লোকসভা সচিবালয়
azadi ka amrit mahotsav

সংসদৰ আৰ্হিত ৰাজ্যিক বিধানমণ্ডলসমূহৰ বাবে উমৈহতীয়া ডিজিটেল অডিট নিৰীক্ষণ মঞ্চ গঢ়ি তোলাৰ আহ্বান লোকসভাৰ অধ্যক্ষৰ

অধিক ফলপ্ৰসূ আইনী তদাৰকীৰ বাবে শক্তিশালী অডিট আৰু মূল্যায়ন ব্যৱস্থা গঢ়ি তুলিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব: লোকসভাৰ অধ্যক্ষ

লোকলেখা সমিতিসমূহক শক্তিশালী কৰা আৰু আইনী তদাৰকীক অধিক গভীৰ কৰি তোলাৰ বাবে এক নিৰ্ণায়ক ৰূপৰেখা প্ৰদান কৰিব কেৰালাম প্ৰস্তাৱে: লোকসভাৰ অধ্যক্ষ

পিএচি সদস্য, চিএজি বিষয়া আৰু বিধানমণ্ডলৰ কৰ্মচাৰীসকলৰ বাবে উদীয়মান প্ৰযুক্তিৰ সক্ষমতা বিকাশ আৰু প্ৰশিক্ষণ অপৰিহাৰ্য: লোকসভাৰ অধ্যক্ষ

ৰাজ্যিক পিএচিসমূহৰ উৎকৃষ্ট কাৰ্যপদ্ধতি আৰু প্ৰযুক্তিগত উদ্ভাৱনসমূহ সমগ্ৰ দেশতে আদান-প্ৰদান তথা প্ৰয়োগ কৰিব লাগিব: লোকসভাৰ অধ্যক্ষ

তিৰুৱনন্তপুৰমত সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানমণ্ডলসমূহৰ লোকলেখা সমিতিৰ অধ্যক্ষসকলৰ সন্মিলনৰ সামৰণী অধিৱেশনত লোকসভাৰ অধ্যক্ষৰ ভাষণ

পোষ্ট কৰা হৈছে: 04 NOV 2026 4:08PM by PIB Guwahati

আজি তিৰুৱনন্তপুৰমত ভাৰতৰ সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিধানমণ্ডলৰ লোকলেখা সমিতিৰ অধ্যক্ষসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ প্ৰদান কৰি লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই বিধানমণ্ডলৰ সমিতিসমূহৰ কাৰ্যপ্ৰণালীত অধিক প্ৰযুক্তিগত সংযোজনৰ আহ্বান জনায়। সংসদীয় সমিতিসমূহৰ বাবে উপলব্ধ মঞ্চৰ আৰ্হিত ৰাজ্যিক বিধানমণ্ডলসমূহৰ বাবে  উমৈহতীয়া ডিজিটেল ‘অডিট নিৰীক্ষণ মঞ্চ’ৰ প্ৰস্তাৱ দি তেওঁ কয় যে এনে এখন মঞ্চই অডিট পৰ্যবেক্ষণসমূহৰ শৃংখলাবদ্ধ নিৰীক্ষণ সুচল কৰিব, অনুৱৰ্তী ব্যৱস্থাক শক্তিশালী কৰিব আৰু অডিট প্ৰতিবেদনসমূহৰ সময়োপযোগী পৰীক্ষণ তথা নিষ্পত্তি নিশ্চিত কৰিব।

