প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

কেণ্টনমেণ্ট অঞ্চলত জ্যেষ্ঠ নাগৰিকৰ কল্যাণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

দিবা-যত্ন কেন্দ্ৰ আৰু জ্যেষ্ঠ নাগৰিক আৱাসগৃহ স্থাপন-জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন লোৱা কৰ্মীসকলৰ বাবে দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থাৰ প্ৰস্তাৱ

অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে বিকশিত ভাৰত@২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। তেওঁলোকৰ কল্যাণ সুনিশ্চিত কৰাটো আমাৰ সামাজিক আৰু নৈতিক দায়িত্ব: প্ৰতিৰক্ষা মন্ত্ৰী

সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে মৰ্যাদাপূৰ্ণ, সুৰক্ষিত আৰু সক্ৰিয় বাৰ্ধক্য সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী

পোষ্ট কৰা হৈছে: 16 NOV 2026 1:07PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা সম্পত্তি সঞ্চালকালয় (DGDE)ৰ জৰিয়তে কেণ্টনমেণ্ট অঞ্চলবিলাকত বসবাস কৰা জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (MoSJE)ৰ সৈতে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে। ২০২৬ চনৰ ১৬ নৱেম্বৰত নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত দিবা-যত্ন কেন্দ্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহ স্থাপনৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন লোৱা কৰ্মীসকলৰ বাবে দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

নিজৰ ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকলক কেৱল পৰিয়ালৰ সদস্য হিচাপেই নহয়, বৰঞ্চ অভিজ্ঞতা, পৰম্পৰা আৰু সামাজিক চেতনাৰ বাহক হিচাপেও অভিহিত কৰে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাত জ্যেষ্ঠ নাগৰিকসকলৰ অভিজ্ঞতা, প্ৰজ্ঞা আৰু পৰামৰ্শ অমূল্য সম্পদ হিচাপে পৰিগণিত হ’ব। পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণত জ্যেষ্ঠ নাগৰিকসকলে আজীৱন আগবঢ়াই অহা অৱদানৰ কথা উল্লেখ কৰি সমাজে তেওঁলোকক যথোচিত সন্মান, নিৰাপত্তা আৰু আপোনত্বৰ অনুভূতি প্ৰদান কৰাটো সামাজিক আৰু নৈতিক দায়িত্ব বুলি অভিহিত কৰে।তেওঁ কয়, “আমাৰ সাংস্কৃতিক মূল্যবোধে আমাক ‘মাতৃ দেৱো ভৱ, পিতৃ দেৱো ভৱ’ৰ শিক্ষা দিয়ে। জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন লোৱাটো কেৱল পাৰিবাৰিক বিষয় নহয়; এয়া আমাৰ দায়িত্ব।”

জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ কথা স্বীকাৰ কৰিও শ্ৰী ৰাজনাথ সিঙে তেওঁলোকক প্ৰদান কৰা সেৱাসমূহৰ মান নিৰন্তৰ উন্নত কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ সেৱাৰ গুণগত মান মূল্যায়ন কৰা আৰু অধিক উন্নয়নৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ উদ্দেশ্যে দিবা-যত্ন কেন্দ্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহসমূহৰ সামাজিক হিচাপ-নিৰীক্ষা  কৰাৰ আহ্বান জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাৰ উদ্দেশ্যে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ কৰে। এই ব্যৱস্থাবোৰৰ ভিতৰত ‘অটল বয়ো-অভ্যুদয় যোজনা’ (AVYAY) অন্যতম। তেওঁ কয় যে এই বুজাবুজিৰ চুক্তিখন কেণ্টনমেণ্ট অঞ্চলবিলাকত বসবাস কৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উন্নত যত্ন, কল্যাণমূলক সেৱা আৰু সক্ৰিয় তথা মৰ্যাদাপূৰ্ণ বাৰ্ধক্য জীৱনৰ সুযোগ নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকৰ সহায়-সমৰ্থনৰ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

ড০ বীৰেন্দ্ৰ কুমাৰে জ্যেষ্ঠ নাগৰিকসকলক অমূল্য অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ বাহক হিচাপে অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ জ্ঞান আৰু অৱদানে ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে কয়, “আমাৰ জোৱানসকলে সাহস, ত্যাগ আৰু নিষ্ঠাৰে দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰাখে। তেওঁলোকে প্ৰাপ্য যত্ন, সন্মান আৰু সহায়-সমৰ্থন লাভ কৰাটো সুনিশ্চিত কৰা আমাৰ সামূহিক দায়িত্ব।”

