জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

জনজাতীয় গৌৰৱ দিৱস ২০২৬: ১ৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি জনজাতীয় গৌৰৱ উদ্‌যাপন

ধৰতি আবা ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধা নিবেদন আৰু চৰকাৰৰ প্ৰধান আঁচনিসমূহৰ সুবিধা সমাজৰ শেষৰটো পৰ্যায়ৰ লোকৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে পষেকজোৰা দেশজোৰা অভিযান; ৩০০ৰো অধিক প্ৰকল্প, দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল শুভাৰম্ভ আৰু ৰাজ্যিক পৰ্যায়ত ১৬০ৰো অধিক কাৰ্যসূচীৰ পৰিকল্পনা

পোষ্ট কৰা হৈছে: 27 OCT 2026 4:32PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৬ চনৰ ১ৰ পৰা ১৫ নৱেম্বৰলৈ সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ পষেক পালন কৰিব। ১৫ নৱেম্বৰত ধৰতি আবা ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে এই কাৰ্যসূচীৰ সামৰণি পৰিব।কেৱল স্মৃতিচাৰণতে সীমাবদ্ধ নাথাকি এই পষেকজোৰা কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰালয়ৰ প্ৰধান আঁচনিসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰা, জনজাতীয় পৰিয়ালসমূহৰ ওচৰলৈ আঁচনিসমূহৰ সুবিধা সমাজৰ  অন্তিম পৰ্যায়লৈকে লৈ যোৱা আৰু জনজাতীয় জনগোষ্ঠী, শিক্ষাৰ্থী তথা সাধাৰণ নাগৰিকৰ মাজত চৰকাৰী আঁচনি আৰু প্ৰাপ্য সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাত  বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২১ চনত ধৰতি আবা ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ১৫ নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই দিৱসে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় বীৰ-বীৰাংগনাসকলে আগবঢ়োৱা অৱদানৰ লগতে দেশৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু সামাজিক জীৱনত জনজাতীয় জনগোষ্ঠীসমূহৰ স্থায়ী অৱদানক সন্মান জনায়। তেতিয়াৰ পৰা জনজাতীয় গৌৰৱ দিৱসে ৰাষ্ট্ৰীয় আন্দোলনৰ ৰূপ লাভ কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সহনশীলতা, দৃঢ়তা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদ্‌যাপন কৰা হৈছে । লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন) আৰু ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ দৰে ৰূপান্তৰমুখী কাৰ্যসূচীসমূহকো নতুন গতি প্ৰদান কৰা হৈছে। বিগত পাঁচ বছৰত জনজাতীয় গৌৰৱ দিৱস ২০২১ চনত ৰাঁচী, ২০২২ আৰু ২০২৩ চনত খুণ্টি, ২০২৪ চনত জামুই আৰু ২০২৫ চনত দেদিয়াপাৰাত পালন কৰা হৈছিল।

২০২৪-২৫ বৰ্ষত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে পালন কৰা হৈছিল। এই উপলক্ষে ২৮টাতকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আৰু ২ লাখতকৈও অধিক কাৰ্যসূচী অনুষ্ঠিত  হৈছিল, য’ত ৩.৮ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল। জনজাতীয় লোকসকলৰ  বাবে জনজাতীয় গৌৰৱ দিৱসে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদানৰ স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত জ্ঞান, কলা-সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে থকা সহাৱস্থানৰ সম্পৰ্ককো সন্মান জনায় । ২০২৬ বৰ্ষৰ জনজাতীয় গৌৰৱ দিৱস (JJGD) উদযাপনৰ অংশ হিচাপে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে পষেকজুৰি কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। পৰিকল্পনা কৰা অনুষ্ঠানসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল—

১। ১২ নৱেম্বৰত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (EMRS) প্ৰায় ২০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনত মাননীয়া ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময় কৰিব।

২। ১২ আৰু ১৩ নৱেম্বৰত নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হ’ব । দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় লেখকসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰিব।

৩। আইআইটি দিল্লীত ‘জনজাতীয় জীৱন্ত ঐতিহ্য আৰু ৰাষ্ট্ৰীয় জনজাতীয় ভাষাৰ ভঁৰাল হিচাপে আদি বাণীৰ শক্তিশালীকৰণ’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হ’ব।

৪। ১৪ নৱেম্বৰত ৰাণী দুৰ্গাৱতী আদিবাসী মহিলা সন্মিলন অনুষ্ঠিত হ’ব । এই সন্মিলনত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০০গৰাকী জনজাতীয় মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰা আৰু মহিলাৰ নেতৃত্বত পৰিচালিত উদ্যোগসমূহৰ বিকাশত গুৰুত্ব আৰোপ কৰা হ’ব।

৫। ১৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ ‘স্বাস্থ্য–পোষণ সেৱা সংগম’ৰ অধীনত প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযানৰ (PM-JANMAN) বহুমুখী কেন্দ্ৰসমূহত বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ (PVTGs) বাবে স্বাস্থ্য, পুষ্টি আৰু চৰকাৰী আঁচনি সম্পৰ্কীয় শিবিৰ অনুষ্ঠিত কৰা হৈছে।

৬। ১ আৰু ২ নৱেম্বৰত হায়দৰাবাদত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সৈতে জড়িত প্ৰায় ১,৫০০গৰাকী চিকিৎসকক লৈ জনজাতীয় পৰম্পৰাগত চিকিৎসকসকলৰ দক্ষতা বিকাশ সন্মিলন অনুষ্ঠিত হ’ব। ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই চিকিৎসকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মুঠ ১ লাখ পৰম্পৰাগত চিকিৎসকক প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা।

