প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ৰীচৰ ছৌডা বেত উপস্থিত ভাৰতীয় নৌসেনাৰ জাহাজ ‘ত্ৰিশূল’

পোষ্ট কৰা হৈছে: 01 NOV 2026 10:30AM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ জাহাজ ‘ত্ৰিশূল’  ৩১ অক্টোবৰত গ্ৰীচৰ ছৌডা বে (Souda Bay) বন্দৰত উপস্থিত হয়। ভূমধ্য সাগৰত অব্যাহত থকা নিয়োজিত অভিযানৰ অংশ হিচাপে জাহাজখন এই বন্দৰত উপস্থিত হৈছে।

এই বন্দৰ ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় নৌসেনা আৰু গ্ৰীচৰ নৌসেনাৰ মাজত সামুদ্ৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে জাহাজখনৰ কৰ্মীসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীসমূহৰ ভিতৰত আছে গ্ৰীচৰ নৌসেনাৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু এথেন্সস্থিত ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ সৈতে মত-বিনিময়, পেছাগত আলোচনা, পৰস্পৰৰ যুদ্ধজাহাজ পৰিদৰ্শন, সাংস্কৃতিক বিনিময় আৰু নৌসেনাৰ সহায়ক কাৰ্যকলাপ কেন্দ্ৰ (Naval Support Activity – NSA), ছৌডা বে তথা নাটোৰ সামুদ্ৰিক বাধা প্ৰদান অভিযান প্ৰশিক্ষণ কেন্দ্ৰ (NMIOTC)-ৰ বিভিন্ন সা-সুবিধাৰ সৈতে পৰিচিত হোৱা।

জাহাজখনৰ কৰ্মীসকলে ছৌডা বে যুদ্ধ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। বন্দৰ ভ্ৰমণৰ সময়ছোৱাত জাহাজখন দৰ্শনাৰ্থীৰ বাবেও মুকলি থাকিব।

এই ভ্ৰমণে ভাৰতীয় নৌসেনা আৰু গ্ৰীচৰ নৌসেনাৰ মাজৰ সামুদ্ৰিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ নৌসেনাৰ মাজত পেছাগত সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰিব।

 

VM/AS/PB


(ৰিলিজ আই ডি : 2331305) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam