57th International Film Festival of India 2026
20 – 28 Nov 2026

এন্থনী চেনৰ ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ ছবিৰে এক আৱেগঘন পৰিৱেশত সামৰণি পৰিব ৫৭সংখ্যক আই এফ এফ আই(IFFI)-ৰ

‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’: প্ৰেম, পৰিয়াল আৰু প্ৰজন্মৰ সীমা অতিক্ৰম কৰা সম্পৰ্কৰ এক হৃদয়স্পৰ্শী অন্বেষণ। ২০২৬ চনত বাৰ্লিন, মেলবৰ্ণ আৰু হেলছিংকিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰ পৰাও ব্যাপক সমাদৰ লাভ কৰিছে।

পোষ্ট কৰা হৈছে: 19 NOV 2026 3:26PMby PIB Guwahatiৰিলিজ আই ডি : 2338759Views: 6

ছিংগাপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা এন্থনী চেনৰ  পূৰ্ণদৈৰ্ঘ্যৰ মনোগ্ৰাহী চলচ্চিত্ৰ ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ৰ জৰিয়তে ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সামৰণি পৰিব। ২০২৬ চনত নিৰ্মিত ছিংগাপুৰৰ এই ছবিখন মহোৎসৱৰ সামৰণি ছবি হিচাপে প্ৰদৰ্শিত হ’ব। ছবিখনে মানৱীয় সম্পৰ্ক, পাৰিবাৰিক বান্ধোন আৰু সমসাময়িক জীৱনৰ জটিলতাসমূহৰ এক হৃদয়স্পৰ্শী চলচ্চিত্ৰীয় ৰূপ দৰ্শকৰ  আগত প্ৰদৰ্শন কৰিব।

সমসাময়িক ছিংগাপুৰৰ জীৱনধাৰাৰ বৈচিত্ৰ্যপূৰ্ণ পটভূমিত নিৰ্মিত উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ ছবিখনৰ কাহিনী ২১ বছৰীয়া জুনয়াঙক কেন্দ্ৰ কৰি আগবাঢ়িছে। প্ৰেমৰ সম্পৰ্কত হঠাতে ঘটা এক পৰিৱৰ্তনে তেওঁৰ চিন্তামুক্ত জীৱনটো ওলট-পালট কৰি পেলায়।ইয়াৰ ফলত তেওঁ আৰু তেওঁৰ প্ৰেমিকাই কল্পনাতকৈ বহু আগতেই প্ৰাপ্তবয়স্ক জীৱনৰ গধুৰ দায়িত্ব ল’বলগীয়া হয়।

ইয়াৰ সমান্তৰালভাৱে, তেওঁৰ কঠোৰ পৰিশ্ৰমী পিতৃৰ জীৱনলৈ এগৰাকী প্ৰাণৱন্ত নাৰীৰ আগমনে পিতৃ-পুত্ৰৰ মাজত থকা নীৰৱ ভাৰসাম্যলৈ সূক্ষ্ম পৰিৱৰ্তন আনে। শিল্পীসকলৰ মনোগ্ৰাহী অভিনয়েৰে সমৃদ্ধ ছবিখনে দুয়োটা প্ৰজন্মৰ এই সমান্তৰাল জীৱনযাত্ৰাক একেলগে গাঁথিছে। প্ৰেম, বিচ্ছেদ আৰু দায়বদ্ধতাৰ মাজেৰে আগবাঢ়ি যোৱা দুয়োটা প্ৰজন্মই পৰিয়ালৰ সংজ্ঞাক নতুন ৰূপ দিয়াৰ লগতে জন্মসূত্ৰে লাভ কৰা আত্মীয় আৰু নিজৰ পছন্দৰে জীৱনৰ অংশ কৰি লোৱা মানুহৰ মাজৰ সূক্ষ্ম সম্পৰ্কৰ নতুন অৰ্থ উন্মোচন কৰিছে।

উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ  হৈছে এন্থনী চেনৰ বহুল প্ৰশংসিত ‘গ্ৰয়িং আপ’ ত্ৰিলজীৰ শেহতীয়া সংযোজন। ছবিখনৰ জৰিয়তে তেওঁ মানৱীয় অনুভূতিৰে সমৃদ্ধ আৰু জীৱনৰ সূক্ষ্ম দিশসমূহ গভীৰভাৱে পৰ্যবেক্ষণ কৰি কাহিনী কোৱাৰ নিজস্ব ধাৰা অব্যাহত ৰাখিছে। তেওঁৰ প্ৰথমখন ছবি ইলো ইলো (২০১৩)-ৰ বাবে তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত কেমেৰা ডি’অৰ বঁটা লাভ কৰিছিল। ইয়াৰ পিছত ৱেট ছিজন  ছবিৰ জৰিয়তেও তেওঁ এই ধাৰা অব্যাহত ৰাখিছিল।

গোৱাত প্ৰদৰ্শিত হোৱাৰ পূৰ্বে ছবিখন ২০২৬ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।  মেলবৰ্ণ আৰু হেলছিংকি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখনে সমালোচক আৰু দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (NFDC)-এ এণ্টাৰটেইনমেণ্ট ছ’চাইটী অৱ গোৱা (ESG)-ৰ সহযোগত আয়োজন কৰা ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ পানাজীত অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু তেওঁলোকৰ অনন্য কাহিনীৰ সমাহাৰেৰে  এই মহোৎসৱ ‘সীমাহীন কাহিনী’( Stories Without Borders) শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হ’ব।

 

PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S/ Swadhin Shakti Prasad/ Darshana Rane | IFFI 57 - 31


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2338759
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026