পোষ্ট কৰা হৈছে:
19 NOV 2026 12:27PM by PIB Guwahati
ভাৰতীয় বায়ুসেনা (আই এ এফ) আৰু নতুন দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে (চি এছ ইউ) অগ্নিবীৰবায়ুসকলৰ বাবে যোগাসনৰ ক্ষেত্ৰত সুপৰিকল্পিত শিক্ষণ আৰু প্ৰমাণপত্ৰ লাভৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তি (এম অ ইউ)ত স্বাক্ষৰ কৰে।
বুজাবুজিৰ চুক্তি (এম অ ইউ) স্বাক্ষৰ অনুষ্ঠানটো বায়ুসেনা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় আৰু অনুষ্ঠানটো এয়াৰ অফিচাৰ-ইন-চাৰ্জ (কৰ্মচাৰী)ৰ অধ্যক্ষতাত সম্পন্ন হয়। ভাৰতীয় বায়ুসেনাৰ (আই এ এফ) হৈ এয়াৰ ষ্টাফৰ সহকাৰী প্ৰধান (শিক্ষা) আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ (চি এছ ইউ) হৈ উপাচাৰ্য্যই উক্ত চুক্তিত স্বাক্ষৰ কৰে।
এই সহযোগিতাই উচ্চ শিক্ষানুষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অগ্নিবীৰবায়ুসকলৰ সামৰ্থ্য বিকাশ, দক্ষতা বৃদ্ধি আৰু তেওঁলোকৰ বাবে অধিক বিস্তৃত শৈক্ষিক সুযোগ-সুবিধা প্ৰদানৰ দিশত ভাৰতীয় বায়ুসেনাৰ নিৰন্তৰ প্ৰচেষ্টাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

***
JS/VK/S/US