57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক আই এফ এফ আই-ৰ ইণ্ডিয়ান পেনোৰামা শিতানত প্ৰদৰ্শিত হ’ব ২৫ খন পূৰ্ণ দৈৰ্ঘ্যৰ আৰু ২০ খন চুটি ছবি

আত্মপ্ৰকাশকৰোতা পৰিচালকৰ শ্ৰেষ্ঠ বঁটাৰ বাবে মনোনীত পাঁচখন ছবি; শ্ৰেষ্ঠ ৱেব-ছিৰিজ (OTT) বঁটাৰ বাবে মনোনীত পাঁচটা ৱেব ছিৰিজ

উদ্বোধনী চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছে ‘ধুৰন্ধৰ’ (হিন্দী)আৰু ‘বিকামিং’ (লাডাখী)

পোষ্ট কৰা হৈছে: 14 NOV 2026 5:24PMby PIB Guwahatiৰিলিজ আই ডি : 2336361Views: 12

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ৰ এটি ধ্বজাবাহী শিতান ইণ্ডিয়ান পেনোৰামাত মূলসুঁতিৰ চিনেমা শাখাত পাঁচখন ছবিকে ধৰি ২৫খন পূৰ্ণ দৈৰ্ঘ্যৰ বৈশিষ্ট্যপূৰ্ণ ছবি আৰু ২০২৬ চনৰ বাবে ২০খন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ‘ধুৰন্ধৰ’ (হিন্দী)ক ইণ্ডিয়ান পেনোৰামা ২০২৬ৰ উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত কৰা হৈছে, আৰু লীনা যাদৱৰ পৰিচালনাত নিৰ্মিত ‘বিকামিং’ (লাডাখী)ক চুটি ছবিৰ উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত কৰা হৈছে।

সম্প্ৰতিক সময়ৰ পূৰ্ণদৈৰ্ঘ্যৰ ৪০৪ খন ভাৰতীয় ছবিৰ পৰা পূৰ্ণ দৈৰ্ঘ্যৰ বৈশিষ্ট্যপূৰ্ণ ছবিকেইখন নিৰ্বাচন কৰাৰ বিপৰীতে প্ৰৱেশ লাভ কৰা ৩৫৮ খন চুটি ছবিৰ পৰা ২০ খন চুটি ছবি নিৰ্বাচন কৰা হৈছে। সামগ্ৰিকভবে নিৰ্বাচনসমূহে এই উৎসৱলৈ সমসাময়িক ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ এক বিস্তৃত পৰিসৰ কঢ়িয়াই আনিব, য’ত পূৰ্ণ দৈৰ্ঘ্য আৰু চুটি ছবিৰ ৰূপ আৰু একাধিক ভাষাক সামৰি লোৱা হৈছে। ইণ্ডিয়ান পেনোৰামা-ৰ লক্ষ্য হৈছে চলচ্চিত্ৰ শিল্পৰ প্ৰচাৰৰ বাবে চিনেমা, বিষয়বস্তু আৰু নান্দনিক উৎকৰ্ষতাৰ বৈশিষ্ট্যপূৰ্ণ আৰু অবৈচিত্ৰ্যপূৰ্ণ চলচ্চিত্ৰ নিৰ্বাচন কৰা। বৈশিষ্ট্যপূৰ্ণ আৰু চুটি ছবিৰ বাবে পৃথক জুৰীয়ে নিজৰ নিজৰ অধ্যক্ষৰ নেতৃত্বত এই নিৰ্বাচন গ্ৰহণ কৰে।

ভাৰতীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ অভিষেক ছবিৰ শ্ৰেষ্ঠ পৰিচালক বঁটাৰ জৰিয়তে ভাৰতীয় চিনেমাত নৱাগত দৃষ্টিভংগী, অভিব্যক্তিৰ অভিনৱ ৰূপ আৰু নতুন প্ৰতিভাক উৎসাহিত কৰিব বিচৰা হয়।

ভাৰতীয় পেনোৰামা ২০২৬-ৰ বাবে নিৰ্বাচিত ২৫খন বৈশিষ্ট্যপূৰ্ণ ছবি

১২ গৰাকী সদস্যৰে গঠিত ফিচাৰ ফিল্ম জুৰীৰ নেতৃত্বত আছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক শ্ৰীযুত মধুৰ ভাণ্ডাৰকাৰ। নিৰ্বাচিত বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰসমূহত ভাৰতীয় পেনোৰামা বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শিতানত ২০খন ছবি আৰু মূলসুঁতিৰ চিনেমা শিতানত পাঁচখন ছবি সন্নিবিষ্ট কৰা হৈছে।

 

ক্ৰমিক নং

ছবিৰ শিৰোনাম

ভাষা

পৰিচালক

১

পাৰো – দি আন টল্ড ষ্টৰী অব ব্ৰাইড শ্লেভাৰী

হিন্দী

গজেন্দ্ৰ অহিৰে

২

লালো- কৃষ্ণ সদা সহায়তে

গুজৰাটী

অংকিত ভূপতিভাই সাখিয়া

৩

দ্য কেৰালা ষ্টৰী টু গৌজ বিয়ণ্ড

হিন্দী

কামাখ্য নাৰায়ণ সিং

৪

কৃষ্ণাৱতাৰম

হিন্দী

হাৰ্দিক গজ্জৰ

৫

বাৰ্ডছ অন আইচ

লাডাখী

শ্বাহিল শ্বাহ

৬

স্ক্ৰল

তামিল

কন্নন এছ

৭

পাগ্লা ঘোঁৰা

বাংলা

শেখৰ দাস

৮

আদি অন্ত

মাৰাঠী

মহেশ লিমায়ে(অকা শিৱকুমাৰ লিমায়ে)

৯

উৰুম

নিছি

ডুয়ু টাব্যো

১০

বানৰস

হিন্দী

ভাৰতবালা গণপতি

১১

কবিৰ ছাৰ কা অখৰি লেছন

হিন্দী

ছৰফৰাজ

১২

সিং গীতম

তেলেগু

সিং গীতম শ্ৰীনিবাস ৰাও

১৩

অহ মাই ডগ

হিন্দী

অমিত ৰায়

১৪

ৰুবী-কিউব

কন্নড়া

পি শেষাদ্ৰী

১৫

সেৱ মিচ্চাৰ

হিন্দী

মুস্কান আস্থানা

১৬

পিলি চান্নে

তুলু

অনুপম শাৰধি

১৭

দি গ্ৰেট গ্ৰেণ্ড ছুপাৰহিৰো এলিয়েনছ কা আগমন

হিন্দী

মনীষ ছাইনী

১৮

থাই কিঝাৱি

তামিল

শিৱকুমাৰ মুৰুগেছন

১৯

সুৰ্যমুখী

অসমীয়া

অন্তৰা জি জি চৌধুৰী

২০

সৰ্বম মায়া

মালয়ালম

অখিল সত্যন

 

মূলসুঁতিৰ চিনেমা শিতান

ক্ৰমিক নং

ছবিৰ শিৰোনাম

ভাষা

পৰিচালক

২১

কান্তাৰা এ লিজেণ্ড চেপ্টাৰ ১

কান্নাড়া

ঋষভ চেট্টী

২২

বাপ্যা

মাৰাঠী

সমীৰ তিৱাৰী

২৩

মানা শংকৰা ৱাৰা প্ৰসাদ গাৰু(পাণ্ডগা কী ৱস্তুন্নাৰু)

lsnsig

অনুল ৰৱিপুড়ী

২৪

ধুৰন্ধৰ

হিন্দী

আদিত্য ধৰ

২৫

দেঅ অল বন্দ ২

মাৰাঠী

প্ৰবীণ বিথ্থল তাড়ে

 

ভাৰতীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ অভিষেক পৰিচালকৰ শ্ৰেষ্ঠ বঁটাৰ বাবে মনোনয়ন

ফিচাৰ ফিল্ম জুৰীয়ে ভাৰতীয় ফিচাৰ ফিল্মৰ অভিষেক পৰিচালকৰ শ্ৰেষ্ঠ বঁটাৰ বাবে তলত উল্লেখ কৰা পাঁচখন ছবি মনোনীত কৰিছে:

 

ক্ৰমিক নং

ছবিৰ মূল শিৰোনাম

ভাষা

পৰিচালক

১

চেন্নাই লাভ ষ্টৰী

তেলেগু

ৰৱি বাৰ্মা নাম্বুৰী

২

প্ৰত্যাৱৰ্তন

বাংলা

সমৰ্পণ সেনগুপ্ত

৩

তিঘি

মাৰাঠী

জীজিবিছা কালে

৪

শ্লেজ

কাশ্মিৰী

ৰাজা শ্বিৰ মহম্মদ খান

৫

হনুমান অংশ

হিন্দী

ড০ বিশাল চতুৰ্বেদী

 

