প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেনিলাত আছিয়ান শীৰ্ষ সন্মিলনৰ মাজতে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

পোষ্ট কৰা হৈছে: 17 NOV 2026 4:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেনিলাত অনুষ্ঠিত ২৩সংখ্যক ভাৰত-আছিয়ান আৰু ২১ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনৰ মাজতে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী লৰেন্স ৱঙৰ সৈতে এক বৈঠকত মিলিত হয়।

নেতাদ্বয়ে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ ভাৰত ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা ‘সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা’ৰ অধীনত হোৱা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।

নেতাদ্বয়ে অৰ্থনৈতিক সহযোগিতা, দক্ষতা বিকাশ, ডিজিটেলাইজেশ্যন, বহনক্ষমতা, যোগাযোগ ব্যৱস্থা, স্বাস্থ্যসেৱা আৰু চিকিৎসা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, আৰু জনসাধাৰণৰ মাজত তথা সাংস্কৃতিক আদান-প্ৰদানকে ধৰি আঠটা অগ্ৰাধিকাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পথ সম্পৰ্কে আলোচনা কৰে। ৰ্দুয়োজন নেতাই আঞ্চলিক আৰু গোলকীয় পৰিঘটনাসমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আছিয়ানৰ আগন্তুক অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ওলোৱা ছিংগাপুৰক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই দায়িত্ব সফলতাৰে পালন কৰাৰ ক্ষেত্ৰত ভাৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক আশ্বাস দিয়ে ।

 

 

***

MJPS/SS/VJ/SS/DM


(ৰিলিজ আই ডি : 2337687) অতিথি কক্ষ : 7