পোষ্ট কৰা হৈছে:
26 OCT 2026 1:50PM by PIB Guwahati
বাণিজ্য বিভাগে ৰপ্তানি প্ৰোৎসাহন মিছন (ই পি এম)ৰ অধীনত এটা সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলগীয়া 'ৰিলিফ' (ৰপ্তানি সুবিধাৰ বাবে স্থিতিস্থাপকতা আৰু লজিষ্টিক হস্তক্ষেপ)ৰ কম্পোনেণ্ট IIৰ সময়সীমা ২০২৭ৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিছে। পশ্চিম এছিয়াত অব্যাহত থকা ভূ-ৰাজনৈতিক সংঘাত আৰু উপসাগৰীয় আৰু কাষৰীয়া অঞ্চলসমূহত সামুদ্ৰিক সামগ্ৰী পৰিবহণত ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰৰ অধিসূচনা নম্বৰ ৩৭/২০২৬-২৭ৰ জৰিয়তে জাননী জাৰি কৰা হৈছিল।
এই ব্যৱস্থাৰ কম্পোনেণ্ট IIৰ উদ্দেশ্য হৈছে ৰপ্তানিকাৰীসকলক ৯৫ শতাংশ ৰিলিফ ক'ভাৰেজ প্ৰদান কৰি নিৰ্দিষ্ট অঞ্চললৈ আগন্তুক সামগ্ৰী পৰিবহণৰ বাবে ভাৰতীয় ৰপ্তানি ক্ৰেডিট গেৰাণ্টি কৰ্পোৰেচন (ই চি জি চি)নিশ্চয়তা লাভ কৰিবলৈ উৎসাহিত কৰা। ২০২৬ৰ ১৬ মাৰ্চ বা তাৰ পিছত প্ৰাপ্ত স্বতন্ত্ৰ নীতি আৰু সম্পূৰ্ণ টাৰ্নঅ'ভাৰ নীতিৰ বাবে এই সুবিধা দিয়া হৈছে । এই সুবিধাৰ ভিতৰত আছে যোগ্য ৰপ্তানিকাৰীসকলে পৰিশোধ কৰিবলগীয়া প্ৰিমিয়াম যোগ্য সময়ছোৱাত প্ৰাক-সংঘাত স্তৰৰ বাহিৰত বৃদ্ধিৰ পৰা সুৰক্ষা। সামৰি লোৱা কাৰ্গো শ্ৰেণীবোৰৰ ভিতৰত শক্তি সৰবৰাহৰ বাহিৰেও আছে ফুল কণ্টেইনাৰ লোড (এফ চি এল), লেছ ডেন কণ্টেইনাৰ লোড (এল চি এল) আৰু ৰেফ্ৰিজেৰেটেড (ৰিফাৰ) কণ্টেইনাৰ।
‘ৰিলিফ’ পদক্ষেপৰ অধীনত কভাৰেজ বিচৰা ৰপ্তানিকাৰীসকলে www.ecgcltd.inত ই চি জি চি গ্ৰাহক প'ৰ্টেলৰ জৰিয়তে দাবী আৰু সমৰ্থনকাৰী নথিপত্ৰ দাখিল কৰিব লাগিব। ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ড সৃষ্টি কৰা, ৰপ্তানিকাৰী পঞ্জীয়ন সম্পূৰ্ণ কৰা আৰু এই পদক্ষেপৰ অধীনত দাবী দাখিল কৰাৰ নিৰ্দেশনা ইচিজিচিৰ অফিচিয়েল ইউটিউব চেনেল, @ecgcltd7016ত ডেডিকেটেড ভিডিঅ' 'টিউট'ৰিয়েলৰ জৰিয়তে পোৱা যাব।
২০২৬ চনৰ ১৯ মাৰ্চত আৰম্ভ কৰা RELIEF হৈছে উপসাগৰ আৰু সামগ্ৰিকভাৱে পশ্চিম এছিয়াৰ সামুদ্ৰিক কৰিড'ৰত হোৱা সংঘাতৰ ফলত উদ্ভৱ হোৱা অসাধাৰণ মালবাহী ব্যয় বৃদ্ধি, উচ্চ বীমা প্ৰিমিয়াম আৰু যুদ্ধ-সম্পৰ্কীয় ৰপ্তানি ক'ভাৰেজৰ সন্মুখীন হোৱা ভাৰতীয় ৰপ্তানিকাৰীসকলক সহায় কৰাৰ বাবে উলিওৱা এটা লক্ষ্যনিৰ্দিষ্ট প্ৰক্ৰিয়া।
'ৰিলিফ'ৰ সম্প্ৰসাৰণে ৰপ্তানি স্থিতিস্থাপকতা শক্তিশালী কৰা, বাণিজ্য প্ৰবাহ বজাই ৰখা আৰু অব্যাহত থকা ভূ-ৰাজনৈতিক আৰু সামুদ্ৰিক ল'জিষ্টিক অনিশ্চয়তাৰ মাজত ভাৰতীয় ৰপ্তানিকাৰীসকলক সমৰ্থন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিত গুৰুত্ব আৰোপ কৰে।
***
C N Abhijith Narayanan/ Abhimanyu Panwar/PK