জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

জল শক্তি মন্ত্ৰালয়ৰ দ্বিতীয় পৰ্যায়ৰ জল সঞ্চয় জন ভাগীদাৰী ( জে এছ জে বি) সন্দৰ্ভত নাগৰিকৰ মতামত আহ্বান

পোষ্ট কৰা হৈছে: 12 NOV 2026 3:37PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ে জল সঞ্চয় জন ভাগীদাৰী (জে এছ জে বি)ৰ দ্বিতীয় পৰ্যায়ৰ পৰ্টেলত নাগৰিকৰ মতামত দাখিলৰ সময়সীমা ৩০ নৱেম্বৰ ২০২৬ লৈকে বৃদ্ধি কৰিছে। নাগৰিকৰ মতামত পৰ্টলটো ২৬ জানুৱাৰী ২০২৬ৰ পৰা ৰাইজৰ বাবে মুকলি কৰা হৈছে, যিয়ে দেশৰ নাগৰিকসকলক এই অভিযানৰ অধীনত জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ, ভূগৰ্ভস্থ জল পুনৰ উপলব্ধ কৰোৱা, সংৰক্ষণৰ কামৰ সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰদান কৰাৰ সুযোগ দিয়া হৈছে। এই পদক্ষেপে নাগৰিকসকলক কৃত্ৰিমভাৱে জল সংৰক্ষণ সন্দৰ্ভত নিজৰ মতামত আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিছে।

সক্ৰিয় জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণক প্ৰকৃত জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে ২০২৪ চনৰ ৬ ছেপ্টেম্বৰত গুজৰাটৰ চুৰাটত প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা দেশজোৰা জল সংৰক্ষণ আন্দোলনক আগুৱাই নিয়াত জে এছ জে বিৰ দ্বিতীয় পৰ্যায় এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ২০২৬ চনৰ ৩১ মে’লৈকে এই পদক্ষেপৰ অধীনত সমগ্ৰ দেশতে ১.৫ কোটিতকৈ অধিক বৰষুণৰ পানী সংগ্ৰহ, ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা, পানী সংৰক্ষণ আৰু সংৰক্ষণ ব্যৱস্থা গঢ়ি তোলা হৈছে।

জে এছ জে বি দ্বিতীয় পৰ্যায়ৰ পৰ্টেলত নাগৰিকসকলে মতামত প্ৰদান কৰা ব্যৱস্থাৰ জৰিয়তে জন ভাগীদাৰীক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁলোকৰ মূল্যৱান মতামতৰ জৰিয়তে নাগৰিকে জল সংৰক্ষণৰ প্ৰয়োজনীয়তা চিনাক্ত কৰাত সহায় কৰাৰ লগতে গাঠনিগত কাৰ্য্যক্ষমতা নিৰীক্ষণ কৰা আৰু ইয়াৰ দীৰ্ঘম্যাদী ফলপ্ৰসূতা উন্নত কৰাত অৰিহণা যোগাব পাৰে।

নাগৰিকসকলৰ পৰা পোৱা মতামতেও এই পদক্ষেপৰ অধীনত পঞ্জীভুক্ত সম্পত্তিৰ মূল্যায়নতো সহায় কৰিব। যিহেতু এই পদক্ষেপৰ অধীনত সম্পূৰ্ণ হোৱা কৃত্ৰিম জল সৰক্ষণৰ ভিত্তিত জিলা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অন্যান্য অংশীদাৰসকলক স্বীকৃতি প্ৰদান কৰা হয়। সেয়েহে মতামত প্ৰদান কৰাৰ ক্ষেত্ৰত নাগৰিকৰ অংশগ্ৰহণ বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাই প্ৰতিবেদনৰ মান আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰা, ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতাক প্ৰাধান্য দিয়া, পৰিকাঠামোৰ সঠিক ৰক্ষণাবেক্ষণ আৰু স্থায়ী কাৰ্য্যক্ষমতা নিশ্চিত কৰিবলৈ জিলা আৰু নগৰীয়া স্থানীয় সংস্থাসমূহক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

নাগৰিক আৰু অংশীদাৰসকলে জে এছ জে বি দ্বিতীয় পৰ্যায়ৰ পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত দাখিল কৰিব পাৰে:

https://jsjb.mowr.gov.in/DashboardJsjb.aspx

এই পদক্ষেপৰ জৰিয়তে মন্ত্ৰালয়ে জল সংৰক্ষণ পৰিকাঠামোত জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ লগতে বহনক্ষম জল ব্যৱস্থাপনা আৰু জল সুৰক্ষাৰ দিশত দেশজোৰা আন্দোলনক আৰু অধিক আগুৱাই নিয়াৰ লক্ষ্য স্থিৰ কৰিছে।

****

ND/HM/BC


(ৰিলিজ আই ডি : 2335634) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Nepali , Gujarati , Tamil , Kannada