পোষ্ট কৰা হৈছে:
16 NOV 2026 5:00PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’লৱে তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰংভৱন প্ৰেক্ষাগৃহত ভাৰতীয় প্ৰেছ কাউন্সিলৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ সংবাদ কৰ্মীসকলক দ্ৰুতগতিত বিকশিত হোৱা সংবাদ জগত আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ সৈতে খাপ খুৱাই ল’বলৈ আহ্বান জনায়। তেওঁ দায়িত্বশীল সাংবাদিকতা বৰ্তাই ৰখা আৰু সমাজৰ প্ৰতি সংবাদ মাধ্যমৰ দায়বদ্ধতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।
অনুষ্ঠানত পি চি আইৰ অধ্যক্ষা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জনা প্ৰকাশ দেশাই; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ; মূল বক্তা বিশিষ্ট সাংবাদিক শ্ৰী ৰজত শৰ্মা আৰু পি চি আইৰ সদস্য ড° সুধাংশু ত্ৰিবেদী উপস্থিত থাকে। এই বছৰৰ মূল বিষয়বস্তু— “সাংবাদিকতা: জনপ্ৰিয়তাবাদী নে দায়িত্বশীল” (Journalism: Populist or Responsible)-এ দ্ৰুত তথ্য প্ৰচাৰ আৰু ক্ৰমবৰ্ধমান ডিজিটেল প্ৰভাৱৰ যুগত সাংবাদিকতাৰ বিৱৰ্তিত ভূমিকাক তুলি ধৰিছে।
নাগৰিকক সবল আৰু সমাজক শক্তিশালী কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান শ্ৰী অশ্বিনী বৈষ্ণৱৰ
সভাত ভাষণ প্ৰদান কৰি শ্ৰী অশ্বিনী বৈষ্ণৱে প্ৰযুক্তিগত ৰূপান্তৰৰ অভূতপূৰ্ব গতিৰ ওপৰত আলোকপাত কৰি কয় যে আগন্তুক পাঁচ বছৰত যোৱা দুটা দশকতকৈও অধিক পৰিৱৰ্তন দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। তেওঁ যুৱ সাংবাদিকসকলক পৰিৱৰ্তনক আঁকোৱালি ল’বলৈ আৰু নিজৰ দক্ষতা নিৰন্তৰভাৱে উন্নত কৰিবলৈ উৎসাহিত কৰে।

ডিজিটেল প্লেটফৰ্মসমূহৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ক্ৰমবৰ্ধমান ভুৱা তথ্য, ডিপফেক, বিভ্ৰান্তিকৰ বিজ্ঞাপন, ডিজিটেল এৰেষ্ট আৰু শিশুসকলক প্ৰভাৱিত কৰা ক্ষতিকাৰক সমলৰ সন্মুখত কেৱল 'কমিউনিটি গাইডলাইন' যথেষ্ট নেকি সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। নাগৰিকসকলক সবল কৰিবলৈ আৰু উদীয়মান প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ এই পৰিৱৰ্তিত সংবাদ মাধ্যমৰ ক্ষেত্ৰখনক কেনেদৰে নিয়ন্ত্ৰণ কৰা উচিত, সেই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে।
চাঞ্চল্য আৰু দায়িত্ববোধৰ মাজৰ সূক্ষ্ম সীমাৰেখাৰ ওপৰত গুৰুত্ব শ্ৰী ৰজত শৰ্মাৰ

মূল ভাষণ প্ৰদান কৰি শ্ৰী ৰজত শৰ্মাই কয় যে চাঞ্চল্য আৰু দায়িত্ববোধৰ মাজত এক সূক্ষ্ম সীমাৰেখা আছে। ইয়াৰ লগতে তেওঁ সম্পাদকীয় বিচাৰ-বিবেচনা আৰু দায়িত্বশীল প্ৰতিবেদনৰ গুৰুত্বক আগস্থান দিয়ে। জৰুৰীকালীন অৱস্থা, ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ আৰু 'অপাৰেচন সিন্দূৰ'ৰ অভিজ্ঞতা সোঁৱৰণ কৰি তেওঁ বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়ত বাতৰি পৰিৱেশন কৰোঁতে সংযম, সত্যতা নিৰূপণ আৰু সংবেদনশীলতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ডিজিটেল সংবাদ মাধ্যমৰ পৰিৱেশত অধিক দায়বদ্ধতাৰ আহ্বান জনাই তেওঁ সাংবাদিকসকলক চাঞ্চল্যৰ পৰিৱৰ্তে সঠিকতাক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনোৱাৰ লগতে “কম হৈ চৈ, অধিক বাতৰি; কম চাঞ্চল্য, অধিক দায়িত্ববোধ” বাৰ্তাৰে ভাষণ সামৰে।
সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকতাৰ মান ৰক্ষাৰ প্ৰতিশ্ৰুতি দোহাৰিলে পি চি আইৰ অধ্যক্ষাই

