পোষ্ট কৰা হৈছে:
26 OCT 2026 6:26PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে.পি. নাড্ডাই আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন-১-ত মাদকদ্ৰব্য নিৰাময় সেৱাত নিয়োজিত চিকিৎসা আৰু সহযোগী স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে সক্ষমতা বৃদ্ধি প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সামাজিক ন্যায় আৰু সবলীকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত হাইব্ৰিড মাধ্যমত এই কাৰ্যসূচী মুকলি কৰা হয়।
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ প্ৰতিৰোধ, চিনাক্তকৰণ, মূল্যায়ন, চিকিৎসা আৰু ব্যৱস্থাপনাত জড়িত স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সক্ষমতা বৃদ্ধি কৰা।
উপস্থিত সমবেত লোকসকলক সম্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে.পি. নাড্ডাই চিকিৎসক, চিকিৎসা বিষয়া, নাৰ্ছ, পৰামৰ্শদাতা আৰু অন্যান্য স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে অনলাইন আৰু অফলাইন প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰি সুসংগঠিত ৰূপায়ণ পৰিকল্পনাৰে ব্যাপক সক্ষমতা বৃদ্ধি কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে দলটোক অভিনন্দন জ্ঞাপন কৰে। তেওঁ প্ৰশিক্ষণৰ পৰ্যায়ক্ৰমিক দৃষ্টিভংগীৰ শলাগ লয়, যিয়ে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ পৰিকল্পনা কৰে আৰু তাৰ পিছত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত সক্ষমতা বৃদ্ধিৰ কাম-কাজ সম্প্ৰসাৰণ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২৯ চনৰ ভিতৰত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্য সাধনৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে মাদকদ্ৰব্য সেৱনজনিত সমস্যাসমূহ সমাধানৰ বাবে সমন্বিত আৰু সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ প্ৰয়োজন, য’ত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে স্পষ্টভাৱে সংজ্ঞায়িত লক্ষ্যসমূহৰ দিশত সমন্বয়ৰে কাম কৰিব লাগিব।
শ্ৰী নাড্ডাই লক্ষ্য কৰে যে খণ্ড-বিখণ্ড প্ৰচেষ্টা আৰু বিভিন্ন বিভাগৰ মাজত পৃথকে পৃথকে কাম কৰাৰ প্ৰৱণতাই সমন্বয় তথা সেৱা প্ৰদানৰ ক্ষেত্ৰত ব্যৱধানৰ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উন্মোচন কৰা ‘নাৰ্ক’টিক নিয়ন্ত্ৰণৰ দৃষ্টিভংগী নথিপত্ৰ: ২০২৬–২০২৯’-এ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ দায়িত্ব তথা লক্ষ্যসমূহ নিৰ্ধাৰণ কৰি এই ব্যৱধানসমূহ দূৰ কৰাৰ বাবে সমন্বিত প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰাবাহিক আন্তঃমন্ত্ৰালয় সমন্বয় আৰু সামূহিক দায়বদ্ধতাৰ প্ৰয়োজন হ’ব।