প্ৰযুক্তি প্ৰতিষ্ঠানিক ৰূপান্তৰৰ  আহিলা হৈ পৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰি তেওঁ উল্লেখ কৰে যে ডিজিটেল উদ্ভাৱন গ্ৰহণ কৰিলে আইনী তদাৰকীৰ দক্ষতা, স্বচ্ছতা আৰু কাৰ্যকাৰিতা যথেষ্ট বৃদ্ধি পাব। একে সময়তে, প্ৰযুক্তিৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতাৰ বিৰুদ্ধে সতৰ্ক কৰি দি তেওঁ কয় যে প্ৰযুক্তিগত অগ্ৰগতি সদায় মানৱীয় মূল্যবোধ, প্ৰজ্ঞা আৰু সংবেদনশীলতাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। প্ৰযুক্তিয়ে প্ৰতিষ্ঠানিক দায়বদ্ধতা শক্তিশালী কৰা আৰু সিদ্ধান্ত গ্ৰহণৰ মান উন্নত কৰা উচিত, কিন্তু ই কেতিয়াও মানুহৰ বিচাৰবুদ্ধি আৰু বিবেচনাৰ বিকল্প হ’ব নোৱাৰে। ডিজিটেল মঞ্চৰ জৰিয়তে সৃষ্টি হোৱা আৰু লাভ কৰা তথ্যসমূহৰ নিখুঁততা, প্ৰামাণিকতা আৰু নিৰপেক্ষতা বজাই ৰখাৰ প্ৰয়োজনীয়তাতো তেওঁ গুৰুত্ব আৰোপ কৰে আৰু কয় যে প্ৰযুক্তিচালিত শাসন ব্যৱস্থাৰ বিশ্বাসযোগ্যতা শেষ পৰ্যায়ত সেই তথ্যসমূহৰ নিৰ্ভৰযোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰে, যাৰ ভিত্তিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

সন্মিলনখনত লোকসভাৰ লোকলেখা সমিতিৰ অধ্যক্ষ শ্ৰী কে চি বেণুগোপালে আগবঢ়োৱা পৰামৰ্শসমূহৰ প্ৰসংগ উল্লেখ কৰি লোকসভাৰ অধ্যক্ষই কয় যে অডিট প্ৰতিবেদনসমূহৰ ধাৰাবাহিক নিৰীক্ষণ আৰু সময়োপযোগী নিষ্পত্তিৰ সৈতে জড়িত উমৈহতীয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলৰ সমিতিসমূহে যৌথভাৱে বিস্তৃত অডিট আৰু মূল্যায়ন ব্যৱস্থা গঢ়ি তোলা উচিত। তেওঁ উল্লেখ কৰে যে এনে এক সমন্বিত প্ৰতিষ্ঠানিক ব্যৱস্থাই পাৰস্পৰিক সহযোগিতাক অধিক ত্বৰান্বিত কৰিব, অভিজ্ঞতাৰ আদান-প্ৰদান সুচল কৰিব আৰু সমগ্ৰ দেশৰ লোকলেখা সমিতিসমূহৰ সামূহিক সক্ষমতাক শক্তিশালী কৰি তুলিব।

ৰাজহুৱা ব্যয়ৰ ক্ষেত্ৰত দায়বদ্ধতা নিশ্চিত কৰাত পিএচিসমূহৰ অপৰিহাৰ্য ভূমিকাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগাণনিক অডিটৰে (চিএজি) স্বতন্ত্ৰ তথা নিৰপেক্ষ অডিট সম্পন্ন কৰাৰ বিপৰীতে লোকলেখা সমিতিসমূহে অডিটৰ ফলাফলসমূহ পৰীক্ষা কৰা, বিতং তথ্যভিত্তিক নিৰীক্ষণ চলোৱা আৰু তেওঁলোকৰ পৰামৰ্শাৱলীৰ ফলপ্ৰসূ অনুৱৰ্তন নিশ্চিত কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে। তেওঁ কয় যে অডিট পৰ্যবেক্ষণসমূহ কেৱল প্ৰতিবেদন আৰু নথিপত্ৰৰ মাজতে আবদ্ধ হৈ থাকিব নালাগে; সেইবোৰ উপযুক্ত সংশোধনমূলক পদক্ষেপ আৰু প্ৰশাসনিক কাৰ্যপ্ৰণালীৰ দৃশ্যমান উন্নতিত প্ৰতিফলিত হ’ব লাগিব। তেওঁ লগতে কয় যে কাৰ্যপালিকাই এই সমিতিসমূহৰ পৰামৰ্শাৱলীক উচিত গুৰুত্ব দিব লাগিব আৰু সেইবোৰৰ সময়োপযোগী ৰূপায়ণ নিশ্চিত কৰিব লাগিব।

সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানমণ্ডলসমূহৰ লোকলেখা সমিতিৰ (পিএচি) অধ্যক্ষসকলৰ সন্মিলনত গৃহীত ‘কেৰালাম প্ৰস্তাৱ’ সমাগত বছৰসমূহত এই গুৰুত্বপূৰ্ণ সংসদীয় তথা আইনী প্ৰতিষ্ঠানসমূহৰ কাৰ্যপ্ৰণালী শক্তিশালী কৰাৰ বাবে  তাৎপৰ্যপূৰ্ণ মাৰ্গদৰ্শী কাৰ্যপ্ৰণালী আৰু দূৰদৰ্শী ৰূপৰেখা হিচাপে বিবেচিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে সন্মিলনৰ গভীৰ আলোচনা, সামূহিক প্ৰজ্ঞা আৰু ওলাই অহা পৰামৰ্শসমূহ বাস্তৱ কাৰ্যপন্থাত অৰ্থপূৰ্ণভাৱে প্ৰতিফলিত হ’ব লাগিব। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য উভয় পৰ্যায়তে বিত্তীয় অনুশাসন সুদৃঢ় কৰা, প্ৰতিষ্ঠানিক সক্ষমতা বৃদ্ধি কৰা আৰু শাসন ব্যৱস্থাক অধিক স্বচ্ছ, সঁহাৰিমূলক তথা ফলাফলমুখী কৰি তোলাটোৱেই আমাৰ চূড়ান্ত লক্ষ্য হ’ব লাগিব। এই প্ৰস্তাৱৰ পৰামৰ্শাৱলীয়ে বিধানমণ্ডল আৰু কাৰ্যপালিকা উভয়ৰে কাৰ্যপদ্ধতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁ কয় যে এই প্ৰস্তাৱৰ ফলপ্ৰসূ ৰূপায়ণে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক অধিক শক্তিশালী কৰিব, জনবিশ্বাস সুদৃঢ় কৰিব আৰু সংসদীয় তথা আইনী তদাৰকীৰ মান উন্নত কৰিব।

লোকসভাৰ অধ্যক্ষই উল্লেখ কৰে যে শিক্ষা, স্বাস্থ্যসেৱা, আন্তঃগাঁথনি, সমাজ কল্যাণ আৰু গ্ৰামোন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত ৰাজহুৱা বিনিয়োগৰ পৰিসৰ বৃদ্ধি পোৱাৰ ফলত ৰাজহুৱা পুঁজিৰ বিচক্ষণ আৰু উদ্দেশ্যপ্ৰণোদিত ব্যৱহাৰ নিশ্চিত কৰাৰ দায়িত্ব আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে ৰাইজৰ প্ৰতিটো টকাৰ সঠিক হিচাপ থাকিব লাগিব আৰু যি উদ্দেশ্যে পুঁজি আবণ্টন দিয়া হৈছে, ঠিক সেই উদ্দেশ্যতেই সেয়া ব্যৱহাৰ হ’ব লাগিব।

তেওঁ কয় যে আইনী তদাৰকী কেৱল খৰচৰ পৰীক্ষণৰ মাজতে আবদ্ধ নাথাকি, ৰাজহুৱা পুঁজিয়ে প্ৰকৃততে উদ্দেশ্যপ্ৰণোদিত সুফল প্ৰদান কৰি নাগৰিকসকলৰ জীৱনলৈ পৰিমাপযোগ্য পৰিৱৰ্তন আনিছে নে নাই, তাকো মূল্যায়ন কৰিব লাগিব। তেওঁ লগতে কয় যে চৰকাৰী কাৰ্যসূচী আৰু আঁচনিসমূহৰ মূল্যায়নত সেইবোৰৰ ধাৰাবাহিকতা, গুণমান, সময়োপযোগী ৰূপায়ণ আৰু বাস্তৱ ফলাফলসমূহ অন্তৰ্ভুক্ত হ’ব লাগিব। লাগিলে সেয়া স্থায়ী আন্তঃগাঁথনি নিৰ্মাণেই হওক, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰাই হওক, নাইবা যোগ্য হিতাধিকাৰীসকলক সময়মতে কল্যাণমূলক সাহায্য প্ৰদান কৰাই হওক—ৰাজহুৱা সেৱা প্ৰদানৰ প্ৰতিটো দিশেই পদ্ধতিগত নিৰীক্ষণ আৰু মূল্যায়নৰ আওতালৈ আহিব লাগিব। তেওঁ উল্লেখ কৰে যে যদিও বিভাগীয় স্থায়ী সমিতিসমূহেও এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মূল্যায়ন কৰে, তথাপি বিত্তীয় শালীনতা আৰু ৰাজহুৱা ব্যয়ৰ দায়বদ্ধতা নিশ্চিত কৰাত লোকলেখা সমিতিৰ  বিশেষ দায়িত্ব আছে।

