গোৱাত ২০ৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ত সন্মানীয় ‘আইচিএফটি-ইউনেস্কো গান্ধী পদক’ৰ বাবে দহখন ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাহিনীচিত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব। মহোৎসৱৰ সামগ্ৰিক মূল বিষয়বস্তু ‘সীমাহীন কাহিনী’ৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত ছবিসমূহে শান্তি, সহনশীলতা, সহমৰ্মিতা, সামাজিক ন্যায় আৰু আন্তঃসাংস্কৃতিক বাৰ্তালাপৰ বিষয়বস্তু অন্বেষণ কৰিছে।
ইউনেস্কোৰ তত্ত্বাৱধানত পেৰিছৰ ‘আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, টেলিভিছন আৰু দৃশ্য-শ্ৰাব্য যোগাযোগ পৰিষদ’ (চিআইচিএফ-আইচিএফটি)ৰ সহযোগত আইএফএফআইৰ ৪৬সংখ্যক সংস্কৰণত প্ৰৱৰ্তন কৰা এই বঁটাই মহাত্মা গান্ধীৰ অহিংসা, সহনশীলতা, আন্তঃসাংস্কৃতিক বুজাবুজি আৰু শান্তিৰ সংস্কৃতিৰ আদৰ্শক প্ৰতিফলিত কৰা চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান কৰে।
চাৰিজনীয়া আন্তঃৰাষ্ট্ৰীয় জুৰীখনৰ নেতৃত্ব দিব আলজেৰিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক তথা চলচ্চিত্ৰ সমালোচক অধ্যাপক (ড°) আহমেদ বেদজাউইয়ে। জুৰীৰ আন সদস্যসকল হৈছে ইউনেস্কোৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন কাৰ্যসূচী মুৰব্বী আৰ্জেণ্টিনা/ফ্ৰান্সৰ মাৰিয়া ক্ৰিষ্টিনা ইগ্লেছিয়াছ; চিআইচিএফ-আইচিএফটিৰ প্ৰাক্তন সঞ্চালক প্ৰধান লাক্সেমবাৰ্গৰ জৰ্জ ডুপণ্ট; আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা তথা আই চি এফ টিৰ সদস্য ভাৰতৰ মনোজ কদম।
এই বছৰৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱা দহখন চলচ্চিত্ৰই বিভিন্ন সাংস্কৃতিক পটভূমিৰ কাহিনী একত্ৰিত কৰি মানৱীয় সম্পৰ্ক, সামাজিক প্ৰত্যাহ্বান আৰু উমৈহতীয়া মূল্যবোধক তুলি ধৰিছে।
আন্তঃৰাষ্ট্ৰীয় শাৰীত অন্তৰ্ভুক্ত ছবিসমূহৰ ভিতৰত এমিলি আটেফৰ দ্বাৰা পৰিচালিত ‘কল মি কুইন’ (Call Me Queen) হৈছে ১৯৯০ৰ দশকৰ নাইৰোবিৰ পটভূমিত নিৰ্মিত জাৰ্মানী-ফ্ৰান্স-ব্ৰিটেইন-কেনিয়াৰ যৌথ প্ৰযোজনাৰ ছবি। এই ছবিখনত এগৰাকী অকলশৰীয়া মাতৃৰ কাহিনী দেখুওৱা হৈছে, যিয়ে এইডছ ৰোগ ধৰা পৰা আৰু সামাজিক অন্যায়ৰ সন্মুখীন হোৱাৰ সময়ত এক অপ্ৰত্যাশিত বন্ধুত্বৰ মাজত শক্তি বিচাৰি পায়। আইএফএফআইত ছবিখনৰ ভাৰতীয় প্ৰিমিয়াৰ (India Premiere) অনুষ্ঠিত হ’ব।
ভাৰতক তিনিখন চলচ্চিত্ৰই প্ৰতিনিধিত্ব কৰিছে। চৰফৰাজ আলমৰ পৰিচালনাত নিৰ্মিত আৰু বিনয় পাঠকে অভিনয় কৰা ‘কবীৰ ছাৰ কা আখিৰী লেছন’ (কবীৰ ছাৰ) ছবিখনে প্ৰযুক্তিৰ যুগত জ্যেষ্ঠ শিক্ষাবিদসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ অন্বেষণ কৰিছে আৰু আইএফএফআইত ইয়াৰ বিশ্ব প্ৰিমিয়াৰ (World Premiere) অনুষ্ঠিত হ’ব। কন্নন এছৰ দ্বাৰা পৰিচালিত ‘স্ক্ৰ’ল’ (Scroll) ছবিখনে নিজৰ স্ক্ৰীণ টাইম নিয়ন্ত্ৰণ কৰিবলৈ এটা এপ-ভিত্তিক খেল ব্যৱহাৰ কৰা এজন যুৱকৰ উদ্বেগজনক অভিজ্ঞতাৰ জৰিয়তে স্মাৰ্টফোনৰ আসক্তিৰ দিশটো পৰীক্ষা কৰিছে। মুস্কান আস্থানাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ছেভ মিচ্চাৰ’ (Sev Micchar)-এ আৰ্থিক আৰু ব্যক্তিগত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এজন দোকানীৰ কাহিনীৰ জৰিয়তে পাৰিবাৰিক উত্তেজনা, প্ৰতিদ্বন্দ্বিতা আৰু পুনৰ মিলনৰ দিশটো তুলি ধৰিছে।