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ভূমিকাত আলোকপাত কৰি শ্ৰী নাড্ডাই কয় যে চিকিৎসা সেৱা শক্তিশালী কৰা আৰু স্বাস্থ্যসেৱা পেছাদাৰী তথা নিচামুক্তি কেন্দ্ৰসমূহৰ সক্ষমতা বৃদ্ধি কৰাটোৱেই হৈছে এই ৰাষ্ট্ৰীয় প্ৰয়াসলৈ মন্ত্ৰালয়ৰ অৱদানৰ মূল আধাৰ। তেওঁ উপযুক্ত প্ৰশিক্ষণ, প্ৰাতিষ্ঠানিক শক্তিশালীকৰণ আৰু পৰ্যাপ্ত বিত্তীয় সম্পদৰ জৰিয়তে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ নিচামুক্তি সুবিধাসমূহক সমৰ্থন জনোৱাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে মাদকদ্ৰব্য সেৱনজনিত সমস্যাসমূহৰ প্ৰতিকাৰ কেৱল চিকিৎসাৰ মাজতেই সীমাবদ্ধ নাথাকি প্ৰতিৰোধ, বলৱৎকৰণ আৰু মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে সমন্বিত পদক্ষেপক সামৰি ল’ব লাগিব। তেওঁ এই প্ৰত্যাহ্বানটো ব্যাপকভাৱে মোকাবিলা কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা, সীমান্ত ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অন্যান্য প্ৰাসংগিক অংশীদাৰসকলৰ সৈতে সহযোগিতাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। ৰূপায়ণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিবলৈ আৰু নতুনকৈ উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে তেওঁ স্বাস্থ্যসেৱা পেছাদাৰী আৰু অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক ব্যৱহাৰিক পৰামৰ্শসমূহ, বিশেষকৈ আন্তঃবিভাগীয় সমন্বয়ৰ প্ৰয়োজন হোৱা বিষয়সমূহ ভাগ-বতৰা কৰিবলৈ উৎসাহিত কৰে।
ভাষণ সামৰি শ্ৰী নাড্ডাই এই পদক্ষেপৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় আৰু অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক অভিনন্দন জনায়। সক্ষমতা বৃদ্ধিৰ এই কাৰ্যসূচীয়ে তথ্য-ভিত্তিক চিকিৎসা সেৱাৰ সুলভতা আৰু গুণগত মান শক্তিশালী কৰিব তথা নিচামুক্ত ভাৰত গঢ়াৰ সামূহিক ৰাষ্ট্ৰীয় সংকল্পত অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷
এই উপলক্ষে ভাষণ প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য উদ্ধৃত কৰি কয় যে ভাৰতে বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে কাম কৰি থকাৰ সময়ত দেশৰ যুৱপ্ৰজন্ম যাতে শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে সবল, আত্মবিশ্বাসী আৰু মাদকদ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে, সেয়া নিশ্চিত কৰাটো অপৰিহাৰ্য। যুৱক-যুৱতীসকলক মাদকদ্ৰব্যৰ বিপদৰ পৰা ৰক্ষা কৰাটো সুস্থ, সবল আৰু ফলপ্ৰসূ প্ৰজন্ম গঢ়ি তোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিয়ে দেশৰ উন্নয়নত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব পাৰে বুলি তেওঁ আঙুলিয়াই দিয়ে।
তেওঁ মাদকদ্ৰব্য সেৱনৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সমগ্ৰ চৰকাৰী দৃষ্টিভংগী গ্ৰহণ কৰাৰ গুৰুত্ব পুনৰ ব্যক্ত কৰে আৰু প্ৰতিৰোধ, সজাগতা, চিকিৎসা তথা পুনৰ্বাসন সেৱাসমূহ শক্তিশালী কৰাৰ অৰ্থে মন্ত্ৰালয়, বিভাগ আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।
