বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত নেতৃত্ব দিবলৈ যুৱ প্ৰজন্মক কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ আহ্বান

চলিত বৰ্ষত ভাৰতৰ ৰপ্তানিৰ লক্ষ্য ১ লাখ কোটি মাৰ্কিন ডলাৰ নিৰ্ধাৰণ, ইতিমধ্যে ১৪ শতাংশ বৃদ্ধি পঞ্জীয়নঃ শ্ৰী পীয়ূষ গোৱেল

বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশে ভাৰতৰ সৈতে অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তি আৰু মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, ভাৰত বিশ্বৰ এখন বিশ্বাসযোগ্য অংশীদাৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছেঃ শ্ৰী গোৱেল

পোষ্ট কৰা হৈছে: 03 NOV 2026 2:09PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে যুৱ প্ৰজন্মক উচ্চাকাংক্ষী হ’বলৈ, পৰিৱৰ্তনক আদৰি ল’বলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ আহ্বান জনাইছে। আজি নতুন দিল্লীৰ কিৰোৰী মল মহাবিদ্যালয়ত অনুষ্ঠিত ‘য়ং লীডাৰ্ছ ডিছক’ৰ্ছ ফ’ৰাম’ত মূল ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়।

 

তেওঁ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যত কোনো কাৰণতে আপোচ কৰা নহয় আৰু এই লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাত আজিৰ যুৱ প্ৰজন্মই মুখ্য ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰাৰ সময়ত আজিৰ শিক্ষাৰ্থীসকল চল্লিছৰ দেওনাত উপনীত হ’ব আৰু তেওঁলোকৰ সিদ্ধান্ত, আকাংক্ষা তথা অৱদানেই দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব।

 

ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সফলতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে যোৱা বছৰ দেশখনে সৰ্বকালৰ সৰ্বাধিক ৮৬৩ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ -এ) চলিত বছৰৰ এপ্ৰিল-মে’ মাহত প্ৰকাশ কৰা পূৰ্বানুমান অনুসৰি বিশ্ব বাণিজ্যৰ বৃদ্ধিৰ হাৰ ১.৯ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছিল। এনে পৰিস্থিতিত ভাৰতে চলিত বৰ্ষৰ বাবে ১ লাখ কোটি মাৰ্কিন ডলাৰৰ ৰপ্তানি লক্ষ্য নিৰ্ধাৰণ কৰিছে, যি ১৬ শতাংশ বৃদ্ধিৰ ইংগিত বহন কৰে।

 

তেওঁ কয় যে যোৱা বছৰৰ ৰপ্তানিৰ তুলনাত ৫ শতাংশ বৃদ্ধিৰে ৯০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানি লক্ষ্য নিৰ্ধাৰণ কৰিলেও সেয়া উল্লেখযোগ্য সাফল্য হ’লহেঁতেন, বিশেষকৈ বিশ্ব বাণিজ্যৰ পূৰ্বানুমানৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। এই লক্ষ্যই বিশ্ব বাণিজ্যৰ পূৰ্বানুমান কৰা বৃদ্ধিৰ হাৰতকৈ দুগুণতকৈও অধিক বৃদ্ধিৰ ইংগিত দিলেহেঁতেন। কিন্তু ভাৰতে অধিক উচ্চাকাংক্ষী ১ লাখ কোটি মাৰ্কিন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দেশখন এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব বুলি আস্থা প্ৰকাশ কৰি শ্ৰী গোৱেলে কয় যে বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত (এপ্ৰিল-ছেপ্টেম্বৰ) ৰপ্তানিৰ পৰিমাণ ইতিমধ্যে ১৪ শতাংশ বৃদ্ধি পাই ৪৮০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। বাৰ্ষিক লক্ষ্য পূৰণৰ বাবে বাকী ছমাহত ৫২০ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ ৰপ্তানি কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অক্টোবৰতো ৰপ্তানিৰ প্ৰদৰ্শন সন্তোষজনক আছিল বুলি তেওঁ কয়।

 

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে শেহতীয়াকৈ বিশ্ব বাণিজ্যৰ বৃদ্ধিৰ পূৰ্বানুমান সংশোধন কৰি প্ৰায় ৩.৫ শতাংশ কৰিছে। ভাৰতে প্ৰদৰ্শন কৰা ৰপ্তানিৰ পৰিমাণ এই সংশোধনৰ অন্যতম কাৰণ হ’ব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।

 

