পোষ্ট কৰা হৈছে:
11 NOV 2026 5:43PM by PIB Guwahati
ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে গুজৰাট পৰ্যটন বিভাগৰ সহযোগত আৰু বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহায়ত আয়োজন কৰা 'ভাৰত পৰ্ব ২০২৬' গুজৰাটৰ একতা নগৰত অনুষ্ঠিত হৈছে। 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ একতাসূচক বিষয়বস্তুৰে আয়োজিত এই উৎসৱত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাণৱন্ত পৰম্পৰা আৰু বৈচিত্ৰ্য উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ অংশ হিচাপে ২০২৬ চনৰ ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই উৎসৱৰ উদ্বোধন কৰে আৰু ১৫ নৱেম্বৰ ২০২৬লৈকে এয়া অব্যাহত থাকিব।

এই উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত কলা, হস্তশিল্প, আঞ্চলিক (থলুৱা) ব্যঞ্জন, লোক-পৰম্পৰা, সংগীত, নৃত্য আৰু থলুৱা কাৰুশিল্পৰ অপূৰ্ব সমাহাৰ ঘটিছে, যাৰ জৰিয়তে দৰ্শনাৰ্থীসকলে একেটা স্থানতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ সুযোগ লাভ কৰিছে ।

ভাৰত পৰ্বৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে থীম পেভিলিয়ন । ইয়াত ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে 'ইনক্ৰেডিবল ইণ্ডিয়া' আৰু কেন্দ্ৰীয় কটেজ ইণ্ডাষ্ট্ৰিজে অংশগ্ৰহণ কৰিছে। এই পেভিলিয়নত ১০০তকৈও অধিক ODOP অৰ্থা 'এক জিলা এক উৎপাদন' সামগ্ৰীৰ লগতে পৰম্পৰাগত হস্তশিল্প, বস্ত্ৰশিল্প, চিত্ৰকলা, কৃষিজাত সামগ্ৰী আৰু বিভিন্ন অঞ্চলৰ স্বকীয় সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে, যাৰ জৰিয়তে ভাৰতৰ বিভিন্ন অঞ্চলৰ শিল্পকলাৰ উৎকৰ্ষ আৰু সাংস্কৃতিক পৰিচয় দাঙি ধৰা হৈছে।
'এক জিলা এক উৎপাদন' প্ৰদৰ্শনীসমূহ এই উৎসৱৰ আন এটি মূল আকৰ্ষণ। অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ নিজ অঞ্চলৰ সুকীয়া দক্ষতা, পৰম্পৰাগত কাৰুশিল্প আৰু স্থানীয় বিশেষত্ব প্ৰতিফলিত কৰা সামগ্ৰীসমূহ দাঙি ধৰিছে। নিপুণভাৱে নিৰ্মিত বস্ত্ৰ আৰু হস্ততাঁত সামগ্ৰীৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত চিত্ৰকলা, হস্তশিল্প আৰু অঞ্চলভিত্তিক বিশেষ কৃষিজাত সামগ্ৰীলৈকে এই প্ৰদৰ্শনসমূহে দৰ্শনাৰ্থীসকলক ভাৰতৰ বিভিন্ন থলুৱা উৎপাদিত সামগ্ৰী আৰু কাৰুশিল্পৰ পৰম্পৰাৰ আভাস দিছে। স্থানীয়ভাৱে প্ৰসিদ্ধ সামগ্ৰীসমূহক এখন ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰি ‘ভাৰত পৰ্ব’ই আঞ্চলিক কাৰুশিল্পৰ প্ৰচাৰ, পৰম্পৰাগত দক্ষতাক উৎসাহিত কৰা আৰু স্থানীয় শিল্পী তথা কাৰিকৰসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰতি অধিক সমাদৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছে। 'ইনক্ৰেডিবল ইণ্ডিয়া' পেভিলিয়নতো ডিজিটেল ব্যৱস্থাৰ জৰিয়তে দেশৰ ঐতিহ্য, সংস্কৃতি আৰু উৎসৱসমূহ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা হৈছে।


পৰম্পৰাগত কাৰিকৰসকলৰ দ্বাৰা প্ৰত্যক্ষ প্ৰদৰ্শন এই উৎসৱৰ আন এটা প্ৰধান আকৰ্ষণ, যিয়ে দৰ্শনাৰ্থীসকলক ভাৰতৰ থলুৱা কাৰুশিল্পসমূহ ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰিছে। এই প্ৰদৰ্শনসমূহৰ ভিতৰত আছে অসমৰ পৰম্পৰাগত মুখা নিৰ্মাণ শিল্প, বিহাৰৰ মধুবনী চিত্ৰকলা আৰু চিক্কি শিল্প, গুজৰাটৰ ৰোগন শিল্প আৰু পৰম্পৰাগত চিত্ৰকলা, ছত্তীশগড়ৰ বাঁহশিল্প, কেৰালাৰ নাৰিকলৰ আঁহৰ সামগ্ৰী নিৰ্মাণ, ওড়িশাৰ পট্টচিত্ৰ চিত্ৰকলা আৰু ৰূপৰ তাঁৰশিল্প (ফিলিগ্ৰী), উত্তৰাখণ্ডৰ ঐপন চিত্ৰকলা আৰু ৰিংগাল বাঁহেৰে পাচি বোৱা শিল্প তথা জম্মু-কাশ্মীৰৰ ছ’জনি শিল্প। এই প্ৰদৰ্শনসমূহে কাৰিকৰসকলক নিজৰ দক্ষতা দাঙি ধৰাৰ লগতে দৰ্শনাৰ্থীসকলক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাগত কলাশৈলী, কৌশল আৰু থলুৱা জ্ঞান ব্যৱস্থাৰ সৈতে পৰিচয় কৰাই দিয়াৰ এখন মঞ্চ প্ৰদান কৰিছে।

