প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

জাপানৰ টকিঅ’ হ’বলগীয়া চতুৰ্থ ভাৰত-জাপান ২+২ মন্ত্ৰীগোটৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে; জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণৰ পৰিকল্পনা

পোষ্ট কৰা হৈছে: 17 NOV 2026 11:38AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অহা ১৮ আৰু ১৯ নৱেম্বৰত জাপান ভ্ৰমণকালত চতুৰ্থ ভাৰত-জাপান বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনা (২+২)ত অংশগ্ৰহণ কৰাৰ লগতে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। টকিঅ’ত হ’বলগীয়া এই ২+২ মন্ত্ৰীগোটৰ বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কৈজুমি আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তোশিমিতছু মোতেগীয়ে যুটীয়াভাৱে অধ্যক্ষতা কৰিব।

 

এই আলোচনাত দুয়োখন দেশৰ কৌশলগত আৰু প্ৰতিৰক্ষা সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক আৰু গোলকীয় পৰিস্থিতিৰ সন্দৰ্ভত মত বিনিময় কৰা হ’ব।  ইয়াৰ উপৰিও  মুক্ত, উন্মুক্ত, সৰ্বাংগীণ আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দুয়োখন দেশৰ উমৈহতীয়া দায়বদ্ধতা পুনৰ দৃঢ় কৰা হ’ব।

 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মাজত হ’বলগীয়া এই দ্বিপাক্ষিক আলোচনা হ’ব চলিত বৰ্ষত তেওঁলোকৰ তৃতীয়খন বৈঠক । চলিত বৰ্ষৰ আগষ্ট মাহত নতুন দিল্লীত আৰু অক্টোবৰত চেবুত অনুষ্ঠিত আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক-প্লাছ (এডিএমএম-প্লাছ) ৰ সময়ছোৱাত হোৱা আলোচনাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিৰক্ষা সজুলি আৰু প্ৰযুক্তিৰ সহযোগিতাৰ আদান-প্ৰদান, সামুদ্ৰিক নিৰাপত্তা, তিনিওটা সামৰিক বাহিনীৰ মাজত যৌথ অনুশীলনৰ পৰিসৰ বৃদ্ধি কৰা তথা ঔদ্যোগিক অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰিব।

 

ভাৰত আৰু জাপানৰ মাজত উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু কৌশলগত স্বাৰ্থৰ মিলৰ আধাৰত বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব গঢ় লৈ উঠিছে। এই আসন্ন ভ্ৰমণৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে কাৰ্যকৰী সমন্বয় আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ বাবে ভৱিষ্যৎ কৰ্মপন্থা নিৰ্ধাৰণ কৰা।

 

 

 

*****

SR/Savvy/UD


(ৰিলিজ আই ডি : 2337389) অতিথি কক্ষ : 20