বিশ্ব অৰ্থনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান মৰ্যাদাৰ বিষয়ে উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে এটা সময়ৰ দুৰ্বল পাঁচখন অৰ্থনীতিৰ অন্যতম দেশ হিচাপে পৰিগণিত ভাৰত আজি বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনীতি আৰু বৃহৎ অৰ্থনীতিসমূহৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বিকাশশীল দেশ। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ প্ৰায় ৫০ কোটি লোক চৰম দৰিদ্ৰতাৰ পৰা ওলাই আহি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জীৱন যাপনৰ মান উন্নত কৰাৰ দিশত আগবাঢ়িছে।

 

তেওঁ ভাৰতৰ বিকাশৰ আঁৰত থকা কেইবাটাও কাৰকৰ কথা এই প্ৰসংগত উল্লেখ কৰে। সেইবোৰৰ ভিতৰত আছে দেশৰ প্ৰতিভাসম্পন্ন মানৱ সম্পদ, যুৱপ্ৰজন্মৰ দক্ষতা, গণতান্ত্ৰিক ব্যৱস্থা, গড় বয়স ৩০ বছৰৰ তলৰ যুৱ জনসংখ্যা, দৃঢ় নেতৃত্ব আৰু গুণগত সামগ্ৰী তথা সেৱাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ মাজত সৃষ্টি হোৱা চাহিদা। এই সকলো শক্তিয়ে সামূহিকভাৱে ভাৰতৰ বিকাশৰ যাত্ৰাক গতি প্ৰদান কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

 

শ্ৰী গোৱেলে কয় যে ভাৰতে বিশ্বৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে আৰু বিশ্বৰ প্ৰায় প্ৰতিটো অঞ্চলৰ দেশেই ভাৰতৰ সৈতে অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তি তথা মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। যুৱ জনসংখ্যা, প্ৰতিভা, কঠোৰ পৰিশ্ৰমৰ মানসিকতা আৰু বিশ্বৰ বিকাশত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতিয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় স্থিতি অধিক শক্তিশালী কৰিছে। ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক ক্ৰমান্বয়ে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

 

কঠিন সময়ত বিভিন্ন দেশৰ প্ৰতি ভাৰতে আগবঢ়োৱা সহযোগিতাৰ কথা স্মৰণ কৰি তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে প্ৰতিগৰাকী ভাৰতীয়ক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰতিষেধক যোগান ধৰিছিল। ইয়াৰ উপৰি সংকটৰ সময়ত উন্নত বা উন্নয়নশীল দেশৰ মাজত পাৰ্থক্য নৰখাকৈ ঔষধ, সাহায্য আৰু পুনৰ্বাসনমূলক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো ভাৰতৰ অৱদানৰ কথা তেওঁ উল্লেখ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতে লাভ কৰা স্বীকৃতি আৰু সন্মানক তেওঁ দেশখনে নিজৰ কাৰ্যকলাপৰ জৰিয়তে গঢ়ি তোলা বিশ্বাসৰ প্ৰতিফলন বুলি অভিহিত কৰে।

 

শিক্ষাৰ্থীসকলক উচ্চাকাংক্ষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাই শ্ৰী গোৱেলে তেওঁলোকক প্ৰশ্ন কৰে যে তেওঁলোকে সীমিত লক্ষ্যত সন্তুষ্ট থাকিবলৈ বিচাৰে নে উন্নত ভৱিষ্যতৰ সপোন দেখিবলৈ বিচাৰে। তেওঁ কয় যে পৰিৱৰ্তনৰ বাবে মানুহৰ চিন্তা-চৰ্চা, কৰ্মপদ্ধতি আৰু জীৱনশৈলীৰ পৰিৱৰ্তন অপৰিহাৰ্য। তেওঁ যুৱ প্ৰজন্মক নিজকে সততে নতুন ৰূপত গঢ়ি তুলিবলৈ, পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিবলৈ আৰু ওৰে জীৱন জ্ঞান আহৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

 

ব্যক্তিত্ব গঢ়ি তোলাত শিক্ষানুষ্ঠানসমূহৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে মহাবিদ্যালয়সমূহে যে কেৱল শৈক্ষিক দিশতেই শিক্ষাৰ্থীকসকলক গঢ়ি তোলে তেনে নহয়, বৰঞ্চ তেওঁলোকৰ চৰিত্ৰ গঠন, প্ৰতিকূলতাৰ সৈতে মুখামুখি হোৱাৰ সামৰ্থ্য, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ মানসিকতাও বিকশিত কৰে। এই শিক্ষানুষ্ঠানসমূহে যুৱপ্ৰজন্মৰ ভৱিষ্যৎ সম্পৰ্কীয় দৃষ্টিভংগী গঢ়ি তোলাৰ লগতে দেশৰ ভৱিষ্যৎ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁলোকক প্ৰস্তুত কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।

