প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ফিলিপাইনছত অনুষ্ঠিত ‘এ ডি এম এম-প্লাছ’ৰ প্ৰান্তত ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ বৈঠক

ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তোলাৰ অৰ্থে ন-ন পথৰ সন্ধান


মুক্ত, অবাধ আৰু শান্তিপূৰ্ণ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভাৰত আৰু জাপানৰ উমৈহতীয়া দায়বদ্ধতা গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

পোষ্ট কৰা হৈছে: 28 OCT 2026 3:44PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শিনজিৰো কোইজুমিয়ে আজি ফিলিপাইনছৰ চেবুত অনুষ্ঠিত আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক (এ ডি এম এম)-প্লাছৰ প্ৰান্ত পৰত এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে।

দুয়োগৰাকী মন্ত্ৰীয়ে যোৱা আগষ্ট মাহত অনুষ্ঠিত তেওঁলোকৰ পূৰ্বৰ বৈঠকৰ পৰৱৰ্তী সময়ত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা ধাৰাবাহিক অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। পূৰ্বৰ বৈঠকত সহমতত উপনীত হোৱা বিষয়সমূহৰ সৈতে সংগতি ৰাখি হোৱা এই অগ্ৰগতিৰ ভিতৰত আছে—

●          সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতাঃ দুয়োখন দেশৰ কৌশলগত আৰু কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা সুনিৰ্দিষ্ট সামুদ্ৰিক নিৰাপত্তা সহযোগিতাৰ সন্দৰ্ভত আলোচনাই অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ভিতৰত সাগৰীয় মাইন নিষ্ক্ৰিয়কৰণৰ সামৰ্থ্য বৃদ্ধি আৰু জাপানৰ প্ৰযুক্তিগত দক্ষতা তথা ভাৰতৰ উৎপাদন ক্ষমতাক ব্যৱহাৰ কৰি নৌ-সেনাৰ জাহাজ নিৰ্মাণ আৰু নক্সা প্ৰস্তুতৰ ক্ষেত্ৰত যৌথ উন্নয়নৰ সম্ভাৱনাৰ অন্বেষণো অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় নৌ-সেনাৰ উপ-প্ৰধানৰ জাপান ভ্ৰমণৰ দৰে পদক্ষেপে এই ক্ষেত্ৰত সহযোগিতাৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

●          বায়ুসেনাৰ মাজত সহযোগিতাঃ ভাৰত-জাপানৰ বায়ুসেনাৰ যৌথ অনুশীলনৰ সৈতে সংগতি ৰাখি ‘বীৰ গাৰ্জিয়ান ২৬’ৰ সময়ত প্ৰথমবাৰৰ বাবে জাপানৰ সুৰক্ষা বাহিনীৰ যুদ্ধবিমানৰ ভাৰতত অৱতৰণৰ লগতে জাপানৰ সুৰক্ষা বাহিনীৰ মুৰব্বীৰ ভাৰত ভ্ৰমণৰ পৰৱৰ্তী সময়ত দুয়োখন দেশৰ বায়ুসেনাৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনা আগবাঢ়িছে।

●          প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাঃ টকিঅ’ত থকা ভাৰতীয় দূতাবাসত ভাৰত-জাপান প্ৰতিৰক্ষা উদ্যোগ মঞ্চৰ সফল সন্মিলনৰ আয়োজন কৰা হয়। দুয়োখন দেশৰ প্ৰায় ৪০টা প্ৰতিষ্ঠানে এই মঞ্চত অংশগ্ৰহণ কৰে।

 

দুয়োগৰাকী মন্ত্ৰীয়ে চলিত বছৰৰ শেষৰ ফালে টকিঅ’ত চতুৰ্থ ভাৰত-জাপান বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠক (২+২) আৰু ভাৰত-জাপান প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ দিশত আলোচনা ত্বৰান্বিত কৰাৰ হকেও সহমত প্ৰকাশ কৰে।

বৈঠকৰ পিছত X সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আলোচনাত ভাৰত আৰু জাপানৰ মাজৰ বিশেষ কৌশলগত তথা গোলকীয় অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তোলাৰ হকে নতুন নতুন পথৰ সন্ধান কৰা হয়। তেওঁ লগতে উল্লেখ কৰে যে এটা মুক্ত, অবাধ আৰু শান্তিপূৰ্ণ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ উমৈহতীয়া দায়বদ্ধতা অতিশয় গুৰুত্বপূৰ্ণ।

***

 

SR/Savvy/UD


(ৰিলিজ আই ডি : 2329915) অতিথি কক্ষ : 5