প্ৰতিষ্ঠানিক সক্ষমতা শক্তিশালী কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰী বিৰলাই কয় যে দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ এই যুগত চিএজি আৰু লোকলেখা সমিতিৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলৰ নিৰন্তৰ সক্ষমতা বৃদ্ধি আৰু পেছাদাৰী বিকাশ অতি প্ৰয়োজনীয়। সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ সদস্যসকলো নিজৰ তদাৰকী দায়িত্বত উদীয়মান প্ৰযুক্তিসমূহ বুজি পাবলৈ আৰু ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিবলৈ প্ৰয়োজনীয় জ্ঞান তথা দক্ষতাত পাৰদৰ্শী হ’ব লাগিব। তেওঁ কয় যে নিয়মীয়া প্ৰশিক্ষণ, নতুন সঁজুলিসমূহৰ সৈতে পৰিচিতি আৰু পেছাদাৰী অভিজ্ঞতাৰ আদান-প্ৰদানে নিৰীক্ষণ, পৰ্যবেক্ষণ আৰু মূল্যায়নৰ মান যথেষ্ট বৃদ্ধি কৰিব।

লোকসভাৰ অধ্যক্ষই সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ লোকলেখা সমিতিসমূহৰ মাজত নিয়মীয়া বৈঠক, সন্মিলন আৰু অভিজ্ঞতাৰ আদান-প্ৰদানক প্ৰাতিষ্ঠানিক ৰূপ দিয়াৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে বিভিন্ন ৰাজ্যই বিকশিত কৰা সফল কাৰ্যপদ্ধতি, উদ্ভাৱনীমূলক দৃষ্টিভংগী আৰু প্ৰযুক্তিগত সমাধানৰ আদান-প্ৰদানে  মূল্যৱান শিক্ষণীয় সুযোগ প্ৰদান কৰিব আৰু সমগ্ৰ দেশৰ সমিতিসমূহক ফলপ্ৰসূ আৰ্হিসমূহ গ্ৰহণ তথা প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তুলিব। সন্মিলনখনত ২৭খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা আৰু দৃষ্টিভংগীৰে আলোচনাসমূহ সমৃদ্ধ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে অধিক শক্তিশালী আৰু অধিক ফলপ্ৰসূ আইনী প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে এনে সামূহিক অংশগ্ৰহণ অপৰিহাৰ্য।

শ্ৰী বিৰলাই উল্লেখ কৰে যে সন্মিলনৰ আলোচনাসমূহ আৰু কেৰালা প্ৰস্তাৱক ধাৰাবাহিক প্ৰতিষ্ঠানিক কাৰ্যপন্থালৈ ৰূপান্তৰিত কৰাৰ মাজতেই এই সন্মিলনৰ প্ৰকৃত তাৎপৰ্য নিহিত হৈ থাকিব। আধুনিক প্ৰযুক্তি, তথ্যভিত্তিক নিৰীক্ষণ আৰু ফলপ্ৰসূ অনুৱৰ্তী ব্যৱস্থাৰে শক্তিশালী হৈ উঠা লোকলেখা সমিতিসমূহে যাতে ৰাজহুৱা সম্পদসমূহ বিচক্ষণতা, সততা আৰু স্পষ্ট ৰাজহুৱা উদ্দেশ্যবোধেৰে ব্যৱহাৰ হয়, সেয়া নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি তেওঁ জোৰ দিয়ে।