 

নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষা জীৱনৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে প্ৰায়ে এই সময়খিনিৰ প্ৰকৃত অৱদান সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে। বাস্তৱ জীৱনত প্ৰৱেশ কৰাৰ পিছতহে তেওঁলোকে উপলব্ধি কৰে শিক্ষকসকলৰ অৱদান, শৈক্ষিক পৰিৱেশ আৰু সেই গঠনমূলক সময়ছোৱাত লাভ কৰা সামগ্ৰিক শিক্ষাই তেওঁলোকৰ জীৱনক কেনেদৰে গঢ় দিছে আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় লৈ উঠাত কেনেদৰে সহায় কৰিছে। অৱশেষত সফলতা নিজৰ হাততেই নিহিত হৈ থাকে বুলিও তেওঁ মত প্ৰকাশ কৰে।

 

শিক্ষাৰ্থীসকলৰ জীৱন আৰু ভৱিষ্যৎ গঢ়ি তোলাত শিক্ষকসকলৰ অৱদানৰ কথাও তেওঁ স্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে যে জীৱনৰ বিভিন্ন পৰ্যায়ত আগবাঢ়ি যোৱাৰ লগে লগে শিক্ষকসকলৰ পৰামৰ্শ আৰু শিক্ষানুষ্ঠানৰ পৰিৱেশৰ প্ৰভাৱ অধিক স্পষ্ট হৈ পৰে।

 

নিজৰ শৈক্ষিক যাত্ৰাৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত প্ৰৱৰ্তন কৰা নমনীয় ব্যৱস্থাৰ বিষয়ে কয়। এই ব্যৱস্থাই শিক্ষাৰ্থীসকলক পাঠ্যক্ৰম সলনি কৰাৰ, শৈক্ষিক কামৰ বাবে কৃতিত্ব অৰ্জন কৰাৰ আৰু এটা শিক্ষাধাৰাৰ পৰা আন এটালৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ কয় যে নিজৰ নিজৰ সপোন পূৰণৰ বাবে অধিক নমনীয়তাপূৰ্ণ পৰিৱেশ লাভ কৰাৰ ক্ষেত্ৰত আজিৰ শিক্ষাৰ্থীসকল সৌভাগ্যৱান।

 

শ্ৰী গোৱেলে কয় যে আজিৰ শিক্ষাৰ্থীসকলৰ সন্মুখত সুযোগৰ পৰিসৰ অধিক বিস্তৃত আৰু তেওঁলোকে নিজৰ পছন্দ অনুসৰি কৰ্ম জীৱন গঢ়াৰ সুবিধা লাভ কৰিছে। দেশৰ প্ৰায় সমগ্ৰ অংশ ডিজিটেল ব্যৱস্থাৰ অধীনলৈ অহাৰ লগতে ১১০ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী থকাৰ ফলত যুৱ প্ৰজন্ম বিশ্বৰ সৈতে সংযুক্ত হৈ পৰিছে আৰু অনলাইন মাধ্যমত জ্ঞান তথা অভিজ্ঞতাৰ বৃহৎ ভাণ্ডাৰ লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ শিক্ষাৰ্থীসকলৰ বাবে ইয়াক শিকিবলৈ, নিজকে বিকশিত কৰিবলৈ আৰু ভাৰতৰ বিকাশত অৰিহণা যোগাবলৈ এটা উল্লেখযোগ্য সুযোগ বুলি অভিহিত কৰে।

 

ভাষণৰ সামৰণিত শ্ৰী গোৱেলে পৰম্পৰাক জীয়াই ৰখা আৰু শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অনুশাসন বৰ্তাই ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অনুশাসন আৰু পৰম্পৰাৰ প্ৰতি সন্মানেই একোটা প্ৰতিষ্ঠানৰ ভেটি গঢ়ি তোলে। তেওঁ শিক্ষাৰ্থীসকলক জীৱনত অনুশাসন বৰ্তাই ৰাখিবলৈ, বৃহত্তৰ লক্ষ্য সন্মুখত ৰাখি আগবাঢ়িবলৈ আৰু আত্মবিশ্বাস তথা সাহস কেতিয়াও হেৰুৱাই নেপেলাবলৈ আহ্বান জনায়। সাহস প্ৰদৰ্শন কৰাসকলেই অৱশেষত সফলতা লাভ কৰে বুলিও তেওঁ দৃঢ়তাৰে কয়।

 

 

 

Abhishek Dayal/ Garima Singh/ Ishita Biswas/UD


(ৰিলিজ আই ডি : 2332135) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , Marathi , हिन्दी , Gujarati