এই উৎসৱত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বৈচিত্ৰ্যপূৰ্ণ লোক আৰু শাস্ত্ৰীয় পৰম্পৰাক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। দৰ্শনাৰ্থীসকলে অন্ধ্ৰ প্ৰদেশৰ কুচিপুড়ি, অসমৰ বিহু আৰু অন্যান্য লোকনৃত্য, গুজৰাটৰ গৰ্বা, হাৰিয়ানাৰ পৰম্পৰাগত লোকনৃত্য, কেৰালাৰ থোলপাভাকুথু, ৰাজস্থানৰ ৰাৱণহাট্টাৰ বাদ্যসংগীত, তামিলনাডুৰ পৰম্পৰাগত নৃত্যশৈলী, জম্মু-কাশ্মীৰৰ সন্তুৰ বাদন আৰু পশ্চিমবংগৰ বাউল লোকসংগীত তথা পুৰুলিয়া ছৌ নৃত্যকে ধৰি বিভিন্ন আঞ্চলিক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছে। এই সাংস্কৃতিক পৰিৱেশনসমূহে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ সংগীত, নৃত্য আৰু কলাৰ পৰম্পৰাসমূহক জীৱন্ত ৰূপত তুলি ধৰিছে।

২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আঞ্চলিক খাদ্যসম্ভাৰ আৰু পৰম্পৰাগত ব্যঞ্জনেৰে সজোৱা ফুড ক'ৰ্ট এই উৎসৱৰ অন্যতম আকৰ্ষণ, যিয়ে দৰ্শনাৰ্থীসকলক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ খাদ্য-সংস্কৃতিৰ সোৱাদ লোৱাৰ সুযোগ দিছে। ৰাষ্ট্ৰীয় হোটেল ব্যৱস্থাপনা আৰু কেটাৰিং প্ৰযুক্তি পৰিষদ (NCHMCT)-ৰ দ্বাৰা পৰিচালিত এটা বিশেষ ষ্টুডিঅ' কিটচেনে আঞ্চলিক ৰন্ধন প্ৰণালী আৰু পৰম্পৰাগত খাদ্য প্ৰস্তুতকৰণ কৌশল প্ৰদৰ্শন কৰি এই অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিছে। ফুড ক'ৰ্ট প্ৰাংগণত নিতৌ বিয়লি ৫:০০ বজাৰ পৰা নিশা ৮:০০ বজালৈ ১০খনকৈ ৰাজ্যৰ শিল্পীসকলক লৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে, য'ত আঞ্চলিক খাদ্য, সংগীত আৰু নৃত্যৰ এক প্ৰাণৱন্ত পৰিৱেশ সৃষ্টি হৈছে।


ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য উদযাপনৰ উপৰি ‘ভাৰত পৰ্ব’ই আঞ্চলিক সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা, থলুৱা কলাৰ প্ৰচাৰ কৰা আৰু পৰম্পৰাগত শিল্পী, কাৰিকৰ তথা পৰিৱেশ্য কলাৰ শিল্পীসকলক দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ কাষ চপাই অনাৰ বাবেও এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰিছে। স্থানীয় পৰম্পৰা, কাৰুশিল্প আৰু খাদ্য-সংস্কৃতিয়ে পৰ্যটন অভিজ্ঞতাক চহকী কৰাৰ লগতে বিভিন্ন অঞ্চলৰ সুকীয়া সাংস্কৃতিক পৰিচয় তুলি ধৰাত কিদৰে ভূমিকা পালন কৰে, সেই দিশটোও এই উৎসৱত প্ৰতিফলিত হৈছে।
সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰা আৰু বৈচিত্ৰ্যৰ মাজত ঐক্য উদযাপনৰ মাধ্যমেৰে ভাৰত পৰ্ব ২০২৬-এ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ চেতনাক অধিক শক্তিশালী কৰি তুলিছে। গুজৰাটৰ একতা নগৰত ১৫ নৱেম্বৰ ২০২৬লৈকে দৰ্শনাৰ্থীসকলৰ বাবে এই উৎসৱ মুকলি থাকিব।
***
RK/KrDD