আয়ুষ
azadi ka amrit mahotsav

প্ৰাকৃতিক চিকিৎসা, সুস্থ ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে সমগ্ৰ দেশতে নৱম প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন

কৰ্ণাটকৰ নাগমংগলাস্থিত চি আৰ আই ৱাই এন -ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উদযাপনত প্ৰতিৰোধমূলক আৰু প্ৰসাৰমূলক স্বাস্থ্যসেৱাত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ভূমিকাৰ ওপৰত আলোকপাত

“প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ ভাৰত গঢ়াৰ বাবে প্ৰাকৃতিক চিকিৎসা আৰু সুস্থ জীৱনশৈলী অপৰিহাৰ্য”: শ্ৰী প্ৰতাপৰাও যাদৱ

“প্ৰাকৃতিক চিকিৎসাৰ অগ্ৰগতিৰ বাবে বৈজ্ঞানিক গৱেষণা, স্বাস্থ্য সজাগতা আৰু সামূহিক অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ”: আয়ুষ মন্ত্ৰালয়ৰ সচিব

ৰিজেন-বিটা (ReGEN-Beta) ডায়েবেটিছ জীৱনশৈলী পৰীক্ষণ, নেচাৰ কিউৰ ৩৬০ (Nature Cure 360) আৰু কেইবাখনো গুৰুত্বপূৰ্ণ গৱেষণামূলক প্ৰকাশন উন্মোচন

পোষ্ট কৰা হৈছে: 18 NOV 2026 3:37PM by PIB Guwahati

নতুন দিল্লী, ১৮ নৱেম্বৰ, ২০২৬: ‘প্ৰাকৃতিক চিকিৎসা, সুস্থ ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে আজি সমগ্ৰ দেশতে নৱমসংখ্যক প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন কৰা হয়। এই উদযাপনৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সুস্থ জীৱনশৈলী আৰু সামগ্ৰিক সুস্বাস্থ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসা তথা প্ৰকৃতিভিত্তিক স্বাস্থ্যসেৱাৰ গুৰুত্ব আলোকপাত কৰা হয়। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা পৰিষদে (চি চি আৰ ৱাই এন) পুনেৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠানৰ (এন আই এন) সহযোগত কৰ্ণাটকৰ নাগমংগলাস্থিত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত (চি আৰ আই ৱাই এনত) ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানৰ আয়োজন কৰে।

আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই অনুষ্ঠানটোত প্ৰদৰ্শিত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্ভাষণ আৰু শুভেচ্ছা জ্ঞাপন কৰে।

নিজৰ বাৰ্তাত শ্ৰী প্ৰতাপৰাও যাদৱে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

শ্ৰী যাদৱে নাগৰিকসকলক সুস্থ অভ্যাস গঢ়ি তোলাৰ লগতে সুস্থ ভাৰত নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়। প্ৰাকৃতিক চিকিৎসাৰ প্ৰসাৰ আৰু এই চিকিৎসা পদ্ধতিৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চিকিৎসক, গৱেষক, প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলে আগবঢ়োৱা প্ৰচেষ্টাৰো তেওঁ শলাগ লয়।

বৈদ্য ৰাজেশ কোটেছাই তেওঁৰ বাৰ্তাত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সুস্থ জীৱনশৈলীৰ প্ৰসাৰ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য বজাই ৰখাৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰাকৃতিক চিকিৎসাৰ বিকাশৰ বাবে বৈজ্ঞানিক গৱেষণা, স্বাস্থ্য সজাগতা আৰু সামূহিক অংশগ্ৰহণৰ গুৰুত্ব দাঙি ধৰাৰ লগতে নাগৰিকসকলক সচেতনভাৱে আৰু বহনক্ষম স্বাস্থ্য-চৰ্চা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

অনুষ্ঠানত কৰ্ণাটক চৰকাৰৰ জলসম্পদ (বৃহৎ আৰু মধ্যমীয়া জলসিঞ্চন) বিভাগৰ মন্ত্ৰী তথা নাগমংগলাৰ বিধায়ক শ্ৰী এন. চেলুভাৰায়স্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে, আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী আলাৰমেলমংগাই ডি. সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

সভাত ভাষণ প্ৰদান কৰি শ্ৰী এন. চেলুভাৰায়স্বামীয়ে নাগমংগলাত চি আৰ আই ৱাই এন প্ৰতিষ্ঠা আৰু ইয়াৰ বিকাশৰ প্ৰশংসা কৰে। অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সম্ভাৱনীয়তাৰ বিষয়েও তেওঁ আলোকপাত কৰে। সাধাৰণ জনসাধাৰণৰ বাবে প্ৰতিষ্ঠানটোৰ সা-সুবিধাসমূহ সহজলভ্য কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে, যাতে ইয়াৰ চুবুৰীয়া অঞ্চলৰ লোকসকলেও প্ৰাকৃতিক চিকিৎসাভিত্তিক স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰতিষ্ঠানটোৰ অধিক উন্নয়নৰ বাবে তেওঁ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থনৰ আশ্বাস দিয়ে। লগতে, কৰ্ণাটকত আয়ুষ মন্ত্ৰালয়ৰ প্ৰকল্প আৰু ভাৰত চৰকাৰৰ অন্যান্য পদক্ষেপসমূহ ৰূপায়ণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

