ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ষঠ পূজা উপলক্ষে ৰাষ্ট্ৰপতিৰ শুভেচ্ছা বাৰ্তা

পোষ্ট কৰা হৈছে: 14 NOV 2026 5:23PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ষঠ পূজা উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আস্থা আৰু সূৰ্য উপাসনাৰ পৱিত্ৰ উৎসৱ ষঠ পূজাৰ শুভক্ষণত মই ভাৰতত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়ক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

এই উৎসৱে সূৰ্য দেৱতা আৰু ষঠী মাইয়াৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতীক বহন কৰে। চাৰিদিনীয়াকৈ উদযাপন কৰা এই উৎসৱে ভক্তি, অনুশাসন আৰু একাগ্ৰতাৰ জৰিয়তে আমাৰ সাংস্কৃতিক পৰম্পৰাৰ গুৰুত্বক প্ৰতিফলিত কৰে। ষঠ পূজাৰ সময়ত ভক্তসকলে সূৰ্য দেৱতালৈ ‘অৰ্ঘ্য’ অৰ্পণ কৰি নিজৰ পৰিয়ালৰ সুখ, সমৃদ্ধি আৰু মংগল কামনা কৰে। এই উৎসৱে আমাক প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু পৰিৱেশ সংৰক্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

 

এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ আনন্দ আৰু শান্তি কঢ়িয়াই অনাৰ লগতে সমাজত প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি কৰক। এই শুভক্ষণ উপলক্ষে আহক আমি নদ-নদী আৰু অন্যান্য জলাশয়সমূহ সুৰক্ষিত তথা সংৰক্ষণ কৰাৰ দায়িত্ব পালন কৰিবলৈ সংকল্পবদ্ধ হওঁ।”

****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2336352) অতিথি কক্ষ : 9