এই উপলক্ষে প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব শ্ৰী সুধাংশ পন্ত, প্ৰতিৰক্ষা সম্পত্তিৰ সঞ্চালক প্ৰধান শ্ৰীমতী শোভা গুপ্তা আৰু দুয়োটা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বুজাবুজিৰ চুক্তি (MoU) সম্পৰ্কে

প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ‘অটল বয়ো-অভ্যুদয় যোজনা’ (AVYAY)ৰ অধীনত বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিব। ইয়াৰ ভিতৰত কেণ্টনমেণ্ট ব'ৰ্ডবোৰে নিজা বাজেটৰ পৰা পৰিচালনা কৰি অহা বৰ্তমানে চলি থকা দিবা-যত্ন কেন্দ্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহবোৰৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবেও বিত্তীয় সাহায্য অন্তৰ্ভুক্ত থাকিব। হাৰিয়ানাৰ আম্বালা, মহাৰাষ্ট্ৰৰ দেওলালি, মধ্যপ্ৰদেশৰ জবলপুৰ, উত্তৰাখণ্ডৰ ৰাণীখেত আৰু লেন্সডাউনৰ কেণ্টনমেণ্টবোৰে ইতিমধ্যে নিজা বাজেটৰ পৰা দিবা-যত্ন কেন্দ্ৰ পৰিচালনা কৰি আহিছে। আনহাতে, উত্তৰ প্ৰদেশৰ অযোধ্যা আৰু লক্ষ্ণৌ কেণ্টনমেণ্টবোৰে জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহ পৰিচালনা কৰি আহিছে। এই কেন্দ্ৰবোৰৰ বিত্তীয় ব্যৱস্থা মূলতঃ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা লাভ কৰা অনুদানৰ ওপৰত নিৰ্ভৰশীল।

এই বুজাবুজিৰ চুক্তিত ‘অটল বয়ো-অভ্যুদয় যোজনা’ (AVYAY)ৰ অধীনত কেণ্টনমেণ্ট অঞ্চলবোৰত নতুন দিবা-যত্ন কেন্দ্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহ স্থাপনৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিৰক্ষা সম্পত্তিৰ সঞ্চালকালয় প্ৰধান (DGDE)-এ নতুন দিবা-যত্ন কেন্দ্ৰ স্থাপনৰ বাবে আঠটা কেণ্টনমেণ্ট চিনাক্ত কৰিছে। ইয়াৰ উপৰি, পুঁজিৰ অৱস্থাৰ ভিত্তিত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি পাঁচটা কেণ্টনমেণ্টত থকা বৰ্তমানে চলি থকা দিবা-যত্ন কেন্দ্ৰ আৰু দুটা কেণ্টনমেণ্টৰ জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহবোৰৰ সুবিধা সম্প্ৰসাৰণ আৰু উন্নীতকৰণ কৰা হ’ব। DGDE-এ নতুন দিবা-যত্ন কেন্দ্ৰ স্থাপনৰ বাবে চিনাক্ত কৰা কেণ্টনমেণ্টবোৰ হৈছে পশ্চিমবংগৰ বেৰাকপুৰ, কৰ্ণাটকৰ বেলগাম, উত্তৰ প্ৰদেশৰ ঝান্সী, মহাৰাষ্ট্ৰৰ খড়কী আৰু পুনে, তেলেংগানাৰ ছেকেন্দ্ৰাবাদ, তামিলনাডুৰ ছেইণ্ট থমাছ মাউণ্ট আৰু দিল্লী। আনহাতে, দিবা-যত্ন কেন্দ্ৰ শক্তিশালী কৰাৰ বাবে চিনাক্ত কৰা পাঁচটা কেণ্টনমেণ্ট হৈছে হাৰিয়ানাৰ আম্বালা, মহাৰাষ্ট্ৰৰ দেওলালি, মধ্যপ্ৰদেশৰ জবলপুৰ আৰু উত্তৰাখণ্ডৰ ৰাণীখেত আৰু লেন্সডাউন। ইয়াৰ উপৰি, উত্তৰ প্ৰদেশৰ অযোধ্যা আৰু লক্ষ্ণৌ কেণ্টনমেণ্টত থকা জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহসমূহৰ সুবিধাও সম্প্ৰসাৰণ আৰু উন্নীতকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

