ভাৰতৰ মূলসুঁতিৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰাণকেন্দ্ৰ মুম্বাই এক সমৃদ্ধিশালী মাৰাঠী চলচ্চিত্ৰ পৰম্পৰাৰো গৃহভূমি, যিয়ে বলিউডৰ সমান্তৰালকৈ বিকশিত হৈ সমৃদ্ধ বিষয়বস্তুভিত্তিক কাহিনী, বাস্তৱবাদিতা আৰু গভীৰ সাহিত্যিক শিপাৰ জৰিয়তে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। এই চিৰন্তন চলচ্চিত্ৰীয় ঐতিহ্যক উদযাপন কৰি ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)-এ সমসাময়িক কাহিনীচিত্ৰ আৰু অ-কাহিনীচিত্ৰৰ নিৰ্বাচনৰ লগতে ইয়াৰ খ্যাতিমান ব্যক্তিত্ব আৰু চলচ্চিত্ৰীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাৰাঠী চলচ্চিত্ৰৰ বৈচিত্ৰ্যত আলোকপাত কৰিছে।
এই বছৰৰ আইএফএফআইত 'ভাৰতীয় পেনোৰামা' (Indian Panorama) শিতানৰ বাবে সাতখন মাৰাঠী চলচ্চিত্ৰ নিৰ্বাচিত হোৱাৰ লগতে 'শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি' শিতানত এখন কালজয়ী ছবি ইয়াৰ পুনৰুদ্ধাৰ কৰা সংস্কৰণত প্ৰদৰ্শন কৰা হ’ব। তদুপৰি আন এখন মাৰাঠী ছবি 'গালা প্ৰিমিয়াৰছ' শিতানত প্ৰদৰ্শিত হ’ব।
কাহিনীচিত্ৰৰ নিৰ্বাচনসমূহৰ ভিতৰত মহেশ লিমায়েৰ দ্বাৰা পৰিচালিত ‘আদি অনন্ত’ (Aadi Anant) ছবিখনে এজন উচ্চাকাংক্ষী অভিনেতা আৰু তেওঁৰ ককাকৰ মাজৰ আৱেগিক সম্পৰ্কৰ অন্বেষণ কৰিছে। শুশ্ৰূষাৰ প্ৰত্যাহ্বান, পাৰিবাৰিক দায়িত্ব আৰু সফলতাৰ প্ৰকৃত অৰ্থ দাঙি ধৰা এই ছবিখনত অশোক ছৰাফ, সংকৰ্ষণ কৰ্হাড়ে, সখী গোখলে আৰু যোগেশ শিৰছাতে অভিনয় কৰিছে।
ভাৰতীয় পেনোৰামাৰ মূলসুঁতিৰ ছবি শিতানত প্ৰবীণ বিট্টল টাৰ্ডে( Pravin Vitthal Tarde)ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘দেউল বণ্ড ২’ (টেম্পল ক্ল’জড ২) অন্তৰ্ভুক্ত হৈছে, যিয়ে নিজৰ কৃষক স্বামীক হেৰুওৱা এগৰাকী মহিলাৰ কাহিনীৰ জৰিয়তে কৃষি সংকটৰ চিত্ৰণ কৰিছে; আনহাতে সমীৰ তিৱাৰীৰ দ্বাৰা পৰিচালিত ‘বাপ্যা’ (দ্য মেন) ছবিত নিজৰ গৃহচহৰলৈ উভতি অহা এগৰাকী তৃতীয় লিংগৰ মূল চৰিত্ৰৰ জৰিয়তে পৰিয়াল আৰু লিংগ পৰিচয়ৰ বিষয়বস্তু গাঁঠি তোলা হৈছে।
আন এক উল্লেখযোগ্য নিৰ্বাচন হৈছে জীজিৱিশা কালেৰ দ্বাৰা পৰিচালিত ‘তিঘী’ (Tighee), যিখন ছবি আইএফএফআইৰ 'ভাৰতীয় কাহিনীচিত্ৰৰ শ্ৰেষ্ঠ নৱাগত পৰিচালক' শিতানত স্থান লাভ কৰা ছবিসমূহৰ অন্যতম। এই মৰ্মস্পৰ্শী পাৰিবাৰিক ছবিখনে সম্পৰ্ক, ত্যাগ আৰু অব্যক্ত আৱেগৰ বেদনাক গভীৰভাৱে তুলি ধৰিছে।
