পোষ্ট কৰা হৈছে:
18 NOV 2026 1:26PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডব্যই আজি নতুন দিল্লীত সমগ্ৰ ভাৰতৰ ১৩খন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সৈতে এক বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত ক্ৰীড়া বিশ্ববিদ্যালয়সমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা, পাৰদৰ্শিতা আৰু সম্পদৰ আদান-প্ৰদান কৰা আৰু ভাৰতৰ ক্ৰীড়া শিক্ষা, গৱেষণা, প্ৰশিক্ষণ তথা গোলকীয় প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ এক সংহত পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়।
ড° মাণ্ডব্যই কয়, “আমাৰ দৃষ্টিভংগী হৈছে ক্ৰীড়া বিশ্ববিদ্যালয়সমূহক সমগ্ৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলা, য’ত খেলুৱৈ, প্ৰশিক্ষক, প্ৰশিক্ষণ, গৱেষণা, প্ৰতিযোগিতা আৰু বিশ্বমানৰ আন্তঃগাঁথনি সকলো একেলগে বিকশিত হ’ব।”
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে দেশৰ লাভৰ বাবে সকলো বিশ্ববিদ্যালয়কে নিৰ্দিষ্ট ক্ৰীড়াত নিজৰ পাৰদৰ্শিতা বিকাশ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয়, “প্ৰতিখন বিশ্ববিদ্যালয়ে নিজৰ একোটা নিৰ্দিষ্ট পাৰদৰ্শিতা গঢ়ি তুলিব লাগিব – সেয়া কোনো বিশেষ ক্ৰীড়া, প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান বা গৱেষণাই হওক। ইয়াৰ দ্বাৰা সমগ্ৰ দেশ উপকৃত হ’ব।”
মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়সমূহে নিজৰ বিশেষ পাৰদৰ্শিতাৰ ক্ষেত্ৰ গঢ়ি তোলাৰ লগতে ইখনে সিখনৰ সৈতে জ্ঞানৰ আদান-প্ৰদান কৰিবলৈও উৎসাহিত কৰে।
ড° মাণ্ডব্যই কয়, “আমি এতিয়াৰে পৰা বিচ্ছিন্নভাৱে কাম নকৰোঁ। আমাৰ প্ৰচেষ্টা, সম্পদ আৰু পাৰদৰ্শিতাক একত্ৰিত কৰি আমি এক শক্তিশালী আৰু সহযোগিতামূলক ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিম। বিশ্ববিদ্যালয়সমূহৰ মাজত প্ৰশিক্ষকৰ বিনিময়, জ্ঞানৰ বিনিময় আৰু সম্পদৰ ভাগ-বতৰাক উৎসাহিত কৰা হ’ব।”
যদিও মূল গুৰুত্ব ভাৰতীয় খেলুৱৈসকলৰ সামৰ্থ্য বৃদ্ধি কৰাৰ ওপৰতেই আছে, তৎস্বত্বেও ড° মাণ্ডব্যই বিশ্ববিদ্যালয়সমূহক এনে ব্যৱস্থা গঢ়ি তুলিবলৈ উৎসাহিত কৰে যিয়ে সামগ্ৰিকভাৱে ভাৰতৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰ আৰু উদ্যোগৰ বিকাশত সহায় কৰিব।
ড° মাণ্ডব্যই কয়, “সমগ্ৰ ভাৰততে দক্ষ পেছাদাৰী আৰু শক্তিশালী প্ৰতিষ্ঠানিক সামৰ্থ্য গঢ়ি তুলিবলৈ বিশ্ববিদ্যালয়সমূহে ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া আইন আৰু ক্ৰীড়া পৰ্যটনৰ দৰে উদীয়মান খণ্ডসমূহত বিশেষ পাৰদৰ্শিতা বিকাশ কৰাত গুৰুত্ব দিব লাগিব।”
তেওঁ লগতে কয়, “ক্ৰীড়া বিশ্ববিদ্যালয়সমূহে কেৱল খেলুৱৈৰ মাজতেই নিজকে সীমাবদ্ধ নাৰাখি ক্ৰীড়া ব্যৱস্থাপনা, প্ৰশাসন আৰু সামগ্ৰিক ক্ৰীড়া পৰিৱেশতন্ত্ৰত অৰিহণা যোগাব পৰা ক্ৰীড়া পেছাদাৰীও গঢ়ি তুলিব লাগিব। আমাৰ লক্ষ্য হৈছে ভাৰতীয় ক্ৰীড়া বিশ্ববিদ্যালয়সমূহে গোলকীয় পৰ্যায়ত নিজৰ চিনাকি দাঙি ধৰা আৰু বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ মাজত নিজৰ স্থান প্ৰতিষ্ঠা কৰা।”
এই বৈঠকত মাননীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাডছে, ক্ৰীড়া সচিব শ্ৰী হৰি ৰঞ্জন ৰাও আৰু দেশৰ ১৩খন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে।
Ayushman Kumar/MM