প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চাৰিদিনীয়া ষট্ মহাপৰ্বৰ সামৰণিত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 16 NOV 2026 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ষট্ মহাপৰ্বৰ চাৰিদিনীয়া অনুষ্ঠান উদয় হোৱা সূৰ্য দেৱতাৰ প্ৰতি অৰ্ঘ্য উৎসৰ্গাৰ সৈতে সমাপ্ত হৈছে। প্ৰকৃতিৰ প্ৰতি উৎসর্গীকৃত এই ঐশ্বৰিক উৎসৱৰ সময়ত দৃঢ় সংকল্প আৰু আধ্যাত্মিক অনুশীলনৰ এক বিস্ময়কৰ সংগম প্ৰত্যক্ষ হোৱা বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ দেশতে উপবাস পালন কৰা সকলো ভক্তৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰিবলৈ ষঠী মাইয়াৰ ওচৰত প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত শ্বেয়াৰ কৰিছেঃ


"উদয় হোৱা সূৰ্য দেৱতাক অর্ঘ্য আগবঢ়োৱাৰ জৰিয়তে আজি মহাপৰ্ব ষটৰ চাৰিদিনীয়া অনুষ্ঠানৰ সামৰণি পৰিল। প্ৰকৃতিৰ প্ৰতি উৎসর্গীকৃত এই ঐশ্বৰিক উৎসৱত সংকল্প আৰু আধ্যাত্মিক অনুশীলনৰ এক বিস্ময়কৰ সংগম দেখা গৈছিল। মই ষঠী মাইয়াক দেশৰ সকলো ভক্তৰ লগতে পৰিয়ালৰ সদস্যসকললৈ শুভাশীষ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো।"

 

*****

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2336786) অতিথি কক্ষ : 28