ভাৰতীয় পেনোৰামাৰ অ-কাহিনীচিত্ৰ শিতানত তিনিখন মাৰাঠী ছবি প্ৰদৰ্শিত হ’ব, যাৰ প্ৰতিখনেই একোটা সুকীয়া আখ্যান আগবঢ়াইছে। অমিত পাটকাৰৰ ‘পানিছমেণ্ট’ (শিক্ষা) ছবিত দুটা আপাতদৃষ্টিত অসম্পৰ্কিত চুৰিৰ জৰিয়তে অপৰাধবোধ আৰু ইয়াৰ পৰিণতি পৰীক্ষা কৰা হৈছে। সন্তোষ দাৱাখৰৰ ‘স্কাই ট্ৰী’ (আভাল-বৃক্ষ) ছবিত খৰাঙৰ মাজত এজন গাঁৱলীয়া লোকৰ আশাক চিত্ৰিত কৰা হৈছে, আনহাতে নিপুণ ধৰ্মাধিকাৰীৰ ‘দ্য মুন’ (চান্দোবা) ছবিত শ্বেতৰোগ (vitiligo) আৰু ইয়াক লৈ থকা সামাজিক দৃষ্টিভংগীৰ সৈতে এজন কিশোৰৰ সংগ্ৰামক বন্দী কৰা হৈছে।
ভাৰতীয় পেনোৰামাৰ নিৰ্বাচনসমূহৰ উপৰি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা দীপক গাৱাড়েৰ দ্বাৰা পৰিচালিত ‘টু আহেছ না’ (ইউ আৰ দেয়াৰ, ৰাইট?) ছবিখন 'গালা প্ৰিমিয়াৰছ' শিতানত উপস্থাপন কৰা হ’ব। ছবিখনে শোক, একাকীত্ব আৰু পৰিচয়ৰ দিশসমূহ স্পৰ্শ কৰাৰ লগতে জীৱনলৈ অৰ্থ কঢ়িয়াই অনা অপ্ৰত্যাশিত মানৱীয় সম্পৰ্কসমূহত আলোকপাত কৰিছে।
চন্দ্ৰকান্ত লতা গায়কোৱাডৰ দ্বাৰা পৰিচালিত ‘দেৱখেল’ (Devkhel)-ৰ জৰিয়তে আইএফএফআইৰ 'শ্ৰেষ্ঠ ৱেব ছিৰিজ বঁটা' শিতানতো মাৰাঠী কাহিনীয়ে স্থান লাভ কৰিছে। উপকূলীয় এখন গাঁৱৰ পটভূমিত নিৰ্মিত এই ৰোমাঞ্চকৰ অপৰাধমূলক থ্ৰিলাৰখনত ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ সৈতে জড়িত এক ধাৰাবাহিক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা উন্মোচিত হৈছে, য’ত অন্ধবিশ্বাসে এক ভয়াৱহ সত্যক লুকুৱাই ৰাখিছে।
মহোৎসৱখনে 'শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি' শিতানৰ জৰিয়তে কিংবদন্তি অভিনেতা সূৰ্যকান্ত মান্ধাৰেৰ জন্ম শতবাৰ্ষিকীত তেওঁক স্মৰণ কৰি মাৰাঠী চলচ্চিত্ৰৰ সমৃদ্ধ ঐতিহ্যকো উদযাপন কৰিছে। এই শ্ৰদ্ধাঞ্জলিৰ অংশ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযানৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয়ে (এনএফএআই) পুনৰুদ্ধাৰ কৰা তেওঁৰ ১৯৬৫ চনৰ মাৰাঠী ছবি ‘সাধী মানছে’ (Sadhi Manase) প্ৰদৰ্শন কৰা হ’ব। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত তেওঁৰ বলিষ্ঠ আৰু স্মৰণীয় অভিনয়ৰ বাবে খ্যাত প্ৰয়াত নানা পাটেকাৰৰ প্ৰতি সমৰ্পিত এক 'শ্ৰদ্ধাঞ্জলি' শিতানো ৫৭ সংখ্যক আইএফএফআইৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ হিন্দী ছবি ‘দীক্ষা’ (Diksha)ৰ প্ৰদৰ্শনী আৰু মিৰামাৰ সাগৰীয় তীৰত তেওঁৰ কালজয়ী মাৰাঠী ছবি ‘নাটসম্ৰাট’ (Natsamrat)ৰ মুক্ত আকাশৰ তলৰ প্ৰদৰ্শনীয়ে দৰ্শকসকলক ভাৰতীয় চলচ্চিত্ৰলৈ কিংবদন্তি অভিনেতাগৰাকীৰ চিৰস্থায়ী অৱদানক উদযাপন কৰাৰ সুযোগ প্ৰদান কৰিব।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S/ Bibin S Nath/ Darshana Rane/DB