তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

গোৱাত ২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৫৭ সংখ্যক আই এফ এফ আইয়ে একত্ৰিত কৰিব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সৃষ্টিশীল কণ্ঠ

উদ্বোধনী অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱান্তৰ সংবাদমেল সম্বোধন; মহোৎসৱত ‘Stories Without Borders’ৰ বিভিন্ন দিশ উন্মোচন

গোৱাত ২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ‘Stories Without Borders’ বিষয়বস্তুৰ অধীনত সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী আৰু সৃষ্টিশীল কণ্ঠসমূহক একত্ৰিত কৰিব।

গোৱাৰ তাজ চিডাডে ডে গোৱা হ'ৰাইজনত ১৩ নৱেম্বৰত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত সংবাদমেল অনুষ্ঠিত হ'ব। সংবাদমেলত এইবাৰৰ সংস্কৰণৰ বিশেষত্ব, মুখ্য আকৰ্ষণ আৰু মূল কাৰ্যসূচীসমূহৰ ওপৰত আলোকপাত কৰা হ'ব।

গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱান্তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰ, এন এফ ডি চিৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং, আই এফ এফ আই ২০২৬ৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰ আৰু মহোৎসৱ জুৰীৰ অধ্যক্ষসকলৰ লগতে গোৱাৰ এণ্টাৰটেইনমেণ্ট ছচাইটীৰ(ই এছ জি) উপাধ্যক্ষ শ্ৰীমতী ডেলিলা লোবো উপস্থিত থাকিব।

আই এফ এফ আইৰ বৰ্ধিত বৈশ্বিক পৰিসৰক প্ৰতিফলিত কৰি মহোৎসৱৰ ৫৭ সংখ্যক সংস্কৰণত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সমৃদ্ধি উদযাপন কৰা বিস্তৃত আৰু বৈচিত্ৰ্যময় কাৰ্যসূচী উপস্থাপন কৰা হ'ব। সংবাদমেলত মহোৎসৱৰ সবিশেষ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰা হ'ব । সমগ্ৰ বিশ্বৰ দৰ্শক আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে পৰিকল্পনা কৰা চিনেমাৰ অভিজ্ঞতা আৰু সৃষ্টিশীল বিনিময়ৰ আভাস প্ৰদান কৰা হব।

‘Stories Without Borders’ৰ বিষয়বস্তুৰে আই এফ এফ আই ২০২৬-এ চলচ্চিত্ৰক ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা মাধ্যম হিচাপে উদযাপন কৰিব বিচাৰে যিয়ে বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ কাহিনীৰ আৰু মানৱ অভিজ্ঞতাৰ ভাব-বিনিময়ৰ জৰিয়তে দৰ্শকসকলক সংযোগ কৰিব

 

***

PIB Panaji | Nana Meshram/Riyas Babu/Darshana Rane/BC


(ৰিলিজ আই ডি : 2335767) অতিথি কক্ষ : 8