জেছিকা জেনিউছৰ দ্বাৰা পৰিচালিত হাইটি-ফ্ৰান্স-বেলজিয়াম-লাক্সেমবাৰ্গ-কানাডাৰ যৌথ প্ৰযোজনাৰ ছবি ‘মেৰী মেডেলিন’ (Marie Madeleine)-এ এগৰাকী স্বাধীন মহিলা আৰু এজন যুৱ ধৰ্মপ্ৰচাৰকৰ মাজত গঢ় লৈ উঠা ক্ৰমবৰ্ধমান সম্পৰ্কৰ জৰিয়তে বিশ্বাস, সামাজিক ৰীতি-নীতি আৰু ব্যক্তিগত স্বাধীনতাৰ অন্বেষণ কৰিছে। ছবিখনে ২০২৬ চনৰ ‘ফেষ্টিভেল ডি কেবাৰ্গ’ত (Festival de Cabourg) ‘গ্ৰাঁ প্ৰি ডু জুৰী’ (Grand Prix du Jury) বঁটা লাভ কৰিছিল আৰু আইএফএফআইত ইয়াৰ এছিয়া প্ৰিমিয়াৰ (Asia Premiere) অনুষ্ঠিত হ’ব।
ঘানা-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আমাৰ্টেই আৰ্মাৰৰ ‘আৱাৰ টাইম উইল কাম’ (ইগো ৰিচ উই অল) ছবিখনত দুটা অনাথ শিশুৱে তেওঁলোকৰ জীৱিত শেষৰজন অভিভাৱকৰ সন্ধানত আক্ৰালৈ যাত্ৰা কৰাৰ কাহিনী দেখুওৱা হৈছে। ২০২৬ চনৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত (Locarno Film Festival) ‘পাৰ্ডো ফৰ চেঞ্জ’ আৰু ‘পাৰ্ডো ফৰ বেষ্ট পাৰফৰমেন্স’ বঁটা লাভ কৰা এই ছবিখনৰ আইএফএফআইত এছিয়ান প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
তুৰস্কৰ চলচ্চিত্ৰ নিৰ্মাতা ফয়ছাল ছয়ছালৰ ‘ৰহমা’ (Rahma) ছবিত এজন পুৰাতত্ত্ববিদৰ কাহিনী কোৱা হৈছে, যাৰ ন বছৰীয়া চিৰিয়ান অনাথ শিশু এটিৰ সৈতে গঢ় লৈ উঠা অপ্ৰত্যাশিত সম্পৰ্কই মানসিক নিৰাময় কঢ়িয়াই আনে আৰু জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰি পেলায়। আইএফএফআইত ছবিখনৰ এছিয়ান প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
লাইলা মাৰাকচিৰ দ্বাৰা পৰিচালিত ‘ষ্ট্ৰবেৰীজ’ (লা মাছ ডুলচে) ছবিত স্পেইনত ঋতুকালীন ষ্ট্ৰবেৰী সংগ্ৰহকাৰী হিচাপে কাম কৰা মৰক্কোৰ দুগৰাকী মহিলাৰ কাহিনী দেখুওৱা হৈছে, যিয়ে কৰ্মক্ষেত্ৰত হোৱা নিৰ্যাতন আৰু শোষণৰ বিৰুদ্ধে থিয় দিবলৈ সাহস গোটায়। ফ্ৰান্স-মৰক্কো-স্পেইন-বেলজিয়ামৰ যৌথ প্ৰযোজনাৰ এই ছবিখনৰ আইএফএফআইত ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
আন এখন তুৰস্কৰ ছবি, এলিফ এডাৰ দ্বাৰা পৰিচালিত ‘দ্য ফাৰ্ম’ (ছ্যুট চিফটলিগি)-ত ১২ বছৰীয়া এগৰাকী কিশোৰীৰ কাহিনী দেখুওৱা হৈছে, যিয়ে এখন দুগ্ধপামত নৱজাতক পোৱালিবোৰক মাকৰ পৰা পৃথক কৰা দৃশ্য দেখি ব্যথিত হৈ গৰ্ভৱতী গাইবোৰক মুক্ত কৰিবলৈ এজন অনাথ পশু চিকিৎসক সহায়কৰ সৈতে হাত মিলায়। আইএফএফআইত ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ (International Premiere) অনুষ্ঠিত হ’ব।
লু প’-শ্বুনৰ দ্বাৰা পৰিচালিত টাইৱান-ছিংগাপুৰৰ যৌথ প্ৰযোজনাৰ ছবি ‘উইল ইউ ষ্টিল বি মাই ফ্ৰেণ্ড’ (ৰি গুৱাং)-ত পৃথক পটভূমিৰ পৰা অহা দুজন ১৩ বছৰীয়া কিশোৰৰ বন্ধুত্বৰ অন্বেষণ কৰা হৈছে, যেতিয়া প্ৰাপ্তবয়স্কসকলৰ মাজত সৃষ্টি হোৱা উত্তেজনাই তেওঁলোকক পৃথক কৰি পেলোৱাৰ উপক্ৰম ঘটায়। আইএফএফআইত ছবিখনৰ ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
এই বৈচিত্ৰ্যময় নিৰ্বাচনৰ জৰিয়তে ৫৭সংখ্যক আইএফএফআইৰ ‘আইচিএফটি-ইউনেস্কো গান্ধী পদক’ প্ৰতিযোগিতাই বিভিন্ন সংস্কৃতি আৰু ভৌগোলিক সীমাৰ পৰিধি ভাঙি কৰুণা, পাৰস্পৰিক সন্মান, শান্তিপূৰ্ণ সহাৱস্থান আৰু উমৈহতীয়া মানৱীয় মূল্যবোধক প্ৰসাৰিত কৰা চলচ্চিত্ৰীয় আখ্যানসমূহক একত্ৰিত কৰিছে।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya/ Smita Saikia/ Darshana Rane/DB