কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

পিপিভিএফআৰএ-ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু উদ্ভিদ জিন’ম সংৰক্ষক বঁটা প্ৰদান অনুষ্ঠানত ড° পিকে মিশ্ৰৰ ভাষণ

কৃষকসকলৰ পৰম্পৰাগত জ্ঞানক বৈজ্ঞানিক গৱেষণা, বীজ প্ৰণালী আৰু বজাৰৰ সৈতে সংযোগ কৰাৰ আহ্বান ড° পিকে মিশ্ৰৰ

কৃষকসকলক ভাৰতৰ কৃষি জৈৱ বৈচিত্ৰ্যৰ ৰক্ষক আৰু উদ্ভাৱক হিচাপে স্বীকৃতি দিব লাগিব: ড° পিকে মিশ্ৰ

ভাৰতৰ ৰাষ্ট্ৰীয় জিনবেংক বিশ্বৰ দ্বিতীয় বৃহত্তম; প্ৰায় ৩,০০০ জলবায়ু-সহনশীল শস্যৰ জাত বিকশিত কৰা হৈছে: ড° পিকে মিশ্ৰ

“এটা বঁটাই এজন কৃষকক এবাৰহে সন্মানিত কৰে; কিন্তু এটা বীজ শৃংখল, এখন বজাৰ আৰু লাভৰ ন্যায্য অংশই কৃষকজনক প্ৰতিটো ঋতুতে জীয়াই ৰাখে”: ড° পিকে মিশ্ৰ

পোষ্ট কৰা হৈছে: 12 NOV 2026 4:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পিকে মিশ্ৰই আজি কৃষকসকলক ভাৰতৰ কৃষি জৈৱ বৈচিত্ৰ্যৰ ৰক্ষক আৰু উদ্ভাৱক হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ পৰম্পৰাগত জ্ঞানক বৈজ্ঞানিক গৱেষণা, বীজ প্ৰণালী আৰু বজাৰৰ সুযোগৰ সৈতে সংযোগ কৰাৰ আহ্বান জনায়। উদ্ভিদৰ জাত আৰু কৃষকৰ অধিকাৰ সুৰক্ষা কৰ্তৃপক্ষ (পিপিভিএফআৰএ)-ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু উদ্ভিদ জিন’ম সংৰক্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ড° মিশ্ৰই উল্লেখ কৰে যে উদ্ভিদৰ জাত আৰু কৃষকৰ অধিকাৰ সুৰক্ষা আইন, ২০০১-ৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে।

তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ, কীট-পতংগ আৰু ৰোগ প্ৰতিৰোধী শস্য বিকশিত কৰাৰ লগতে পৰম্পৰাগত জ্ঞান, খাদ্য সংস্কৃতি আৰু সামূহিক জীৱিকা সংৰক্ষণৰ বাবে ভাৰতৰ চহকী কৃষি জৈৱ বৈচিত্ৰ্য অতি গুৰুত্বপূৰ্ণ। তেওঁ ভাৰতৰ ২২টা কৃষি-জৈৱ বৈচিত্ৰ্য হটস্পটৰ ওপৰত আলোকপাত কৰে আৰু সামূহিক নেতৃত্বত হোৱা সংৰক্ষণৰ উদাহৰণ হিচাপে ২০১২ চনত এফএঅ’ৰ দ্বাৰা গোলকীয়ভাৱে গুৰুত্বপূৰ্ণ কৃষি ঐতিহ্য প্ৰণালী হিচাপে স্বীকৃতিপ্ৰাপ্ত ওড়িশাৰ কোৰাপুটৰ কথা উল্লেখ কৰে।