ভাৰতীয় পেনোৰামা ২০২৬-ৰ বাবে নিৰ্বাচিত ২০ খন নন-ফিচাৰ ফিল্ম

ছয়গৰাকী সদস্যৰে গঠিত নন-ফিচাৰ ফিল্ম জুৰীৰ নেতৃত্বত আছিল প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক তথা শিক্ষাবিদ শ্ৰী হিমাংশু শেখৰ খাটুৱা। সমসাময়িক ভাৰতীয় নন-ফিচাৰ ফিল্মৰ ৩৫৮ খন প্ৰৱেশৰ পৰা ২০ খন নন-ফিচাৰ ফিল্মৰ পেকেজ বাছনি কৰা হৈছে। এই পেকেজে উদীয়মান আৰু প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সমসাময়িক ভাৰতীয় মূল্যবোধৰ নথিভুক্তকৰণ, অনুসন্ধান, মনোৰঞ্জন আৰু জড়িত হোৱাৰ সামৰ্থ্যক প্ৰতিফলিত কৰে।

 

ক্ৰমিক নং

ছবিৰ শিৰোনাম

ভাষা

পৰিচালক

১

দি আন ছীন হলি ৰিভাৰ সৰস্বতী

হিন্দী

ভাস্কৰ বিশ্বনাথন

২

বিকামিং

লাডাখী

লীনা যাদৱ

৩

শত-শত অটল

হিন্দী

অতুল পাণ্ডে

৪

দি হাগ অব এমপ্টিনেছ

কন্নাড়া

প্ৰদীপ কুমাৰ শেট্টী কে

৫

ৰেড কাৰ্পেট

অসমীয়া

আইমী বৰুৱা

৬

ডেমগ্ৰাফী ইজ ডেষ্টিনী

হিন্দী

কামাখ্যা নাৰায়ণ সিং; অংশুমান শেখৰ

৭

ইকজ অব দা লাষ্ট শ্বেল্টাৰ

হিন্দী

ভাৰত আৰোৰা; ৰাজেশ ভাটীয়া

৮

উইন

তেলেগু

প্ৰবীণ

৯

উইদিডু সাম্পিগে মাত্ৰা

কান্নাড়া

অভিষেক

১০

নিৰ্মাণজলি: দি চণ্ডীগড় অব মেচিয়েজ নৌইকি

ইংৰাজী

সূৰজ কুমাৰ

১১

শিক্ষা

মাৰাঠী

অমিত পাটকাৰ

১২

নকশ-ই-দৌৰ

কাশ্মিৰী

বাব তছাদুক হুছেইন

১৩

চন্দুবা

মাৰাঠী

নিপুন ধৰ্মাধিকাৰী

১৪

অৱল-বৃক্ষ

মাৰাঠী

সন্তোষ দেৱখৰ

১৫

আট্টাপাড়ি

তামিল

বিজেশ মানি

১৬

ছেভ দা গড

হিন্দী

নিৰজ কুমাৰ মিশ্ৰ

১৭

অমিত অটল

হিন্দী

হিতেশ শংকৰ

১৮

ছুইচ অফ

মালয়ালম

সন্দীপ ফ্ৰান্সিছ

১৯

চলো ইণ্ডিয়ান উইথ এৰিক জী - মিজোৰাম

ইংৰাজী

ৰাজদীপ চৌধুৰী

২০

কথাৰ কথা

বাংলা

ধৃতিশ্ৰী সৰকাৰ

 

১৯৭৮ চনত আই এফ এফ আই-ৰ অধীনত প্ৰৱৰ্তিত ইণ্ডিয়ান পেনোৰামা-ই চিনেমা শিল্পৰ জৰিয়তে ভাৰতীয় ছবি আৰু দেশৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰ কৰে। এইটো শিতান হৈছে বছৰৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিসমূহ প্ৰদৰ্শন আৰু অলাভজনক প্ৰদৰ্শনৰ জৰিয়তে চলচ্চিত্ৰ কলাৰ প্ৰচাৰৰ বাবে উৎসৰ্গিত। আই এফ এফ আই-ত প্ৰদৰ্শনৰ বাহিৰেও নিৰ্বাচিত ছবিসমূহ ভাৰত আৰু বিদেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দ্বিপাক্ষিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত ভাৰতীয় চলচ্চিত্ৰ সপ্তাহ, সাংস্কৃতিক বিনিময় প্ৰট’কলৰ বাহিৰৰ বিশেষ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু ভাৰতৰ বিশেষ ভাৰতীয় পেনোৰামা মহোৎসৱত উপস্থাপন কৰিব পাৰি।

 

* * *

PIB IFFI Team | Lekshmi Priya/ Praveen/ Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2336361
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026