শ্ৰীমতী আলাৰমেলমংগাই ডি.য়ে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ক্ৰমবৰ্ধমান স্বীকৃতিৰ লগতে প্ৰতিৰোধমূলক আৰু স্বাস্থ্য-উন্নয়নমূলক সেৱাৰ জৰিয়তে জীৱনশৈলীজনিত ৰোগসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰে। তেওঁ নাগমংগলা (কৰ্ণাটক) আৰু ঝাজ্জৰ (হাৰিয়ানা)ত থকা কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ লগতে দিল্লীৰ ৰোহিণীত থকা সা-সুবিধাসমূহকে ধৰি চি চি আৰ ৱাই এনৰ গৱেষণা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ বিষয়েও উল্লেখ কৰে। শিক্ষা, গৱেষণা, প্ৰশিক্ষণ, চিকিৎসা সেৱা আৰু জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত পুনেৰ এন আই এনৰ অৱদানৰো তেওঁ শলাগ লয়।

চি চি আৰ ৱাই এনৰ সঞ্চালক অধ্যাপক (ড°) জ্যোতি কেছৱানীয়ে আদৰণি ভাষণত প্ৰাকৃতিক চিকিৎসা দিৱসৰ তাৎপৰ্য আৰু যোগ তথা প্ৰাকৃতিক চিকিৎসাৰ গৱেষণা, প্ৰতিষ্ঠানিক বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত পৰিষদৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে।

অনুষ্ঠানত চি চি আৰ ৱাই এন আৰু পুনেৰ এন আই এনৰ উদ্যোগত কেইবাখনো গৱেষণামূলক গ্ৰন্থ আৰু শৈক্ষিক সমল প্ৰকাশ কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ ভিতৰত নাগমংগলা আৰু ঝাজ্জৰৰ চি আৰ আই ৱাই এন সম্পৰ্কীয় তথ্যচিত্ৰ যোগাসন আৰু প্ৰাকৃতিক চিকিৎসা সম্পৰ্কীয় ভাৰতীয় পত্ৰিকা(ইণ্ডিয়ান জাৰ্নেল অৱ য়োগা এণ্ড নেচাৰোপেথী)ৰ প্ৰথম খণ্ডৰ তৃতীয় সংখ্যা, যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিষয়ক এখন গ্ৰন্থ, ইণ্টাৰ্নসকলৰ বাবে এখন পুস্তিকা আৰু টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জীৱনশৈলীৰ পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কীয় এক ক্লিনিকেল পৰীক্ষণ ReGEN-Beta উল্লেখযোগ্য। আনহাতে, পুনেৰ এন আই এনৰ তৰফৰ পৰা  নেচাৰ কিউৰ ৩৬০: সুস্থ ভৱিষ্যতৰ বাবে এক সামূহিক স্বাস্থ্য পদক্ষেপ (Nature Cure 360: A Community Health Initiative towards a Sustainable Healthy Future )আৰু দ্যা ফেমেলী ডক্টৰ  শীৰ্ষক দুখন প্ৰকাশন উন্মোচন কৰা হয়।

প্ৰাকৃতিক সম্পদ, সুস্থ জীৱনশৈলী আৰু প্ৰকৃতিভিত্তিক স্বাস্থ্যসেৱা পদ্ধতিৰ গুৰুত্ব দাঙি ধৰাৰ উদ্দেশ্যে অনুষ্ঠানত প্ৰাকৃতিক চিকিৎসা খাদ্য মেলাৰ লগতে ঔষধি উদ্ভিদৰ পুলি ৰোপণ কাৰ্যসূচীৰো আয়োজন কৰা হয়।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল চি চি আৰ ৱাই এনৰ সঞ্চালক অধ্যাপক (ড°) জ্যোতি কেছৱানী, পুনেৰ এন আই এনৰ সঞ্চালক অধ্যাপক (ড°) গীতা বি. শ্বেট্টী আৰু আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ নাগমংগলাৰ কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড° ৱাদিৰাজা এইচ. এছ.।

নৱমসংখ্যক প্ৰাকৃতিক চিকিৎসা দিৱসৰ উদযাপনে প্ৰতিৰোধমূলক আৰু স্বাস্থ্য-উন্নয়নমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত গৱেষণালব্ধ তথ্যৰ ভিত্তিত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ গুৰুত্ব পুনৰ প্ৰতিষ্ঠা কৰে। গৱেষণা, প্ৰতিষ্ঠানিক বিকাশ, জনসজাগতা আৰু সামূহিক অংশগ্ৰহণৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে আয়ুষ মন্ত্ৰালয়ে সামগ্ৰিক সুস্বাস্থ্যৰ প্ৰসাৰ আৰু এখন সুস্থ ভাৰত গঢ়াৰ লক্ষ্য আগুৱাই নিছে।

                                                                             

***

— SR/AK/SG/MS


(ৰিলিজ আই ডি : 2338207) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: Nepali , Kannada , Urdu , English , हिन्दी , Gujarati , Tamil