 

 

ৰাইজৰ ধনৰ ফলপ্ৰসূ দায়বদ্ধতা নিশ্চিত কৰিবলৈ পৰিৱৰ্তিত সময়ৰ সৈতে পিএচিসমূহৰ বিকাশ হ’ব লাগিব: শ্ৰী কে চি বেণুগোপাল

সংসদৰ লোকলেখা সমিতিৰ অধ্যক্ষই কয় যে ক্ৰমাৎ জটিল হৈ পৰা মাধ্যমসমূহৰ মাজেৰে ৰাজহুৱা পুঁজি ব্যৱহাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত দায়বদ্ধতা নিশ্চিত কৰিবলৈ পৰিৱৰ্তিত সময়ৰ সৈতে পিএচিসমূহৰ বিকাশ হ’ব লাগিব। বিধানমণ্ডলত দাখিল কৰা অডিটৰ ফলাফলসমূহক পিএচিয়ে  অৰ্থপূৰ্ণ দায়বদ্ধতালৈ ৰূপান্তৰিত কৰে বুলি উল্লেখ কৰি তেওঁ ৰাজহুৱা আঁচনিসমূহৰ সময়োপযোগী অডিট আৰু সদনসমূহত অডিট প্ৰতিবেদনসমূহ ক্ষিপ্ৰতাৰে দাখিল কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰালয় আৰু বিভাগসমূহৰ পৰা অহা বিলম্বিত, আধৰুৱা নাইবা উত্তৰ নোপোৱা প্ৰশ্নসমূহক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে আৰু কাৰ্যপালিকাক ক্ষিপ্ৰতাৰে সম্পূৰ্ণ সঁহাৰি জনাবলৈ আহ্বান জনায়।

পিএচিৰ কাম-কাজ ৰাইজৰ ওচৰলৈ যাব লাগিব বুলি গুৰুত্ব দি তেওঁ দায়বদ্ধতা শক্তিশালী কৰাৰ উদ্দেশ্যে সংসদ আৰু প্ৰতিখন ৰাজ্যিক বিধানমণ্ডলত অন্তত: এখন পিএচি প্ৰতিবেদন আলোচনাৰ বাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনিসমূহ নিৰীক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত উন্নত সমন্বয়ৰ আহ্বান জনায় আৰু এই আঁচনিসমূহৰ বাবে নিবেদিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পিএচিসমূহৰ মাজত বছৰি অন্ততঃ এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। বিশেষ কৰ্মচাৰী, প্ৰশিক্ষণ আৰু সক্ষমতা বিকাশৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি তেওঁ অডিট দফা আৰু গ্ৰহণ কৰা পদক্ষেপ নিৰীক্ষণ কৰাৰ বাবে এটা ডেশ্ববৰ্ডসহ প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ পোষকতা কৰে।

এই উপলক্ষে কেৰালা বিধানসভাৰ অধ্যক্ষ, কেৰালা বিধানসভাৰ উপাধ্যক্ষ আৰু কেৰালাৰ লোকলেখা সমিতিৰ অধ্যক্ষও উপস্থিত থাকে।

এই দুদিনীয়া সন্মিলনখনত “অডিট, দায়বদ্ধতা আৰু সুশাসন – পিএচিৰ ক্ৰমবিকাশমান ভূমিকা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিস্তৃত আৰু গঠনমূলক আলোচনা অনুষ্ঠিত হয়, য’ত বিশেষভাৱে বিত্তীয় তদাৰকী শক্তিশালী কৰা, অডিটৰ অনুৱৰ্তী ব্যৱস্থাৰ উন্নতি সাধন কৰা, প্ৰযুক্তিগত উদ্ভাৱন গ্ৰহণ কৰা আৰু লোকলেখা সমিতিসমূহৰ প্ৰাতিষ্ঠানিক কাৰ্যকাৰিতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হয়।

***

AM/MM


(ৰিলিজ আই ডি : 2332823) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada , Malayalam