কৃষকৰ অধিকাৰৰ বাবে ভাৰতৰ সুকীয়া পৰিকাঠামোৰ ওপৰত আলোকপাত কৰি ড° মিশ্ৰই কয় যে এই আইনখনে উদ্ভিদ প্ৰজননকাৰীৰ অধিকাৰৰ সৈতে উদ্ভিদৰ জাত সংৰক্ষক, খেতিয়ক আৰু উদ্ভাৱক হিচাপে কৃষকসকলৰ স্বীকৃতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে। পিপিভিএফআৰএ-ৰ অধীনত পঞ্জীয়নভুক্ত প্ৰায় আধা সংখ্যক জাতেই কৃষকৰ জাত। জিনীয় সম্পদ সংৰক্ষণ কৰা সম্প্ৰদায়সমূহৰ বাবে ন্যায্য প্ৰাপ্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত লাভৰ অংশীদাৰিত্বৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় জিন পুঁজিৰ ভূমিকাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে আইচিএআৰ-এনবিপিজিআৰ-ত থকা ৰাষ্ট্ৰীয় জিনবেংক বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰণালীৰ অধীনত প্ৰায় ৩,০০০ জলবায়ু-সহনশীল শস্যৰ জাত বিকশিত কৰা হৈছে। ইয়াৰ উপৰি, তেওঁ অনন্য কৃষি সামগ্ৰীসমূহৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাত ভৌগোলিক ইংগিতৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে।

ড° মিশ্ৰই খাদ্য আৰু কৃষিৰ বাবে উদ্ভিদৰ জিনীয় সম্পদ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তি, নতুন দিল্লীত অনুষ্ঠিত ২০২২ চনৰ পৰিচালনা পৰিষদৰ অধিৱেশন আৰু ২০২৩ চনৰ কৃষকৰ অধিকাৰ সম্পৰ্কীয় গোলকীয় আলোচনা চক্ৰত অংশগ্ৰহণৰ জৰিয়তে কৃষকৰ অধিকাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহলৈ ভাৰতৰ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ ব্ৰিকছ কৃষি মন্ত্ৰীসকলে গ্ৰহণ কৰা ইন্দোৰ ঘোষণা-পত্ৰ আৰু বীজ প্ৰণালীত কৃষকৰ অধিকাৰ সম্পৰ্কীয় গোলকীয় মঞ্চ স্থাপনৰ কথাও উল্লেখ কৰে।

স্বীকৃতিৰ পৰা সৱলীকৰণলৈ গতি কৰাৰ আহ্বান জনাই ড° মিশ্ৰই সামূহিক বীজ বেংক আৰু ক্ষেত্ৰ জিন বেংকসমূহ শক্তিশালী কৰা, পৰম্পৰাগত জ্ঞানক আধুনিক বৈজ্ঞানিক গৱেষণাৰ সৈতে সংযোগ কৰা আৰু কৃষকৰ জাতসমূহক মানসম্পন্ন বীজ প্ৰণালী, কৃষক উৎপাদক সংগঠন তথা বহল বজাৰৰ সৈতে সংযুক্ত কৰাত গুৰুত্ব আৰোপ কৰে। সংৰক্ষণ যাতে বহনক্ষম অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় তাৰ বাবে তেওঁ কৃষক উদ্যোগীকৰণক উৎসাহিত কৰা আৰু ন্যায্য তথা স্বচ্ছ লাভৰ অংশীদাৰিত্ব নিশ্চিত কৰাৰ আহ্বান জনায়।

ভাষণৰ সামৰণি মাৰি ড° মিশ্ৰই কয় যে কৃষকসকলক ভাৰতৰ কৃষি ৰূপান্তৰৰ কেৱল অংশগ্ৰহণকাৰী হিচাপেই নহয়, ইয়াৰ অৱদানকাৰী আৰু হিতাধিকাৰী হিচাপেও স্বীকৃতি দিব লাগিব। পৰম্পৰাগত জাতসমূহ সংৰক্ষণ কৰা কৃষকসকলৰ বাবে নিৰন্তৰ অৰ্থনৈতিক লাভৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “এটা বঁটাই এজন কৃষকক এবাৰহে সন্মানিত কৰে; কিন্তু এটা বীজ শৃংখল, এখন বজাৰ আৰু লাভৰ ন্যায্য অংশই কৃষকজনক প্ৰতিটো ঋতুতে জীয়াই ৰাখে।” তেওঁ কয় যে কৃষি বৈচিত্ৰ্য ৰক্ষা কৰাটো কৃষক, বিজ্ঞানী, বিশ্ববিদ্যালয়, উদ্যোগ, চৰকাৰ আৰু সমাজৰ এক সামূহিক দায়িত্ব। লগতে তেওঁ কৰ্তৃপক্ষ আৰু সকলো বঁটাপ্ৰাপকক অভিনন্দন জ্ঞাপন কৰে।

*****

SS/MS/MM


(ৰিলিজ আই ডি : 2335637) অতিথি কক্ষ : 4