পি চি আইৰ অধ্যক্ষা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জনা প্ৰকাশ দেশায়ে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰা আৰু সাংবাদিকতাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত পৰিষদৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। সংবাদ জগতত হোৱা দ্ৰুত ৰূপান্তৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰযুক্তিগত অগ্ৰগতিয়ে কেইছেকেণ্ডমানৰ ভিতৰতে লাখ লাখ লোকৰ বাবে তথ্য সুলভ কৰি তুলিছে। তেওঁ পৰ্যবেক্ষণ কৰে যে এতিয়া ফোন আৰু ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকেই বাতৰি প্ৰচাৰক হ’ব পাৰে, কিন্তু বাতৰি পৰিৱেশন কৰা সকলো লোকেই সাংবাদিকতাৰ নৈতিকতাৰ প্ৰশিক্ষণপ্ৰাপ্ত বা ইয়াৰ দ্বাৰা আৱদ্ধ নহয়।
কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সঠিকতা, সম্পাদকীয় বিচাৰ-বিবেচনা আৰু মানৱীয় দায়বদ্ধতাৰ ওপৰত গুৰুত্ব শ্ৰী চঞ্চল কুমাৰৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে সাংবাদিকতাই জনসাধাৰণৰ অংশগ্ৰহণ আৰু বিশ্বাসযোগ্যতাৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জনপ্ৰিয়তাই সত্যতকৈ অগ্ৰাধিকাৰ পাব নালাগে, বা 'ভাইৰেল' হোৱাৰ প্ৰৱণতাই সত্যতা নিৰূপণক চেৰ পেলাব নালাগে। টি আৰ পি, ক্লিক আৰু ডিজিটেল সংযোগৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথা উল্লেখ কৰি তেওঁ সম্পাদকীয় বিচাৰ-বিবেচনা, তথ্যৰ সত্যতা পৰীক্ষা আৰু বাতৰিৰ পৰা মতামতক পৃথক কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে কৃত্ৰিম বুদ্ধিমত্তাই সাংবাদিকতাত সহায় কৰিব পাৰে, কিন্তু ই এজন সাংবাদিকৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰে।
পি চি আইৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ড° সুধাংশু ত্ৰিবেদীয়ে আন্তঃৰাষ্ট্ৰীয় সূচকাংকসমূহৰ সমালোচনাত্মক পৰীক্ষণৰ আহ্বান জনায় আৰু ভাৰতে উন্নয়নৰ এক নতুন দিশত অগ্ৰসৰ হোৱাৰ সময়ত সততা আৰু তথ্যৰ দায়িত্বশীল প্ৰচাৰ অপৰিহাৰ্য বুলি গুৰুত্ব আৰোপ কৰে।
পি চি আইৰ দ্বাৰা 'সাংবাদিকতাৰ আচৰণ বিধি'ৰ ২০২৬ সংস্কৰণ প্ৰকাশ
এই উদযাপনৰ এক অন্যতম মূল আকৰ্ষণ আছিল ভাৰতীয় প্ৰেছ কাউন্সিলৰ দ্বাৰা 'সাংবাদিকতাৰ আচৰণ বিধি'ৰ ২০২৬ সংস্কৰণ প্ৰকাশ, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:
- প্ৰাকৃতিক দুৰ্যোগ আৰু সংঘাতপূৰ্ণ পৰিস্থিতিৰ সময়ত বাতৰি পৰিৱেশন।
- প্ৰতিবাদ আৰু বিক্ষোভৰ বাতৰি সংগ্ৰহ।
- যৌনকৰ্মী আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বিষয়ে বাতৰি পৰিৱেশন।
- শিশুৰ গোপনীয়তা ৰক্ষা।
- 'অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ আইন, ২০২৫' ৰ সৈতে সংগতি ৰাখি অনলাইন ধনৰ খেল সম্পৰ্কীয় বিজ্ঞাপন।
ভাৰতীয় প্ৰেছ কাউন্সিলৰ বিষয়ে
সংবাদপত্ৰৰ স্বাধীন আৰু দায়িত্বশীল প্ৰতিবেদন নিশ্চিত কৰাৰ উদ্দেশ্যে ছপা মাধ্যমৰ বাবে এক আভ্যন্তৰীণ স্ব-নিয়ন্ত্ৰক ব্যৱস্থা প্ৰদান কৰিবলৈ ১৯৬৬ চনত সংসদৰ এক আইনৰ দ্বাৰা অৰ্ধ-ন্যায়িক কৰ্তৃপক্ষ হিচাপে ভাৰতীয় প্ৰেছ কাউন্সিল গঠন কৰা হৈছিল আৰু ১৯৭৯ চনত ইয়াক পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাৰে পৰা পৰিষদখনে দেশত সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত আৰু সংৰক্ষণ কৰাৰ লগতে বাতৰি কাকত আৰু সংবাদ সংস্থাসমূহৰ মান উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।
*****
Mahesh Kumar/Alisha Mehrotra/Utkarsh Upadhyay/DB