গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ আম্বালাত ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধৰ শ্বহীদ স্মাৰক উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে হাৰিয়ানাত আমূল পৰিৱৰ্তন সাধন কৰিছে : অমিত শ্বাহ
১৮৫৭ চনৰ ১০ মে’ত আম্বালা কেণ্টনমেণ্টৰ পৰাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱৰ ৰণশিঙা বজাইছিল বিপ্লৱী বীৰসকলে

১৮৫৭ চনৰ বিপ্লৱৰ জুই সমগ্ৰ দেশতে বিয়পি পৰিছিল, যিয়ে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল। এই সংগ্ৰামেই সূৰ্য কেতিয়াও মাৰ নোযোৱা বুলি গৌৰৱ কৰা ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল

বাওঁপন্থী ইতিহাসবিদসকলে ১৮৫৭ চনৰ ঘটনাক বিদ্ৰোহ আখ্যা দিছিল, কিন্তু বীৰ সাৱৰকাৰে সত্যটো প্ৰকাশ কৰিছিল—ভাৰতমাতাৰ প্ৰতিগৰাকী সন্তানৰ বাবে এয়া বিদ্ৰোহ নহয়, বৰং স্বাধীনতা সংগ্ৰাম আছিল

১৮৫৭ৰ পৰা ১৯৪৭ চনলৈ ৯০ বছৰৰ সংগ্ৰামত অগণন শ্বহীদে সৰ্বস্ব ত্যাগ কৰিছিল। তেওঁলোকৰ ত্যাগৰ ভেটিতেই আজি মোদীজীৰ নেতৃত্বত আমি এখন বিকশিত ভাৰতৰ সপোন দেখিবলৈ সক্ষম হৈছোঁ

যি দেশে নিজৰ স্বাধীনতাৰ মূল্য উপলব্ধি নকৰে আৰু শ্বহীদসকলৰ তেজৰ ইতিহাস সোণালী আখৰেৰে লিপিবদ্ধ নকৰে, সেই দেশে কেতিয়াও প্ৰগতি সাধন কৰিব নোৱাৰে

৫৯৪ কোটি টকা ব্যয়েৰে ২২ একৰ ভূমিত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক দেশৰ নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেমৰ প্ৰেৰণাৰ উৎস হৈ পৰিব

হাৰিয়ানা দেশৰ প্ৰথমখন ধোঁৱামুক্ত ৰাজ্যত পৰিণত হৈছে আৰু ন্যূনতম সমৰ্থন মূল্যত (এম এছ পি) ২৪বিধ শস্য ক্ৰয় কৰা দেশৰ প্ৰথমখন ৰাজ্যতো পৰিণত হৈছে

হাৰিয়ানাত অনলাইন ট্ৰেন্সফাৰ নীতি প্ৰণয়ন কৰি আমাৰ চৰকাৰে ৰাজ্যৰ পৰা ‘ট্ৰেন্সফাৰ ইণ্ডাষ্ট্ৰী’ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিছে

পঞ্জাবত কৃষকসকলে এতিয়াও এম এছ পিৰ আইনী নিশ্চয়তাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। বিৰোধী দলে তেওঁলোকক মিছা প্ৰতিশ্ৰুতি দিছিল। আমাৰ চৰকাৰক নিৰ্বাচিত কৰক—আমি যি কওঁ, সেয়াই কৰোঁ

হাৰিয়ানাই ড্ৰাগছমুক্ত ৰাজ্য গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে হাৰিয়ানাক বিশেষ অগ্ৰাধিকাৰ দিছে

পোষ্ট কৰা হৈছে: 05 NOV 2026 7:35PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি হাৰিয়ানাৰ আম্বালাত ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ শ্বহীদ স্মাৰক উদ্বোধন কৰে। এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়ব সিং ছাইনী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ১৮৫৭ চনৰ ১০ মে’ত এই পৱিত্ৰ ভূমিৰ পৰাই বিপ্লৱী বীৰসকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱৰ ৰণশিঙা বজাইছিল। এই স্থানৰ পৰাই বিপ্লৱৰ জুইৰ দৰে বিয়পি পৰিছিল আৰু সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল।

