পোষ্ট কৰা হৈছে:
05 NOV 2026 11:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৪ৰ পৰা ১১৪লৈ বৃদ্ধি পোৱা সন্দৰ্ভত আলোকপাত কৰি কয় যে এই সাফল্যই দেশৰ খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনা আৰু প্ৰতিভাক প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে ৩০ টা স্বৰ্ণপদক লাভ কৰি ৫ টা বিশ্ব অভিলেখ আৰু ৯ টা এছিয়ান অভিলেখ ৰচনা কৰিছে, ৪ টা ইভেণ্ট য’ত ভাৰতে প্ৰতিটো পডিয়ামতে জয়লাভ কৰিছে।
দুটা গুৰুত্বপূৰ্ণ সাফল্যৰ বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে এছিয়ান পেৰা গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা ৬১ গৰাকী খেলুৱৈৰ ভিতৰত ৩৬ গৰাকীয়ে পদক লৈ উভতি আহিছিল। তেওঁ লগতে উল্লেখ কৰে যে ৫৬ গৰাকী মহিলা খেলুৱৈৰ ভিতৰত ৩৪ গৰাকীয়ে পদক লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলৰ সাফল্যই ইয়াকে প্ৰতিফলিত কৰিছে যে যেতিয়া সংকল্প থাকে তেতিয়া কোনো সপোন অতি ডাঙৰ নহয় আৰু কোনো প্ৰত্যাহ্বান অতি বৃহৎ নহয়। তেওঁ লগতে কয় যে ক্ৰীড়া অনুশীলন কৰা যুৱক-যুৱতীসকলৰ প্ৰতি সমাজৰ অসন্তুষ্টিৰ দিনবোৰৰ সমাপ্তি ঘটিছে আৰু ভাৰতে প্ৰতিভাধৰসকলক সদায় সমৰ্থন জনোৱাৰ লগতে উৎসাহিতও কৰিব।
শ্ৰী মোদীয়ে এক্সত লিখিছে;
‘
ৰ পৰা 


এটা দিশৰ পৰা এয়া হৈছে এটা সংখ্যা... এছিয়ান পেৰা গেমছত ভাৰতৰ উত্থানৰ এক পৰিসংখ্যা।
কিন্তু গুৰুত্বপূৰ্ণ দিশটো হ’ল, এই আকস্মিক উত্থানে পৃথক ইংগিত বহন কৰে... আমাৰ খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনা আৰু প্ৰতিভা।
এই বৰ্ষটোত আমাৰ আছিলঃ
৩০ টা স্বৰ্ণ পদক + ৫ টা বিশ্ব অভিলেখ + ৯ টা এছিয়ান অভিলেখ + ৪ টা ইভেণ্ট, য’ত ভাৰতীয়সকলে প্ৰতিটো পডিয়ামতে জয়লাভ কৰিছে!
মোৰ দুটা প্ৰিয় তথ্য বিন্দুঃ
এছিয়ান পেৰা গেমছত প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰা ৬১ গৰাকী খেলুৱৈৰ ভিতৰত ৩৬ গৰাকীয়ে পদক লৈ ঘৰলৈ উভতি আহিছিল।
৫৬ গৰাকী মহিলা খেলুৱৈৰ ভিতৰত ৩৪ গৰাকী পদক বিজয়ী আছে!
আমাৰ খেলুৱৈসকলে প্ৰতিফলিত কৰিছে যে যেতিয়া সংকল্প থাকে তেতিয়া কোনো সপোন অতি ডাঙৰ নহয় আৰু কোনো প্ৰত্যাহ্বান অতি বৃহৎ নহয়।
সেই দিনবোৰৰ কেতিয়াবাই পৰিসমাপ্তি ঘটিছে, যেতিয়া সমাজে ক্ৰীড়া অনুশীলন কৰিব বিচৰা যুৱক-যুৱতীসকলৰ প্ৰতি নেতিবাচক মনোভাব প্ৰকাশ কৰিছিল।
বৰ্তমান আপোনাৰ যদি প্ৰতিভা আছে, তেন্তে ভাৰতে আপোনাক সমৰ্থন কৰিব আৰু আপোনাক উৎসাহিত কৰিব।
আহক, খেলক আৰু উজলি উঠক!’
MJPS/SS/ST/NB