লোকসভা সচিবালয়
azadi ka amrit mahotsav

ভিন্নমতক গণতন্ত্ৰৰ শক্তি হিচাপে তুলি ধৰিবলৈ আইন প্ৰণেতাসকলক লোকসভাৰ অধ্যক্ষৰ আহ্বান

সমাজৰ অন্তিমজন ব্যক্তিক সেৱা আগবঢ়োৱাৰ প্ৰতি সদায় সজাগ আৰু দায়বদ্ধ হৈ থাকিবলৈ আইন প্ৰণেতাসকলক লোকসভাৰ অধ্যক্ষৰ আহ্বান

হাৰিয়ানাৰ ছয় দশকজোৰা উন্নয়ন যাত্ৰা ভাৰতৰ গণতন্ত্ৰৰ শক্তি আৰু দৃঢ়তাৰ উজ্জ্বল নিদৰ্শন: লোকসভাৰ অধ্যক্ষ

সংবিধান কেৱল শাসন চলোৱাৰ এটা গাঁথনি নহয়, বৰঞ্চ ভাৰতৰ জীৱন্ত আত্মা আৰু নৈতিক পথ প্ৰদৰ্শক: লোকসভাৰ অধ্যক্ষ

‘সংবিধান পষেক’ কাৰ্যসূচীৰ অংশ হিচাপে হাৰিয়ানা বিধানসভাই পঞ্চকুলাত আয়োজন কৰা ‘জনপ্ৰতিনিধি সন্মিলন’ লোকসভাৰ অধ্যক্ষৰ দ্বাৰা উদ্বোধন

পোষ্ট কৰা হৈছে: 02 NOV 2026 3:20PM by PIB Guwahati

 সুস্থ আৰু সজীৱ গণতন্ত্ৰত সহমত আৰু ভিন্নমত একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বুলি আজি মন্তব্য আগবঢ়ায় লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই। তেওঁ উল্লেখ কৰে যে নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটাবলৈ, প্ৰশাসনিক আসোঁৱাহসমূহ দূৰ কৰিবলৈ আৰু সুশাসনক আগুৱাই লৈ যাবলৈ ভিন্নমতক  অপৰিহাৰ্য চালিকাশক্তি হিচাপে সদায় আদৰণি জনোৱাৰ লগতে সন্মান কৰা উচিত। ৰাজনৈতিক, দলীয় বা মতাদৰ্শগত পাৰ্থক্য যিয়েই নহওক কিয়, সকলো জনপ্ৰতিনিধিৰ মূল লক্ষ্য সদায় ৰাজ্য তথা দেশৰ নিৰৱচ্ছিন্ন অগ্ৰগতি হ’ব লাগে বুলিও তেওঁ দোহাৰে।

‘সংবিধান পষেক’ কাৰ্যসূচীৰ অংশ হিচাপে হাৰিয়ানা বিধানসভাই আজি পঞ্চকুলাত আয়োজন কৰা ‘জনপ্ৰতিনিধি সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী বিৰলাই এই মন্তব্য আগবঢ়ায়। হাৰিয়ানা বিধানসভাৰ বৰ্তমানৰ আৰু প্ৰাক্তন সদস্যসকলৰ লগতে প্ৰাক্তন মন্ত্ৰীসকলক উদ্দেশি দিয়া ভাষণত তেওঁ হাৰিয়ানাৰ বিগত ছয় দশকজোৰা উন্নয়নৰ যাত্ৰা, সামাজিক-অৰ্থনৈতিক স্থিৰতা আৰু বিভিন্ন ক্ষেত্ৰত দেখুওৱা নেতৃত্বৰ শলাগ লয়। লগতে ৰাজ্যখনৰ এই চমকপ্ৰদ সাফল্যক ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু গণতান্ত্ৰিক আদৰ্শৰ ফচল বুলি অভিহিত কৰে।

বিগত ষাঠি বছৰত ৰাজ্যখনৰ বিকাশৰ দিশটো উল্লেখ কৰি শ্ৰী বিৰলাই কয় যে বহু ঐতিহাসিক তথা প্ৰশাসনিক প্ৰত্যাহ্বান নেওচিও হাৰিয়ানা সদায় ৰাষ্ট্ৰীয় অগ্ৰগতিৰ অগ্ৰণী স্থানত আছে। ভাগৱত গীতাত সন্নিৱিষ্ট কৰ্মৰ চিৰন্তন বাৰ্তাৰ উদাহৰণ দাঙি ধৰি তেওঁ আধুনিক কৃষি প্ৰযুক্তি গ্ৰহণ, শস্যৰ উৎপাদন বৃদ্ধি আৰু দেশৰ খাদ্য সুৰক্ষাত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে কৃষক সমাজৰ প্ৰশংসা কৰে। ইয়াৰ উপৰি দেশৰ সীমান্ত ৰক্ষা আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় বীৰত্বৰ বাবে তেওঁ সশস্ত্ৰ বাহিনীত কৰ্মৰত হাৰিয়ানাৰ যুৱকসকলক শলাগ জনায়। বিশ্ব ক্ৰীড়া জগতত নিৰন্তৰভাৱে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰি অহাৰ বাবে তেওঁ হাৰিয়ানাৰ খেলুৱৈসকলকো প্ৰশংসা কৰে।