ব্ৰিটিছৰ দ্বাৰা প্ৰভান্বিত বাঁওপন্থী আদৰ্শৰ ইতিহাসবিদসকলে ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামক কেৱল বিদ্ৰোহ বুলি অভিহিত কৰিছিল। ব্ৰিটিছসকলৰ বাবে এয়া বিদ্ৰোহ হ'ব পাৰে, কিন্তু বীৰ সাৱৰকাৰে কৈছিল যে ভাৰতমাতাৰ সন্তানসকলৰ বাবে ১৮৫৭ চনৰ বিপ্লৱ কোনো বিদ্ৰোহ নাছিল, বৰং ই আছিল স্বাধীনতা সংগ্ৰাম। হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ আৰু গংগাসাগৰৰ পৰা সোমনাথলৈ বিস্তৃত এই বিশাল দেশৰ প্ৰতিগৰাকী নাগৰিকৰ হৃদয়ত ১৮৫৭ চনৰ বিপ্লৱেই স্বাধীনতাৰ শিখা প্ৰজ্বলিত কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে ১৮৫৭ৰ পৰা ১৯৪৭ চনলৈ চলা এই ৯০ বছৰীয়া মহান সংগ্ৰামত অগণন শ্বহীদে নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল। তেওঁলোকৰ ত্যাগৰ ফলতেই আমি আজিৰ ভাৰত আৰু ভাৰতমাতাক দেখাৰ সৌভাগ্য লাভ কৰিছোঁ। সেই শ্বহীদসকলৰ ত্যাগৰ ভেটিতেই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি এখন বিকশিত ভাৰতৰ কল্পনা কৰিব পাৰিছোঁ। শ্বহীদসকলৰ ত্যাগৰ আধাৰত আৰু ৮০ বছৰ ধৰি গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ ফলত আজি আমি সমগ্ৰ বিশ্বৰ সন্মুখত মৰ্যাদাৰে থিয় দিব পাৰিছোঁ।

১৮৫৭ চনৰ বিপ্লৱৰ মহান যোদ্ধা নানাচাহেব পেছোৱা, ৰাণী লক্ষ্মীবাঈ, তাঁতীয়া টোপে, বেগম হাজৰত মহলকে ধৰি আন বহুতো স্বাধীনতা সংগ্ৰামীয়ে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি দেশৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কোনো এখন দেশে নিজৰ স্বাধীনতাৰ প্ৰকৃত মূল্য তেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰে, যেতিয়ালৈকে স্বাধীনতাৰ বাবে তেজ দিয়া শ্বহীদসকলক যথোচিত সন্মান প্ৰদান কৰা নহয়। যি দেশে নিজৰ ইতিহাসৰ তেজেৰে ৰাঙলী পৃষ্ঠাবোৰ সোণালী আখৰেৰে পুনৰ লিপিবদ্ধ নকৰে, সেই দেশে কেতিয়াও প্ৰগতি সাধন কৰিব নোৱাৰে। আম্বালাত আজি নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ভৱিষ্যৎ প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ বাবে অপৰিসীম দেশপ্ৰেমৰ প্ৰেৰণাৰ উৎস হৈ পৰিব।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে এসময়ত এই পৱিত্ৰ ভূমিৰ মাজেৰে সৰস্বতী নদী বৈ গৈছিল। গংগা-যমুনা দোৱাবলৈকে বিস্তৃত এই অঞ্চলতেই বেদ আৰু উপনিষদ ৰচনা কৰা হৈছিল। এই ভূমিতেই ভগৱান শ্ৰীকৃষ্ণই গীতা উপদেশ প্ৰদান কৰিছিল। এই বীৰভূমিতেই মহাৰাজা অগ্ৰসেনে ভাৰতীয় প্ৰশাসনৰ এটা আদৰ্শ আৰ্হি দাঙি ধৰিছিল। এই ভূমিৰেই ৰাজা নাহৰ সিং আৰু ৰাও তুলা ৰামে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল।

সেই ঐতিহ্যৰ ধাৰা অব্যাহত ৰাখি আজি হাৰিয়ানাৰ দৰে এখন সৰু ৰাজ্যই দেশৰ সেনাবাহিনীলৈ সৰ্বাধিক সংখ্যক জোৱান আগবঢ়াই আহিছে। ভাৰতৰ ক্ৰীড়া পদকৰ তালিকাতো হাৰিয়ানাই ধাৰাবাহিকভাৱে প্ৰথম স্থান লাভ কৰি আহিছে। দেশক খাদ্যশস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়োজন হোৱা সময়ত হাৰিয়ানাৰ কৃষকসকলে দেশৰ খাদ্য ভঁৰাল পৰিপূৰ্ণ কৰি তুলিছিল। শ্বেত বিপ্লৱতো হাৰিয়ানাই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আজি হাৰিয়ানাৰ ভূমিত ৫৯৪ কোটি টকা ব্যয়েৰে ২২ একৰ ভূমিত ১৮৫৭ চনৰ বিপ্লৱৰ এক বিশাল স্মাৰক নিৰ্মাণ কৰা হৈছে। এই স্মাৰকত ২২টা প্ৰদৰ্শনী গেলেৰী আছে। শ্ৰী শ্বাহে কয় যে ঐতিহাসিক নথি-পত্ৰ আৰু হাৰিয়ানাৰ বিভিন্ন লোকশিল্পক একত্ৰিত কৰি আধুনিক প্ৰযুক্তিৰ সহায়ত এই স্মাৰক নিৰ্মাণ কৰাটো  উল্লেখযোগ্য প্ৰয়াস। ইয়াত ভাৰ্চুৱেল ৰিয়েলিটি, হ’ল’গ্ৰাফী আৰু ইণ্টাৰেক্টিভ প্ৰজেকচনৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