DGDE আৰু কেণ্টনমেণ্ট ব'ৰ্ডবোৰে উপযুক্ত স্থান আৰু বিদ্যুৎ, পানী যোগান তথা অনাময় ব্যৱস্থাকে ধৰি অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ সুবিধাৰ ব্যৱস্থা কৰিব। আনহাতে, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে এই আঁচনিৰ অধীনত বিত্তীয় সাহায্য, কাৰিকৰী পৰামৰ্শ, প্ৰশিক্ষণৰ আৰ্হি আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায়-সমৰ্থন আগবঢ়াব।

এই বুজাবুজিৰ চুক্তিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন আৰু সেৱা-শুশ্ৰূষাৰ ক্ষেত্ৰত ভাৰতীয় যুৱকক দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ প্ৰস্তাৱ। ভাৰতত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি অনাগত দিনবোৰত প্ৰশিক্ষিত যত্ন প্ৰদানকাৰী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সেৱা-শুশ্ৰূষাৰ প্ৰয়োজন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই পদক্ষেপৰ জৰিয়তে ১২টা কেণ্টনমেণ্ট আৰু ইয়াৰ আশে-পাশে বসবাস কৰা যুৱক-যুৱতীসকলৰ মাজৰ পৰা প্ৰশিক্ষিত যত্ন প্ৰদানকাৰী দক্ষ মানৱ সম্পদ গঢ়ি তুলিব পৰা যাব। এই ১২টা কেণ্টনমেণ্ট হৈছে পশ্চিমবংগৰ বেৰাকপুৰ, কৰ্ণাটকৰ বেলগাম, উত্তৰ প্ৰদেশৰ ঝান্সী, মহাৰাষ্ট্ৰৰ দেওলালি, খড়কী আৰু পুনে, তেলেংগানাৰ ছেকেন্দ্ৰাবাদ, তামিলনাডুৰ ছেইণ্ট থমাছ মাউণ্ট, হাৰিয়ানাৰ আম্বালা, দিল্লী আৰু পঞ্জাবৰ ফিৰোজপুৰ আৰু জলন্ধৰ।

দুয়োটা মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলক লৈ গঠিত এখন যুটীয়া কাৰ্যকৰী গোটে এই পদক্ষেপৰ সমন্বয় সাধন, ৰূপায়ণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়াব।

প্ৰতিৰক্ষা সম্পত্তি বিভাগে ১৯২৬ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই ১০০ বছৰীয়া প্ৰাতিষ্ঠানিক সেৱাৰ গৌৰৱময় যাত্ৰা উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত এই বুজাবুজি চুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। এই অংশীদাৰিত্বই কেণ্টনমেণ্টবিলাকত দক্ষ পৌৰ প্ৰশাসন নিশ্চিত কৰাৰ লগতে এইবোৰৰ বাসিন্দা আৰু স্থানীয় লোকসকলক সামগ্ৰিক সামাজিক কল্যাণৰ ক্ষেত্ৰতো অৱদান আগবঢ়োৱাৰ দিশত বিভাগটোৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰিছে।

এই বুজাবুজিৰ চুক্তিয়ে দুটা মন্ত্ৰালয়ৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে, যিয়ে ‘সমগ্ৰ চৰকাৰী ব্যৱস্থা’ৰ দৃষ্টিভংগীক বাস্তৱতে কাৰ্যকৰী কৰিছে। কেণ্টনমেণ্ট ব'ৰ্ডবোৰৰ প্ৰাতিষ্ঠানিক নেটৱৰ্ক আৰু নাগৰিক আন্তঃগাঁথনিৰ সৈতে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ নীতিগত কাঠামো, কাৰিকৰী দক্ষতা আৰু বিত্তীয় সাহায্যৰ সমন্বয় সাধন কৰি এই ব্যৱস্থাৰ জৰিয়তে বিদ্যমান ৰাজহুৱা সম্পদৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

***

SR/Savvy/PK


(ৰিলিজ আই ডি : 2336982) অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Nepali , हिन्दी , Marathi , Gujarati , Tamil