পোষ্ট কৰা হৈছে:
09 NOV 2026 4:24PM by PIB Guwahati
ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ প্ৰাধিকৰণে (TRAI) আজি "দ্য টেলিকমিউনিকেচন ইণ্টাৰকানেকচন (পোৰ্ট শুল্ক) (তৃতীয় সংশোধনী) নিয়মাৱলী, ২০২৬" প্ৰকাশ কৰে। এই সংশোধনীবোৰে আই.পি-আধাৰিত (IP-based) ইণ্টাৰকানেকচনৰ বাবে পোৰ্ট শুল্কৰ এটা গাঁথনি প্ৰৱৰ্তন কৰিছে, যিটো বৰ্তমানৰ E1/TDM-আধাৰিত ইণ্টাৰকানেকচনৰ পোৰ্টসমূহৰ নিয়মসমূহৰ পৰিপূৰক হ'ব। এই নিয়মাৱলীসমূহ ১ জানুৱাৰী ২০২৭ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।
দূৰসংযোগৰ ক্ষেত্ৰত ইণ্টাৰকানেকচন (আন্তঃসংযোগ) মানে হৈছে কাৰিকৰী, কাৰ্যক্ষম আৰু বাণিজ্যিক ব্যৱস্থা, যিয়ে দুটা বা তাতকৈ অধিক টেলিকম নেটৱৰ্কক সংযোগ কৰে। ইয়াৰ ফলত নেটৱৰ্কসমূহৰ মাজত দূৰসংযোগ ট্ৰেফিক প্ৰবাহিত হ'ব পাৰে আৰু বিভিন্ন সেৱা প্ৰদানকাৰীৰ গ্ৰাহকসকলে কোনো বাধা নোহোৱাকৈ ইজনে সিজনৰ সৈতে যোগাযোগ কৰিব পাৰে।
ট্ৰাই এক্ট (TRAI Act), ১৯৯৭ ৰ ধাৰা ১১(১)(বি) এ ট্ৰাইক সেৱা প্ৰদানকাৰীসকলৰ মাজত আন্তঃসংযোগৰ চৰ্ত আৰু নিয়মসমূহ নিৰ্ধাৰণ কৰাৰ লগতে কাৰিকৰী সামঞ্জস্য আৰু কাৰ্যকৰী আন্তঃসংযোগ নিশ্চিত কৰাৰ ক্ষমতা প্ৰদান কৰে। ২০০১ চনৰ নিয়মাৱলী অনুসৰি এটা আন্তঃসংযোগ বিচৰা প্ৰতিষ্ঠানে আন্তঃসংযোগ প্ৰদানকাৰী প্ৰতিষ্ঠানক পোৰ্ট সংযোগৰ বাবে মাচুল দিব লাগে। এই নিয়মসমূহ পুৰণি E1/TDM প্ৰযুক্তিৰ ওপৰত আধাৰিত আছিল আৰু ইয়াৰ মাচুল অন্তিমবাৰৰ বাবে ২০১২ চনত সংশোধন কৰা হৈছিল।
বৰ্তমানৰ নিয়ন্ত্ৰণমূলক গাঁথনিটোক প্ৰাসংগিক, স্বচ্ছ আৰু দক্ষ কৰি ৰাখিবলৈ ট্ৰাই-এ ০৩.০৪.২০২৫ তাৰিখে এক প্ৰাক-পৰামৰ্শ পত্ৰৰ জৰিয়তে পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১০.১১.২০২৫ তাৰিখে এখন বিতং পৰামৰ্শ পত্ৰ জাৰি কৰা হয়। অংশীদাৰসকলৰ পৰা মন্তব্য লোৱাৰ শেষ তাৰিখ আছিল ১৫.১২.২০২৫ আৰু প্ৰতি-মন্তব্যৰ শেষ তাৰিখ আছিল ২৯.১২.২০২৫। মুঠ ১৭ টা অংশীদাৰে মন্তব্য আৰু ৯ টা অংশীদাৰে প্ৰতি-মন্তব্য দাখিল কৰিছিল। ২৮.০১.২০২৬ তাৰিখে এখন মুকলি আলোচনা সভা (OHD) অনুষ্ঠিত হৈছিল। এই সকলোবোৰ মতামত আৰু বিশ্লেষণৰ ভিত্তিত ট্ৰাই-এ এই সংশোধনী নিয়মাৱলী চূড়ান্ত কৰিছে।