৭। ধৰতি আবা জনভাগীদাৰী অভিযানৰ অধীনত ‘আদি সেৱা সময়’ আৰু ‘আদি সেৱা দিন’ৰ জৰিয়তে জনজাতীয় গাঁওসমূহত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰি, ৰাজ্যিক প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ৭৬,৯৬৩খন গাঁৱৰ প্ৰায় ১.৫৪ লাখ আদি কৰ্মযোগী স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছে।

৮। ৭৩খন জিলাত বৃত্তিৰ সুবিধা লাভৰ বাবে বিশেষ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই শিবিৰসমূহত ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিৰ বাবে আবেদন কৰা আৰু আধাৰ নম্বৰ সংযুক্ত কৰাৰ ক্ষেত্ৰত সহায় কৰা হৈছে।

৯। উৰিষ্যাৰ কোৰাপুটত চিএছআইআৰ–ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানৰ (CSIR-NBRI) সহযোগত ২০০ৰ পৰা ৩০০বিধ ঔষধি উদ্ভিদৰ সংৰক্ষণৰ বাবে এটা কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

ইয়াৰ উপৰি, জনজাতীয় গৌৰৱ দিৱস উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যত জনজাতীয় জনগোষ্ঠীসমূহৰ বাবে ৩০০টাতকৈও অধিক প্ৰকল্প গ্ৰহণ কৰা হ’ব। ইয়াৰে ২২৮টা প্ৰকল্প উদ্বোধনৰ বাবে সাজু হোৱাৰ বিপৰীতে ৭৪টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই প্ৰকল্পসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ইটানগৰত এটা নতুন জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ ভৱন আৰু মিজোৰামৰ কেলছিহত ৰ’পুইলিয়ানি জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় স্থাপন  অন্যতম।

ইয়াৰ লগতে দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল পদক্ষেপো আৰম্ভ কৰা হ’ব। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) সহযোগত প্ৰস্তুত কৰা ‘জন-হিত’ (জনজাতীয় স্বাস্থ্য বুদ্ধিমত্তা আৰু প্ৰযুক্তি) পৰ্টেল হৈছে জনজাতি অনুসৰি পৃথকীকৃত স্বাস্থ্য-তথ্য উপলব্ধ কৰা ভাৰতৰ প্ৰথমটো মঞ্চ। এই পৰ্টেলত ২০খন ৰাজ্যৰ তথ্য সামৰি লোৱা হৈছে। আনহাতে, ৰাষ্ট্ৰীয় বন অধিকাৰ ডিজিটেল মঞ্চই ২০০৬ চনৰ বন অধিকাৰ আইনৰ অধীনত বন অধিকাৰৰ দাবী দাখিলৰ পৰা আৰম্ভ কৰি গাঁও সভাৰ জৰিয়তে আবেদন দাখিল আৰু ডিজিটেল স্বাক্ষৰযুক্ত অধিকাৰৰ নথি লাভ কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো এটা উমৈহতীয়া ব্যৱস্থাৰ অধীনলৈ আনিব। ইয়াৰ উপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ নিজ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ জৰিয়তে এই পষেকজোৰা কাৰ্যসূচী উদযাপন কৰিছে। ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৬০টাতকৈও অধিক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে, য’ত এক লাখতকৈও অধিক লোকৰ সমাগম হোৱাৰ আশা কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ ভিতৰত সাংস্কৃতিক মহোৎসৱ, প্ৰদৰ্শনী, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আৰু ছাত্ৰাৱাসসমূহত বিভিন্ন প্ৰতিযোগিতা তথা জনকল্যাণ আৰু জীৱিকাৰ সৈতে জড়িত শিবিৰ অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য কাৰ্যসূচীসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত ৰাজ্যজুৰি জনজাতীয় কাৰ্নিভেল, গোৱাত আদিবাসী কলা আৰু ক্ৰীড়া সমাগম, উৰিষ্যাত ভগৱান বিৰছা মুণ্ডা পেভিলিয়ন, শ্বিলঙত জনজাতীয় সংগীত মহোৎসৱ আৰু গুজৰাটৰ আহমেদাবাদ হাটত জনজাতীয় কলা-শিল্প মেলা অন্যতম।

ৰাজ্যসমূহত আধাৰ আৰু বৃত্তি সম্পৰ্কীয় শিবিৰ, ছিকল চেল ৰোগৰ পৰীক্ষা, বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰদানৰ শিবিৰ আৰু বন অধিকাৰ সম্পৰ্কীয় আইনী সজাগতা শিবিৰো অনুষ্ঠিত  হ’ব।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকসকলক নিজ নিজ অঞ্চলত অনুষ্ঠিত অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি, মাইগভ (MyGov) মঞ্চত জনজাতীয় গৌৰৱ দিৱসৰ কুইজ আৰু শপতগ্ৰহণ কাৰ্যসূচীত ভাগ লৈ, জনজাতীয় শিল্পীসকলৰ সামগ্ৰী ক্ৰয়ৰ জৰিয়তে তেওঁলোকক সহায় কৰিবলৈ আৰু #JanjatiyaGauravDivas তথা #JJGD2026 হেশ্বটেগ ব্যৱহাৰ কৰি তেওঁলোকৰ কাহিনীসমূহ সামাজিক মাধ্যমত প্ৰচাৰ কৰি এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

*****

RN/DM


(ৰিলিজ আই ডি : 2329269) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Kannada