নতুন দিল্লীৰ এইমছৰ ৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিৰ্ভৰশীলতা চিকিৎসা কেন্দ্ৰ চমুকৈ এনডিডিটিচিৰ অধ্যাপক তথা মুৰব্বী ডাঃ অঞ্জু ধাৱানে মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ চিকিৎসাত নিয়োজিত স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে সক্ষমতা বৃদ্ধি কাৰ্যসূচীৰ ৰূপায়ণৰ ৰূপৰেখা দাঙি ধৰি এটা উপস্থাপন আগবঢ়ায়। তেওঁ নাৰ্ক’টিক নিয়ন্ত্ৰণৰ দৃষ্টিভংগী নথিপত্ৰ (২০২৬–২০২৯)-ৰ অধীনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দায়িত্ব, বিশেষকৈ চিকিৎসা সেৱা শক্তিশালী কৰা আৰু চিকিৎসা তথা পেৰামেডিকেল কৰ্মীসকলৰ সক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ব্যাখ্যা কৰে যে মাদকদ্ৰব্য নিৰাময় কাৰ্যসূচী চমুকৈ ডিডিএপিৰ অধীনস্থ ছটা প্ৰতিষ্ঠানৰ জৰিয়তে এই কাৰ্যসূচী পৰিচালনা কৰা হ’ব, য’ত এইমছৰ এনডিডিটিচিয়ে সমন্বয় কেন্দ্ৰ হিচাপে কাম কৰিব।
ডাঃ ধাৱানে প্ৰশিক্ষণৰ গাঁথনিৰ বিষয়ে বিশদভাৱে জনায়, য’ত অন্তৰ্ভুক্ত আছে চিকিৎসকসকলৰ বাবে অনলাইন লাইভ অধিৱেশন, চিকিৎসক, নাৰ্ছ আৰু পৰামৰ্শদাতাসকলৰ বাবে নিজৰ সুবিধা অনুসৰি শিকিব পৰা অনলাইন মডিউল আৰু নিৰ্দিষ্ট কৰ্মীসকলৰ বাবে অফলাইন প্ৰশিক্ষণ। এই পাঠ্যক্ৰমত সুৰা, গাঞ্জা, আফিং জাতীয় দ্ৰব্য, টোপনিৰ টেবলেট আৰু নিশাহৰ জৰিয়তে লোৱা মাদকদ্ৰব্যকে ধৰি বিভিন্ন নিচাজাতীয় পদাৰ্থৰ লগতে মহিলা আৰু কিশোৰ-কিশোৰীৰ দৰে নিৰ্দিষ্ট গোটসমূহৰ মাজত মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ ব্যৱস্থাপনা সামৰি লোৱা হৈছে।
এই অনুষ্ঠানত শ্ৰী জে.পি. নাড্ডাই মাদকদ্ৰব্য নিৰাময় কাৰ্যসূচী চমুকৈ ডিডিএপিৰ অধীনস্থ আটাইকেইটা ছটা প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হ’বলগীয়া চিকিৎসক আৰু চিকিৎসা বিষয়াসকলৰ বাবে অনলাইন লাইভ প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ নাৰ্ছ, সম্প্ৰদায় স্বাস্থ্য বিষয়া চমুকৈ চিএইচঅ' আৰু সহায়ক নাৰ্ছ ধাত্ৰী চমুকৈ এএনএমসকলৰ বাবে অনলাইন সুবিধাজনক প্ৰশিক্ষণ কাৰ্যসূচীও উদ্বোধন কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে ‘মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যা: চিকিৎসকসকলৰ বাবে হাতপুথি (নিচাজনিত সমস্যাৰ ব্যৱস্থাপনা)’ শীৰ্ষক গ্ৰন্থৰ দ্বিতীয় সংস্কৰণো উন্মোচন কৰে।
মাদকদ্ৰব্য নিৰাময় কাৰ্যসূচী চমুকৈ ডিডিএপি সম্পৰ্কে
মাদকদ্ৰব্য নিৰাময় কাৰ্যসূচী চমুকৈ ডিডিএপিৰ অধীনস্থ ছখন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ জৰিয়তে এই প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰা হ’ব: গাজিয়াবাদত অৱস্থিত নতুন দিল্লী এইমছৰ ৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিৰ্ভৰশীলতা চিকিৎসা কেন্দ্ৰ চমুকৈ এনডিডিটিচি; বেংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ নিমহান্স; চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান চমুকৈ পিজিআইএমইআৰ; ৰাঁচীৰ কেন্দ্ৰীয় মানসিক ৰোগ প্ৰতিষ্ঠান চমুকৈ চিআইপি; নতুন দিল্লীৰ ড০ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়; আৰু এইমছ ভুৱনেশ্বৰ। এইমছৰ এনডিডিটিচিয়ে সক্ষমতা বৃদ্ধি পদক্ষেপৰ সামগ্ৰিক ৰূপায়ণ কৰিব।
