আয়ুষ
azadi ka amrit mahotsav

প্ৰাকৃতিক চিকিৎসা দিৱস ২০২৬ : বৈজ্ঞানিক গৱেষণাই শক্তিশালী কৰিছে ভাৰতৰ প্ৰকৃতিভিত্তিক স্বাস্থ্যসেৱা ব্যৱস্থা

'প্ৰাকৃতিক চিকিৎসা, স্বস্থ ভাৰত' শীৰ্ষক বিষয়বস্তুৰে ২০২৬ চনৰ ১৮ নৱেম্বৰত কৰ্ণাটকৰ নাগমংগলাত নৱম ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপনৰ আয়োজন

পোষ্ট কৰা হৈছে: 12 NOV 2026 12:12PM by PIB Guwahati

ভাৰতত নেচাৰ'পেথী, অৰ্থাৎ প্ৰাকৃতিক চিকিৎসা পদ্ধতিয়ে ক্ৰমান্বয়ে পৰম্পৰাগত প্ৰকৃতিভিত্তিক চিকিৎসাৰ পৰিসৰ অতিক্ৰম কৰি বৈজ্ঞানিক গৱেষণা, চিকিৎসা পদ্ধতিৰ মূল্যায়ন আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰে এটা সুসংগঠিত ব্যৱস্থাৰ দিশে আগবাঢ়িছে। জীৱনশৈলীৰ সৈতে জড়িত ৰোগ, মেদবহুলতা, মানসিক চাপ আৰু সুস্থ বাৰ্ধক্যৰ বিষয়সমূহৰ প্ৰতি ক্ৰমবৰ্ধমান মনোযোগৰ পৰিপ্ৰেক্ষিতত পুষ্টি, প্ৰাকৃতিক চিকিৎসা পদ্ধতি আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ ওপৰত ইয়াৰ গুৰুত্বই নতুন প্ৰাসংগিকতা লাভ কৰিছে।

 

২০২৬ চনৰ ১৮ নৱেম্বৰত কৰ্ণাটকৰ নাগমংগলাস্থিত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (CRIYN)ত 'প্ৰাকৃতিক চিকিৎসা, স্বস্থ ভাৰত' শীৰ্ষক বিষয়বস্তুৰে নৱম ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন কৰা হ'ব। প্ৰাকৃতিক চিকিৎসা আৰু স্বাস্থ্যৰ উন্নতি, ৰোগ প্ৰতিৰোধ তথা সুস্থ জীৱনশৈলী গ্ৰহণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱস পালনৰ উদ্দেশ্য। এইবাৰৰ বিষয়বস্তুৱে উপযুক্ত খাদ্যাভ্যাস, শাৰীৰিক সক্ৰিয়তা, যোগাভ্যাস, মানসিক চাপ নিয়ন্ত্ৰণ আৰু প্ৰমাণভিত্তিক অন্যান্য প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ জৰিয়তে প্ৰতিৰোধমূলক তথা স্বাস্থ্য-উন্নয়নমূলক সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে মেদবহুলতা প্ৰতিৰোধ আৰু জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ লক্ষ্যৰে ব্যক্তি আৰু সমাজক অধিক স্বাস্থ্যসন্মত তথা বহনক্ষম জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। সুস্থ আৰু সবল ভাৰতৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই দিৱস পালন কৰা হৈছে, য'ত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সুস্থ জীৱন-যাপন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি সামূহিক দায়বদ্ধতাৰ দিশত গুৰুত্ব দিয়া হৈছে।

কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে দোহাৰে , 'প্ৰাকৃতিক চিকিৎসাই জীৱনশৈলী, প্ৰকৃতি আৰু সামগ্ৰিক স্বাস্থ্যৰ মাজৰ নিবিড় সম্পৰ্ক উপলব্ধি কৰিবলৈ আমাক উৎসাহিত কৰে। বিশ্বাসযোগ্য গৱেষণা, গুণগত শিক্ষা আৰু প্ৰচলিত আধুনিক স্বাস্থ্যসেৱাৰ সৈতে দায়িত্বশীল সমন্বয়ৰ জৰিয়তে ইয়াৰ বৈজ্ঞানিক ভেটি শক্তিশালী কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ। এই দৃষ্টিভংগীয়ে সুস্থ আৰু সবল ভাৰতৰ সংকল্পক আগুৱাই নিয়াৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰে।'

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই বিষয়টোত আলোকপাত কৰি কয় , 'প্ৰাকৃতিক চিকিৎসাৰ বিশ্বাসযোগ্যতা আৰু ব্যাপক প্ৰয়োগ শক্তিশালী কৰাৰ বাবে বৈজ্ঞানিক বৈধতা অত্যন্ত গুৰুত্বপূৰ্ণ। চি চি আৰ ৱাই এন আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ জৰিয়তে আমি প্ৰণালীবদ্ধ গৱেষণা, চিকিৎসা পদ্ধতিৰ বৈজ্ঞানিক মূল্যায়ন আৰু সহযোগিতাক উৎসাহিত কৰি আহিছোঁ যাতে উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে প্ৰাকৃতিক চিকিৎসাৰ প্ৰয়োগসমূহৰ মূল্যায়ন কৰাৰ লগতে সেইসমূহক দায়িত্বশীল স্বাস্থ্যসেৱা ব্যৱস্থালৈ ৰূপান্তৰিত কৰিব পাৰি।‘

কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা পৰিষদ (CCRYN)-এ ২০২৫–২৬ বিত্তীয় বৰ্ষত পীয়েৰ-ৰিভিউড গৱেষণা পত্ৰিকাত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰিছে, আনহাতে মন্ত্ৰালয়ৰ অধীনস্থ পাঁচখন গৱেষণা পৰিষদে সামূহিকভাৱে ৬৫৩খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। গৱেষণা, শিক্ষা আৰু জনসম্পৰ্কৰ ক্ষেত্ৰত পৰিষদখনৰ প্ৰতিষ্ঠানিক উপস্থিতিৰ পৰিচয় বহন কৰি সমগ্ৰ দেশত ইয়াৰ ২২টা গোট আছে।

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ শিক্ষা তথা গৱেষণাৰ বাবে উৎসৰ্গিত স্নাতকোত্তৰ প্ৰতিষ্ঠানসমূহৰ লগতে হাৰিয়ানাৰ ঝজ্জৰ আৰু কৰ্ণাটকৰ নাগমংগলাত ২০০খন বিছনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা চিকিৎসালয় স্থাপনৰ জৰিয়তে ভাৰতৰ প্ৰতিষ্ঠানিক আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ ঘটিছে। পুনেৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠানৰ অধীনৰ নিসৰ্গ গ্ৰামত অৱস্থিত প্ৰাকৃতিক চিকিৎসা আৰু যোগ বিজ্ঞানৰ স্নাতক মহাবিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰৰ অধীনত স্থাপিত এই ধৰণৰ প্ৰথমখন মহাবিদ্যালয়। এই প্ৰতিষ্ঠানখনে শৈক্ষিক আৰু চিকিৎসা প্ৰশিক্ষণ, গৱেষণাভিত্তিক শিক্ষা আৰু প্ৰাকৃতিক চিকিৎসা তথা যোগৰ ব্যৱহাৰিক অভিজ্ঞতাৰ জৰিয়তে এই ব্যৱস্থাটোক অধিক শক্তিশালী কৰিছে। ইয়াৰ জৰিয়তে স্নাতকসকলক স্বাস্থ্যসেৱা, গৱেষণা, শিক্ষাদান আৰু ব্যক্তিগত চিকিৎসা অনুশীলনৰ ক্ষেত্ৰত কৰ্মজীৱনৰ বাবে প্ৰস্তুত কৰা হৈছে।

পুনেৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠানে এটা সুকীয়া গৱেষণা বিভাগ আৰু স্বাস্থ্য গৱেষণা বিভাগত পঞ্জীয়নভুক্ত এখন প্ৰতিষ্ঠানিক নৈতিকতা (Ethics) সমিতিৰ জৰিয়তে নিজৰ গৱেষণা প্ৰতিষ্ঠানিক আন্তঃগাঁথনি অধিক সুদৃঢ় কৰিছে। ইয়াৰ পদক্ষেপসমূহৰ ভিতৰত গৱেষণা পদ্ধতি সম্পৰ্কীয় কৰ্মশালা, উত্তম চিকিৎসা অনুশীলন, পৰ্যবেক্ষণমূলক অধ্যয়ন, প্ৰণালীবদ্ধ পৰ্যালোচনা আৰু সহযোগিতামূলক গৱেষণা অন্তৰ্ভুক্ত আছে।

বৰ্ধিত গৱেষণামূলক গুৰুত্ব বিশেষভাৱে প্ৰাসংগিক, কিয়নো প্ৰাকৃতিক চিকিৎসাই স্বাস্থ্যসন্মত খাদ্যাভ্যাস, শাৰীৰিক সক্ৰিয়তা, পৰ্যাপ্ত বিশ্ৰাম আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন বয়সৰ লোকৰ মাজত এই জীৱনশৈলীৰ পদক্ষেপসমূহে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাত সহায় কৰাৰ লগতে জীৱনশৈলীৰ সৈতে জড়িত বিপদাশংকাৰ কাৰকসমূহৰ বিষয়ে অধিক সজাগতা সৃষ্টিত অৰিহণা যোগাব পাৰে।

ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱসত প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক ভেটি শক্তিশালী কৰা, প্ৰতিষ্ঠানিক সামৰ্থ্য বৃদ্ধি আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ দিশত গুৰুত্ব অব্যাহত ৰখা হৈছে। নিৰন্তৰ গৱেষণা, গুণগত শিক্ষা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰতে এটা বিশ্বাসযোগ্য আৰু সহজলভ্য প্ৰাকৃতিক চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লৈছে, যিয়ে দেশৰ সামগ্ৰিক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰচেষ্টাক পৰিপূৰক হিচাপে সহায় কৰাৰ লগতে 'প্ৰাকৃতিক চিকিৎসা, স্বস্থ ভাৰত'ৰ দৃষ্টিভংগীক আগুৱাই নিয়াত অৰিহণা যোগাব।

SR/SV/SG/KrDD


(ৰিলিজ আই ডি : 2335378) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Marathi , हिन्दी , Gujarati , Tamil , Kannada