বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন আৰু স্থানীয় শিপিনীসকলক সহায় কৰিবলৈ জিইএমৰ দ্বাৰা ‘দি আভাৰ সংগ্ৰহ’ৰ প্ৰচাৰ

১০ খন ৰাজ্যিক আৰু কেন্দ্ৰীয় হস্ততাঁত তথা হস্তশিল্প এম্পৰিয়ামৰ পৰা ২৯৪ টা সামগ্ৰীৰে সমৃদ্ধ আভাৰ সংগ্ৰহ

পোষ্ট কৰা হৈছে: 26 OCT 2026 2:42PM by PIB Guwahati

গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেছ চমুকৈ জিইএমে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা বিশেষ উপহাৰ আৰু হেম্পাৰসমূহ প্ৰদৰ্শনৰ বাবে ‘দি আভাৰ সংগ্ৰহ’ নামৰ এক বিশেষ ডিজিটেল ষ্ট’ৰফ্ৰণ্টৰ প্ৰচাৰ চলাইছে। এই সংগ্ৰহত ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট চমুকৈ অ'ডিঅ'পি পদক্ষেপ আৰু ভৌগোলিক স্বীকৃতি চমুকৈ জিআই টেগযুক্ত সামগ্ৰীসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে শিপিনী, তাঁতী, গ্ৰাম্য উদ্যোগী আৰু মহিলা নেতৃত্বাধীন উদ্যোগসমূহক সমৰ্থন জনোৱাৰ লগতে চৰকাৰী ক্ৰেতাসকলক বিশেষ আঞ্চলিক সামগ্ৰীসমূহ সহজতে লাভ কৰাৰ সুবিধা প্ৰদান কৰে।

এই সংগ্ৰহত ১০ খন ৰাজ্যিক আৰু কেন্দ্ৰীয় হস্ততাঁত তথা হস্তশিল্প এম্পৰিয়ামৰ পৰা ২৯৪ টা সামগ্ৰী তালিকাভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত চেন্ট্ৰেল কটেজ ইণ্ডাষ্ট্ৰিজ এম্পৰিয়ামৰ কটেজ, খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনৰ খাদী ইণ্ডিয়া, গাৰ্ভী গুৰ্জৰী গুজৰাট, হিমক্ৰাফ্টছ হিমাচল প্ৰদেশ, ঝাৰক্ৰাফ্ট ঝাৰখণ্ড, কাবেৰী কৰ্ণাটক, মৃগনয়নী মধ্যপ্ৰদেশ, মাৰহাটি মহাৰাষ্ট্ৰ, পূৰ্বাশ্ৰী উত্তৰ-পূৰ্বাঞ্চল আৰু পুম্পুহাৰ তামিলনাডু অন্তৰ্ভুক্ত হৈ আছে।

আভাৰ সংগ্ৰহৰ ষ্ট’ৰফ্ৰণ্টৰ জৰিয়তে নিজৰ নিৰ্বাচিত সামগ্ৰীসমূহ বিক্ৰীৰ সুবিধা লাভৰ বাবে আন সাতটা চৰকাৰী এম্পৰিয়াম আৰু সংস্থাই বিক্ৰেতা অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অগ্ৰগতিৰ পৰ্যায়ত আছে। ইয়াৰ ভিতৰত কফি ব’ৰ্ড, মঞ্জুষা আৰু বিশ্ব বাংলা পশ্চিমবংগ, জম্মু এণ্ড কাশ্মীৰ হেণ্ডলোম এণ্ড হেণ্ডিক্ৰাফ্টছ মাৰ্কেটিং কৰ্প’ৰেচন লিমিটেড চমুকৈ জেকেএইচএইচএমচি, মেৰাকাই নাগালেণ্ড, উৎকলিকা ওড়িশা আৰু পানথৈবী মণিপুৰ অন্তৰ্ভুক্ত হৈ আছে। এইসমূহৰ সামগ্ৰী তালিকাৰ প্ৰস্তাৱিত সংযোজনে সংগ্ৰহটোৰ আঞ্চলিক প্ৰতিনিধিত্ব আৰু সামগ্ৰীৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰিব বুলি আশা কৰা হৈছে।

এই সংগ্ৰহত হস্তশিল্প, হস্ততাঁত, শিল্পীসুলভ খাদ্য, পেন্ট্ৰি সামগ্ৰী আৰু ব্যক্তিগত যত্নৰ সামগ্ৰীসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ই চৰকাৰী অনুষ্ঠান, সন্মিলন, ৰাজ্যিক অনুষ্ঠান, বিদেশী প্ৰতিনিধি দল, কৰ্মচাৰীৰ স্বীকৃতি, অৱসৰকালীন অনুষ্ঠান আৰু উৎসৱ-পাৰ্বণৰ বাবে চৰকাৰী ক্ৰেতাসকলক উপহাৰৰ বিভিন্ন বিকল্প প্ৰদান কৰে।

আভাৰ সংগ্ৰহ ২০২৬ পদক্ষেপৰ শুভাৰম্ভ উপলক্ষে জিইএমৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মিহিৰ কুমাৰে কয়, “আভাৰ সংগ্ৰহে থলুৱা কলা আৰু শিল্পৰ দৃশ্যমানতা বৃদ্ধি, ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ বৈচিত্ৰ্যময় ৰূপ প্ৰদৰ্শন আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক হস্তশিল্প আৰু হস্ততাঁত এম্পৰিয়ামৰ নেটৱৰ্কৰ জৰিয়তে প্ৰান্তীয় বিক্ৰেতা গোটসমূহক সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।”

২০২৪ চনৰ জুলাই মাহত ‘দি আভাৰ সংগ্ৰহ’ৰ শুভাৰম্ভ আৰু বৰ্তমানৰ প্ৰচাৰ অভিযানৰ মূল উদ্দেশ্য ব্যাখ্যা কৰি জিইএমৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া তথা সামাজিক অন্তৰ্ভুক্তিকৰণৰ দায়িত্বত থকা শ্ৰী অজিত বি চাভানে কয়, “জিইএমৰ এই #ভকেলফৰলকেল ষ্ট’ৰফ্ৰণ্টৰ জৰিয়তে দেশৰ হস্তশিল্পীসকলৰ পৰিৱেশতন্ত্ৰক দেশৰ ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ সৈতে একত্ৰিত কৰি এক ফলপ্ৰসূ বজাৰ সংযোগ প্ৰদান কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য।”

তেও লগতে কয় যে এই সংগ্ৰহে মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান চমুকৈ পিএছইউ আৰু অন্যান্য চৰকাৰী ক্ৰেতাসকলক থলুৱা সামগ্ৰী তথা স্থানীয় জীৱিকাৰ সমৰ্থনৰ সমান্তৰালকৈ তেওঁলোকৰ উপহাৰৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত সক্ষম কৰি তোলে।

চৰকাৰী ক্ৰেতাসকলে https://gem.gov.in/Aabhar ত এই সংগ্ৰহ প্ৰত্যক্ষ কৰিব পাৰিব আৰু #ভকেলফৰলকেল উপহাৰৰ হেম্পাৰসমূহ ক্ৰয় কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু স্থানীয় উদ্যোগসমূহৰ প্ৰচাৰত অৰিহণা যোগাব পাৰিব।

 

 

***

C N Abhijith Narayanan/Shabbir Azad/Anushka Pandey/MM


(ৰিলিজ আই ডি : 2328583) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Telugu , Kannada