এই কাৰ্যসূচীত অনলাইন লাইভ প্ৰশিক্ষণ, মুখামুখি প্ৰশিক্ষণ আৰু অনলাইন সুবিধাজনক পাঠ্যক্ৰমৰ মিশ্ৰিত শিক্ষণ পদ্ধতি গ্ৰহণ কৰা হ’ব। চিকিৎসক আৰু চিকিৎসা বিষয়াসকলৰ বাবে অনলাইন লাইভ প্ৰশিক্ষণত ১২ সপ্তাহৰ সময়ছোৱাত সাপ্তাহিক অধিৱেশন অন্তৰ্ভুক্ত থাকিব, য’ত তাত্ত্বিক বক্তৃতাৰ লগতে ক্লিনিকেল কেছ আলোচনাও সন্নিৱিষ্ট কৰা হ’ব। নিৰ্ধাৰিত ছখন প্ৰতিষ্ঠানে প্ৰতি সপ্তাহে মুঠ ৩০০ জন অংশগ্ৰহণকাৰীৰ সামৰ্থ্যৰে একে সময়তে অধিৱেশনসমূহ পৰিচালনা কৰিব। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ দ্বাৰা প্ৰস্তুত কৰা উমৈহতীয়া পাঠ্যক্ৰম ব্যৱহাৰ কৰি পাঁচদিনীয়া কাৰ্যসূচীৰ জৰিয়তে মুখামুখি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
স্বাস্থ্যসেৱা কৰ্মীসকলৰ বিভিন্ন শ্ৰেণীৰ বাবে নিজৰ সুবিধা অনুসৰি শিকিব পৰা অনলাইন শিক্ষা মডিউলো সুলভ কৰা হ’ব। চিকিৎসকসকলে এনডিডিটিচিয়ে বিকশিত কৰা নাট অনলাইন পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিব, আনহাতে নিমহান্সে প্ৰস্তুত কৰা এডিকশ্বন আৰএক্স এপ্লিকেচনে চিকিৎসা সম্পৰ্কীয় ঔষধ ব্যৱস্থাপনাৰ বাবে অতিৰিক্ত সহায় আগবঢ়াব। পৰামৰ্শদাতা আৰু মনোবিজ্ঞানীসকলৰ বাবে নিমহান্সৰ ই-লাৰ্নিং মডিউল ব্যৱহাৰ কৰা হ’ব, আনহাতে নাৰ্ছ, চিএইচঅ' আৰু এএনএমসকলৰ প্ৰশিক্ষণৰ বাবে এনডিডিটিচিৰ অনলাইন পাঠ্যক্ৰমে সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত সংশ্লিষ্ট ডিডিএপি প্ৰতিষ্ঠানসমূহে প্ৰমাণপত্ৰ প্ৰদান কৰিব।
মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ চিকিৎসা সেৱা প্ৰদানত জড়িত চিকিৎসক, নাৰ্ছ, পৰামৰ্শদাতা, মনোবিজ্ঞানী, সমাজকৰ্মী আৰু অন্যান্য চিকিৎসা তথা সহযোগী স্বাস্থ্যসেৱা কৰ্মীসকলক এই পদক্ষেপে সামৰি ল’ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইচএমৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহৰ লগতে সশস্ত্ৰ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰে’লৱেকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ সেৱাসমূহৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলক মনোনীত কৰা হ’ব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা পুঁজি প্ৰাপ্ত নিচামুক্তি সুবিধাসমূহত কৰ্মৰত কৰ্মীসকলকো এই পদক্ষেপৰ অধীনত সামৰি লোৱা হ’ব।
বিভিন্ন ৰাজ্যৰ পৰা অনলাইন আৰু অফলাইন প্ৰশিক্ষণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা ডিডিএপি প্ৰতিষ্ঠানসমূহে ইতিমধ্যে ৮০০-তকৈ অধিক মনোনয়ন লাভ কৰিছে। ইয়াৰ উপৰি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সমৰ্থিত নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰায় ১৫০ গৰাকী কৰ্মীয়ে অহা দুমাহত অফলাইন প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে নিৰ্ধাৰিত ছখন প্ৰতিষ্ঠানৰ বৰ্তমানৰ ক্লিনিকেল দক্ষতা, বহুবিষয়ক শিক্ষকবৃন্দ, শৈক্ষিক আন্তঃগাঁথনি আৰু ই-লাৰ্নিং সম্পদসমূহক সঠিকভাৱে ব্যৱহাৰ কৰিব।
অনুষ্ঠানৰ সময়ত উন্মোচন কৰা ‘মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যা: চিকিৎসকসকলৰ বাবে হাতপুথি (নিচাজনিত সমস্যাৰ ব্যৱস্থাপনা)’ শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণে মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ মূল্যায়ন আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত চিকিৎসকসকলক ব্যৱহাৰিক পথপ্ৰদৰ্শন কৰে। পোনপ্ৰথমবাৰৰ বাবে ২০০৫ চনত প্ৰকাশিত এই হাতপুথিখন ব্যৱহাৰিক আৰু প্ৰমাণভিত্তিক ক্লিনিকেল যত্নৰ ওপৰত গুৰুত্ব বাহাল ৰাখি বিগত দুটা দশকত নিচাজনিত সমস্যাৰ বৈজ্ঞানিক বুজাবুজি, চিকিৎসা পদ্ধতি আৰু সেৱা প্ৰদানৰ উল্লেখযোগ্য অগ্ৰগতিক অন্তৰ্ভুক্ত কৰি ব্যাপকভাৱে সংশোধন কৰা হৈছে।