সংশোধনী নিয়মাৱলীৰ মূল দিশসমূহ তলত দিয়া হ’ল:
১/ আই.পি (IP) পোৰ্টৰ স্বীকৃতি: "পোৰ্ট"ৰ সংজ্ঞা সংশোধন কৰি পুৰণি E1 পোৰ্ট (2.048 Mbps) আৰু আই.পি পোৰ্ট দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বেণ্ডউইথ Mbps বা Gbpsত প্ৰকাশ কৰা হ’ব।
২/ বাৰ্ষিক আই.পি-পোৰ্ট মাচুলৰ সৰ্বোচ্চ সীমা (Ceiling): বাৰ্ষিক আই.পি-পোৰ্ট মাচুলৰ সৰ্বোচ্চ সীমা প্ৰতি ১ Gbps আই.পি পোৰ্টৰ বাবে ৫.৬ লাখ টকা আৰু প্ৰতি ১০ Gbps আই.পি পোৰ্টৰ বাবে ৪২.৩ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।
৩/ আন্তঃসংযোগ ব্যৱস্থাত নমনীয়তা: সেৱা প্ৰদানকাৰীসকলে আপোচ-মীমাংসাৰ জৰিয়তে নিৰ্ধাৰিত সৰ্বোচ্চ সীমাতকৈ কম মাচুলত সন্মত হ’ব পাৰে। তেওঁলোকে ১ Gbps আৰু ১০ Gbps ৰ বাহিৰে অন্য ক্ষমতাৰ আই.পি পোৰ্টৰ বাবেও সন্মত হ'ব পাৰে, যাৰ মাচুল একে পদ্ধতিৰেই স্বচ্ছভাৱে নিৰ্ধাৰণ কৰা হ’ব।
৪/ সকলো সেৱাতে একে নিয়ম: ফিক্সড-লাইন (লেণ্ডলাইন), ম’বাইল, ৰাষ্ট্ৰীয় দীৰ্ঘ দূৰত্ব (NLD) আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দূৰত্ব (ILD) সেৱাৰ বাবে আই.পি-পোৰ্ট মাচুল সমানে প্ৰযোজ্য হ’ব। আগৰ নিৰ্ধাৰিত মাচুলসমূহ কেৱল E1 পোৰ্টৰ ক্ষেত্ৰতহে বাহাল থাকিব।
৫/ আৰ্থিক জৰিমনাৰ ব্যৱস্থা: নিয়মাৱলীসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ, নিয়ম উলংঘা কৰিলে প্ৰতিটো ঘটনাৰ বাবে প্ৰতিটো সেৱা এলেকাচ (Service Area) সৰ্বোচ্চ ১৫ লাখ টকা পৰ্যন্ত আৰ্থিক জৰিমনা বিহাৰ এক শ্ৰেণীভুক্ত ব্যৱস্থা কৰা হৈছে।
এই সংশোধনী নিয়মাৱলীয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ সৈতে সংযোগ ৰক্ষা কৰিছে। ইয়াৰ ফলত টেলিকম নেটৱৰ্কসমূহৰ মাজত যোগাযোগ অধিক মসৃণ হ’ব আৰু সেৱা প্ৰদানকাৰীসকলৰ মাজত স্বচ্ছতা, বৈষম্যহীনতা আৰু সুস্থ প্ৰতিযোগিতা বৰ্তি থাকিব।
এই নিয়মাৱলীৰ সম্পূৰ্ণ পাঠ্য ট্ৰাইৰ ৱেবছাইট www.trai.gov.in ত উপলব্ধ। যিকোনো স্পষ্টীকৰণ বা তথ্যৰ বাবে ট্ৰাইৰ উপদেষ্টা (নেটৱৰ্ক, স্পেকট্ৰাম আৰু লাইচেন্সিং-১) শ্ৰী সমীৰ গুপ্তাৰ সৈতে adv-nsl1@trai.gov.in ইমেইল আই.ডি বা +91-11-20907752 দূৰভাষ নম্বৰত যোগাযোগ কৰিব পাৰিব।
***
PSF/ARJ/KG