ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
03 NOV 2026 4:33PM by PIB Guwahati
দেশজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট ডিএলচি অভিযান ৫-ৰ অংশ হিচাপে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে ডিঅ’পিপিডব্লিউ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীটস্থিত পঞ্জাব নেচনেল বেংক পিএনবি শাখাৰ সহযোগত আজি এটি মেগা কেম্পৰ আয়োজন কৰে। মুখাৱয়ব চিনাক্তকৰণ প্ৰযুক্তিৰ জৰিয়তে পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰসকলক তেওঁলোকৰ ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰাত সুবিধা প্ৰদান কৰা আৰু ডিজিটেল সেৱাৰ সুবিধা সম্পৰ্কে সজাগতা সৃষ্টি কৰাই আছিল এই শিবিৰৰ মূল উদ্দেশ্য।
উপস্থিত ৰাইজক সম্বোধন কৰি ডিঅ’পিপিডব্লিউৰ সচিব শ্ৰীমতী নিবেদিতা শুক্লা বাৰ্মাই কয় যে বিভাগৰ পদক্ষেপসমূহৰ মূল কেন্দ্ৰবিন্দুই হ’ল পেঞ্চনাৰসকল আৰু ডিজিটেল লাইফ চাৰ্টিফিকেট অভিযানৰ সফলতা নিৰ্ভৰ কৰে দুৰ্গম অঞ্চলত বসবাস কৰা পেঞ্চনাৰসকলকে ধৰি প্ৰতিগৰাকী পেঞ্চনাৰৰ কাষ চপাৰ ওপৰত। জ্যেষ্ঠ পেঞ্চনাৰসকলৰ অংশগ্ৰহণ আৰু অৱদানৰ শলাগ লৈ সচিবে কয় যে বিগত অভিযানৰ সময়ত ৮০ বছৰ আৰু ততোধিক বয়সৰ ১৪ লাখতকৈও অধিক পেঞ্চনাৰে তেওঁলোকৰ ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰিছিল, যিটো আছিল উল্লেখনীয় সফলতা।
সচিবগৰাকীয়ে পেঞ্চনাৰসকলক নিজৰ অভিজ্ঞতা আনৰ সৈতে বিনিময় কৰি আৰু সহকৰ্মী পেঞ্চনাৰসকলক মুখাৱয়ব চিনাক্তকৰণ প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি ডিজিটেল সৱলীকৰণৰ দূত হ’বলৈ আহ্বান জনায়। এই পদক্ষেপৰ সুবিধাৰ দিশটো উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে পেঞ্চনাৰসকলে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বা বেংক শাখালৈ নোযোৱাকৈ ঘৰৰ পৰাই স্মাৰ্টফোন ব্যৱহাৰ কৰি নিজৰ ডিজিটেল জীৱন প্ৰমাণপত্ৰ প্ৰস্তুত কৰিব পাৰে।
ডিঅ’পিপিডব্লিউৰ যুটীয়া সচিব শ্ৰী ধ্ৰুৱজ্যোতি সেনগুপ্তই কয় যে ২০১৪ চনত আৰম্ভ হোৱাৰ পৰা ডিজিটেল লাইফ চাৰ্টিফিকেট সেৱাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু ২০২১ চনত প্ৰৱৰ্তন কৰা মুখাৱয়ব চিনাক্তকৰণ প্ৰযুক্তিয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটো অধিক সহজলভ্য আৰু সুবিধাজনক কৰি তুলিছে। যুটীয়া সচিবগৰাকীয়ে জনায় যে বিগত অভিযানৰ সময়ত মুখাৱয়ব চিনাক্তকৰণৰ জৰিয়তে প্ৰস্তুত কৰা প্ৰমাণপত্ৰৰ সংখ্যা প্ৰায় ৫০ লাখৰ পৰা প্ৰায় ১.২৫ কোটিলৈ বৃদ্ধি পাইছিল। যিসকল পেঞ্চনাৰ শিবিৰলৈ আহিব নোৱাৰে বা স্বতন্ত্ৰভাৱে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অক্ষম, তেওঁলোকৰ বাবে বেংক আৰু ডাকঘৰসমূহৰ জৰিয়তে ঘৰতে সেৱা উপলব্ধ কৰাৰ ব্যৱস্থাৰ কথাও যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰে।
পিএনবি মেগা কেম্পত জ্যেষ্ঠ পেঞ্চনাৰসকলৰ সৈতে মত বিনিময়ৰ সুবিধা কৰাৰ লগতে ডিএলচি সেৱাৰ সমান্তৰালকৈ এটা চিকিৎসা শিবিৰৰ সুবিধাও প্ৰদান কৰা হয়। এই পদক্ষেপে সহজলভ্য, সুৰক্ষিত আৰু পেঞ্চনাৰকেন্দ্ৰিক ডিজিটেল সেৱাৰ প্ৰসাৰ ঘটোৱাৰ প্ৰতি ডিঅ’পিপিডব্লিউৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে।


***
NKR/SR/SK/MM