বিশেষ নিচামুক্তি চিকিৎসা সুবিধা আৰু সাধাৰণ স্বাস্থ্যসেৱা পৰিৱেশ উভয়তে কৰ্মৰত চিকিৎসকসকলৰ বাবে প্ৰস্তুত কৰা এই সংশোধিত হাতপুথিখনৰ লক্ষ্য হৈছে অধিক আত্মবিশ্বাস আৰু দক্ষতাৰে মাদকদ্ৰব্য ব্যৱহাৰজনিত সমস্যাসমূহ চিনাক্ত, মূল্যায়ন আৰু ব্যৱস্থাপনা কৰিব পৰাকৈ তেওঁলোকৰ সক্ষমতা বৃদ্ধি কৰা। সমগ্ৰ দেশতে প্ৰমাণভিত্তিক নিচামুক্তি চিকিৎসা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰিবলৈ আৰু গুণগত মানৰ সেৱাৰ সুবিধা উন্নত কৰাত ই মূল্যৱান সম্বল হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।
পটভূমি
২০২৬ চনৰ জুনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘নাৰ্ক’টিক নিয়ন্ত্ৰণৰ দৃষ্টিভংগী নথিপত্ৰ: ২০২৬-২০২৯’ উন্মোচন কৰে, যিয়ে অহা তিনিটা বছৰত সমগ্ৰ মাদকদ্ৰব্য ব্যৱসায় পৰিৱেশ তন্ত্ৰৰ মোকাবিলা কৰাৰ বাবে ভাৰত চৰকাৰৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰে। দৃষ্টিভংগী নথিপত্ৰৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক ২০২৯ চনৰ মাৰ্চৰ ভিতৰত নিচামুক্তি সেৱাত নিয়োজিত চিকিৎসা আৰু সহযোগী স্বাস্থ্যসেৱা কৰ্মীসহ ১০,০০০ সেৱা প্ৰদানকাৰীৰ সক্ষমতা বৃদ্ধিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত ২,০০০ সেৱা প্ৰদানকাৰীক আৰু পৰৱৰ্তী সময়ত ২০২৭-২৮ বৰ্ষত ৩,০০০ তথা ২০২৮-২৯ বৰ্ষত ৫,০০০ সেৱা প্ৰদানকাৰীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য লৈছে মন্ত্ৰালয়ে।
এই পদক্ষেপৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দক্ষ, প্ৰমাণভিত্তিক আৰু ৰোগীকেন্দ্ৰিক নিচামুক্তি যত্নৰ সুলভতা সম্প্ৰসাৰণ কৰা, স্বাস্থ্য ব্যৱস্থাৰ বিভিন্ন স্তৰৰ মাজত সংযোগ সুদৃঢ় কৰা আৰু নিচামুক্ত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিত অৰিহণা যোগোৱাৰ প্ৰয়াস কৰিছে।
এই কাৰ্যসূচীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ; অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালক শ্ৰীমতী আৰাধনা পাটনায়ক; স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ লাভনীশ জি. কৃষ্ণা; এমঅ'এইচএফডব্লিউৰ অতিৰিক্ত সচিব ডাঃ (শ্ৰীমতী) বিনোদ কোটৱাল আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পন্তে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় তথা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, ছখন নিৰ্ধাৰিত ডিডিএপি প্ৰতিষ্ঠানৰ মুৰব্বী আৰু শিক্ষকবৃন্দ, ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য বিষয়াসকল, শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যসেৱা সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা মনোনীত চিকিৎসক আৰু সহযোগী স্বাস্থ্যসেৱা পেছাদাৰীসকলো উপস্থিত থাকে।



*****
SR/MM