পোষ্ট কৰা হৈছে:
07 NOV 2026 6:50PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দীপাৱলীৰ প্ৰাক্ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “দীপাৱলীৰ এই শুভ ক্ষণত মই ভাৰত তথা বিদেশত বাস কৰা সকলো ভাৰতীয়লৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।
ৰাৱণৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ভগৱান শ্ৰীৰাম অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত এই আনন্দময় উৎসৱ উদযাপন কৰা হৈছিল। ভগৱান শ্ৰীৰামে উজ্জ্বল দীপাৱলীৰ দৃশ্য দৰ্শন কৰিছিল। ইয়েই দীপাৱলীৰ সাংস্কৃতিক আৰু ভক্তিভাৱৰ গুৰুত্ব বহন কৰে। এই উৎসৱে ৰাম ৰাজ্যৰ এক শুভ আৰম্ভণিকো সূচায়।
দীপাৱলী উৎসৱে অশুভ প্ৰবৃত্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ বাৰ্তা বহন কৰে। ই দুখ-কষ্টৰ অন্ত পেলাই এক আনন্দময় আৰু সমৃদ্ধিশালী জীৱনৰ আৰম্ভণিৰ দিশো আঙুলিয়াই দিয়ে। এই উপলক্ষে লোকসকলে নতুন শুভ আৰম্ভণি আৰু কল্যাণৰ বাবে ভগৱান গণেশক আৰু সমৃদ্ধিৰ বাবে মা লক্ষ্মীক পূজা-অৰ্চনা কৰে। দীপাৱলীত সকলোৰে সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়।
মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনা কৰিলোঁ। আহক, আমি পৰিবেশ সুৰক্ষিত ৰাখো, সম্প্ৰীতিৰে বসবাস কৰো আৰু ভাৰতীয় মূল্যবোধেৰে পৰিচালিত আমাৰ দেশপ্ৰেমিক যুৱপ্ৰজন্মই এক ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহেৰে অৱদান আগবঢ়াওঁ।”
****
MJPS/SS/PRK/DB