ফুলকাৰী আৰু সৰকাণ্ডা শিল্পকৰ্মৰে সজাই তোলা এই স্মাৰকত ২,৫০০ দৰ্শকৰ আসনবিশিষ্ট মুকলি মঞ্চ, লগতে পোহৰ আৰু শব্দৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই সকলো ব্যৱস্থাৰ জৰিয়তে দৰ্শকসকলক ১৮৫৭ চনৰ সময়লৈ উভতি যোৱাৰ  অনুভৱ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

এই স্মাৰক ১৮৫৭ চনৰ বিপ্লৱৰ গৌৰৱ, ত্যাগ আৰু সন্মানৰ লগতে দেশৰ প্ৰতি নিজৰ কৰ্তব্যবোধ জাগ্ৰত কৰা  জীৱন্ত কেন্দ্ৰত পৰিণত হৈছে। দেশৰ সমগ্ৰ যুৱ প্ৰজন্মক আহ্বান জনাই শ্ৰী শ্বাহে কয় যে আজি আমি যি স্থানত উপনীত হৈছোঁ, তাৰ আঁৰত থকা মহান ব্যক্তিসকলৰ বিষয়ে জানিবলৈ সকলোৱে আম্বালাৰ এই স্মাৰক পৰিদৰ্শন কৰিব লাগে আৰু শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে আজি ১,২৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথো উদ্বোধন কৰা হৈছে। এই ঘাইপথৰ জৰিয়তে হাৰিয়ানাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে হাৰিয়ানাত আমূল পৰিৱৰ্তন সাধন কৰিছে।

প্ৰতিটো পৰিয়াললৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰাৰ ফলত হাৰিয়ানা দেশৰ প্ৰথমখন ধোঁৱামুক্ত ৰাজ্যত পৰিণত হৈছে। ন্যূনতম সমৰ্থন মূল্যত ২৪বিধ শস্য ক্ৰয় কৰা ভাৰতৰ একমাত্ৰ ৰাজ্য হৈছে হাৰিয়ানা। নতুন অপৰাধমূলক বিধিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো হাৰিয়ানা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ ৪০ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

হাৰিয়ানাই দেশৰ প্ৰথমখন ৰাজ্য হিচাপে হাইড্ৰ’জেন ৰে’ল চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ প্ৰথমটো উৰণীয়া ৰে’লপথো হাৰিয়ানাত আৰম্ভ কৰা হৈছে। হাৰিয়ানা অন্ত্যোদয় পৰিয়াল পৰিবহণ আঁচনি (হেপ্পী)ৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহক ১,০০০ কিলোমিটাৰ বিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থাও কৰা হৈছে।

দেশৰ সৰ্ববৃহৎ তৃতীয় লিংগ কল্যাণ পৰিষদ হাৰিয়ানাত গঠন কৰা হৈছে। সম্পূৰ্ণ সাক্ষৰ পঞ্চায়ত গঠনৰ পদক্ষেপো হাৰিয়ানাতেই প্ৰথমে গ্ৰহণ কৰা হৈছিল। ৰাজ্যখনত অনলাইন বদলি নীতি প্ৰৱৰ্তন কৰি আমাৰ চৰকাৰে বদলিক কেন্দ্ৰ কৰি গঢ়ি উঠা উদ্যোগ সম্পূৰ্ণৰূপে উৎখাত কৰিছে।

সমগ্ৰ দেশৰ ভিতৰত হাৰিয়ানাই একমাত্ৰ ৰাজ্য, য’ত গাঁওসমূহত এতিয়া ‘লাল ডোৰা’ৰ ব্যৱস্থা নাই। হাৰিয়ানা ৰক্তহীনতামুক্ত ৰাজ্যত পৰিণত হৈছে। দেশৰ প্ৰথমখন আয়ুষ বিদ্যালয় ইয়াত স্থাপন কৰা হৈছিল। ‘পৰিয়াল পৰিচয় পত্ৰ’ প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্যও হাৰিয়ানা। উদ্যানশস্যৰ কৃষকসকলৰ কাষত ‘ভাৱান্তৰ’ আঁচনিৰ জৰিয়তে থিয় দিয়া দেশৰ প্ৰথমখন ৰাজ্য হিচাপেও হাৰিয়ানাই পৰিচয় লাভ কৰিছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনতো হাৰিয়ানাই দেশৰ ভিতৰতে সৰ্বাধিক মজুৰি প্ৰদান কৰে।

বিগত ৬০ বছৰত হাৰিয়ানাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবেও বিশেষ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি শ্বী শ্বাহে তেওঁৰ ভাষণত উল্লেখ কৰে।

 

*****

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2333484) অতিথি কক্ষ : 9