bracco Group অন্যতম। বৈঠকসমূহত ভাৰতত বিনিয়োগ, উৎপাদন আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

মন্ত্ৰীগৰাকীয়ে ৰোমত অনুষ্ঠিত ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চতো ভাষণ প্ৰদান কৰে। এই মঞ্চত চৰকাৰৰ জ্যেষ্ঠ বিষয়ববীয়া, উদ্যোগ সংস্থাসমূহ আৰু ইটালীৰ কোম্পানীসমূহৰ লগতে ১২টা ষ্টাৰ্টআপসহ প্ৰায় ৮০জনীয়া ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। মঞ্চখন অনুষ্ঠিত হোৱাৰ পূৰ্বে শ্ৰী গোৱেলে ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰি ইটালী আৰু ইউৰোপৰ বৃহত্তৰ বজাৰত ভাৰতীয় ব্যৱসায়সমূহৰ বাবে থকা সুযোগ-সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ ভিতৰত ভাৰত–ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত সৃষ্টি হ’ব পৰা সুযোগসমূহো অন্তৰ্ভুক্ত আছিল।

দুয়োখন দেশৰ অৰ্থনীতিৰ পৰিপূৰক শক্তিৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহৰ সন্ধান কৰাৰ উদ্দেশ্যে এই মঞ্চৰ অংশ হিচাপে তিনিখন খণ্ডভিত্তিক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। ঔষধ আৰু ৰাসায়নিক সামগ্ৰী সম্পৰ্কীয় ঘূৰণীয়া মেজমেলত ঔষধ উৎপাদন, সক্ৰিয় ঔষধীয় উপাদান (এ পি আই), বিশেষ ৰাসায়নিক সামগ্ৰী, জৈৱ প্ৰযুক্তি আৰু যুটীয়া গৱেষণা তথা বিকাশৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ সুযোগসমূহ চিনাক্ত কৰা হয়।ঔদ্যোগিক যন্ত্ৰপাতি আৰু কৃষি-খাদ্য সম্পৰ্কীয় ঘূৰণীয়া মেজমেলত স্বয়ংক্ৰিয়কৰণ, প্ৰযুক্তি হস্তান্তৰ, খাদ্য সংসাধন যন্ত্ৰপাতি, শীতলীকৃত যোগান শৃংখলৰ আন্তঃগাঁথনি আৰু পেকেজিঙৰ ক্ষেত্ৰত থকা সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে চপোৱাৰ পিছত হোৱা ক্ষতি হ্ৰাস কৰা আৰু মূল্য সংযোজন বৃদ্ধি কৰা। অটোম’বাইল খণ্ডৰ ঘূৰণীয়া মেজমেলত বৈদ্যুতিক আৰু পৰৱৰ্তী প্ৰজন্মৰ গতিশীলতা ব্যৱস্থা, যন্ত্ৰাংশ, গৱেষণা আৰু উদ্ভাৱন তথা বহনক্ষম উৎপাদনৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাসমূহৰ সন্ধান কৰা হয়। আটাইকেইখন ঘূৰণীয়া মেজমেলতে অংশগ্ৰহণকাৰীসকলে আলোচনাসমূহক বাস্তৱিক ব্যৱসায়িক ফলাফললৈ ৰূপান্তৰিত কৰাৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হিচাপে যুটীয়া উদ্যোগ, বিনিয়োগৰ অংশীদাৰিত্ব আৰু প্ৰযুক্তিৰ আদান-প্ৰদানত গুৰুত্ব আৰোপ কৰে।

উদ্ভাৱন মঞ্চখনৰ উদ্বোধন কৰে ইটালীৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰালয়ৰ বিকাশ আৰু ৰপ্তানি প্ৰসাৰণৰ সঞ্চালক প্ৰধান শ্ৰী মাউৰো বাট্টোকি আৰু ইটালীত ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰীমতী বাণী ৰাৱে। শ্ৰী পীয়ূষ গোৱেলে সমগ্ৰ মঞ্চখনতে অংশগ্ৰহণ কৰাৰ লগতে ভাৰত আৰু ইটালীৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুয়োপক্ষকে বহনক্ষমতা আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতা, সমন্বয়ৰ নতুন পথসমূহৰ সন্ধান কৰাৰ লগতে দুয়োখন দেশৰ উদ্ভাৱনমূলক পৰিৱেশতন্ত্ৰৰ পৰিপূৰক শক্তিসমূহৰ সদ্ব্যৱহাৰৰ বাবে উৎসাহিত কৰে।

পূৰ্ণাংগ অধিৱেশনত ব্যৱসায়িক সংস্থাসমূহে ব্যৱসায়িক মঞ্চৰ আলোচনাৰ ফলাফলসমূহ উপস্থাপন কৰে। ইয়াৰ পিছতে মহামহিম শ্ৰী এণ্টনিঅ’ টাজানি আৰু শ্ৰী পীয়ূষ গোৱেলে ভাষণ প্ৰদান কৰে। অধিৱেশনসমূহত দুয়োখন দেশৰ অৰ্থনীতিৰ মাজত থকা শক্তিশালী পৰিপূৰকতাসমূহৰ বিষয়ত আলোকপাত কৰাৰ লগতে অৰ্থনৈতিক অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ইটালীৰ উমৈহতীয়া অংগীকাৰৰ কথা পুনৰ দোহাৰে।

মহামহিম শ্ৰী এণ্টনিঅ’ টাজানিৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে নিৰন্তৰ যোগাযোগ আৰু ব্যৱসায়িক অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ জৰিয়তে দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱিক ফলাফললৈ ৰূপান্তৰিত কৰাৰ অংগীকাৰ পুনৰ দৃঢ় কৰে।

এই ভ্ৰমণে ভাৰত–ইটালীৰ বিশেষ কৌশলগত অংশীদাৰিত্বক নতুন গতি দিয়ে আৰু দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ তথা ব্যৱসায়িক সহযোগিতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া অংগীকাৰ অধিক সুদৃঢ় হয়।

 

***

Abhishek Dayal/ Garima Singh/ Ishita Biswas/US


(ৰিলিজ আই ডি : 2338834) অতিথি কক্ষ : 7