ভাৰতৰ সাংবিধানিক যাত্ৰাৰ সৰ্বসমাৱেশী আৰু গঠনমূলক চৰিত্ৰৰ ওপৰত আলোকপাত কৰি শ্ৰী বিৰলাই উল্লেখ কৰে যে খচৰা প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ বাবাচাহেব ড° বিআৰ আম্বেদকাৰৰ মাৰ্গদৰ্শনত আৰু হাৰিয়ানা তথা পঞ্জাবকে ধৰি বিভিন্ন অঞ্চলৰ বিশিষ্ট নেতাসকলৰ অংশগ্ৰহণেৰে গঠিত সংবিধান সভাই বিশাল ভাষিক, সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্ৰ্যৰ মাজতো  সুদৃঢ় সংসদীয় গণতন্ত্ৰৰ ভেটি স্থাপন কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ বৈচিত্ৰ্যময় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সফলতা আৰু বিকাশেই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতীয় গণতন্ত্ৰৰ দৃঢ়তাৰ  জ্বলন্ত প্ৰমাণ। তেওঁ কয়, "আমাৰ সংবিধানখন কেৱল চৰকাৰ চলোৱাৰ এটা গাঁথনিয়েই নহয়; ই হ’ল ভাৰতৰ আত্মা, যিয়ে আমাৰ জাতীয় চেতনা আৰু কোটি কোটি  দেশবাসীৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰে।"

বিধানমণ্ডলত কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতা শেষ হৈ নাযায় বুলি শ্ৰী বিৰলাই স্পষ্ট কৰি দিয়ে। তেওঁ আইন প্ৰণেতাসকলক শাসন আৰু প্ৰশাসনক কেৱল  প্ৰশাসনিক ব্যৱস্থা হিচাপে নলৈ তৃণমূল পৰ্যায়ৰ সবলীকৰণৰ মূল মাধ্যম হিচাপে গণ্য কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সমাজৰ একেবাৰে পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ— শাৰীৰ অন্তিমজন ব্যক্তিৰ জীৱনলৈ বাস্তৱিক সামাজিক-অৰ্থনৈতিক পৰিৱৰ্তন আৰু প্ৰকৃত সুখ কঢ়িয়াই অনাতহে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ চৰম সফলতা নিহিত হৈ থাকে।

উচ্চমানৰ আলোচনা, যুক্তিপূৰ্ণ বাৰ্তালাপ আৰু সংসদীয় মৰ্যাদা ৰক্ষাৰ জৰিয়তে ছয় দশকজোৰা সংসদীয় যাত্ৰাত  উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ বাবে শ্ৰী বিৰলাই হাৰিয়ানা বিধানসভাকো সাধুবাদ জনায়। তেওঁ উল্লেখ কৰে যে এই বিধানসভাই সমগ্ৰ দেশৰ বিধায়িনী সংস্থাসমূহৰ বাবে  অনুপ্ৰেৰণা হিচাপে কাম কৰি আহিছে আৰু প্ৰমাণ কৰিছে যে যেতিয়া গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ জনকল্যাণ আৰু প্ৰতিষ্ঠানিক দায়বদ্ধতাৰ প্ৰতি উৎসৰ্গিত হৈ থাকে, তেতিয়াই সেইবোৰ অধিক শক্তিশালী হৈ পৰে।

এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়াব সিং সাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ শ্ৰী হৰবিন্দৰ কল্যাণ, হাৰিয়ানা বিধানসভাৰ বিৰোধী দলপতি শ্ৰী ভূপিন্দৰ সিং হুদা, হাৰিয়ানাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী মহিপাল ধান্দা আৰু হাৰিয়ানা বিধানসভাৰ উপাধ্যক্ষ ড° কিষাণ লাল মিদ্ধাও উপস্থিত থাকে।

AM/MM


(ৰিলিজ আই ডি : 2331856) অতিথি কক্ষ : 8