পোষ্ট কৰা হৈছে:
26 OCT 2026 8:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহৰ্ষি বাল্মীকি জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে মহৰ্ষি বাল্মীকিৰ মহান চিন্তাধাৰা ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ মৌলিক উপাদান হৈ আছে, যিয়ে যুগে যুগে ৰাষ্ট্ৰক সঠিক দিশত আগবঢ়াই নিয়াৰ লগতে সমৃদ্ধ কৰি ৰাখিব। মানৱতাৰ প্ৰতি তেওঁৰ অমূল্য বাৰ্তাই সদায় দেশৰ নাগৰিকসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে।
শ্ৰী মোদীয়ে আজি এটা সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰি মহৰ্ষি বাল্মীকিৰ গভীৰ সহানুভূতিৰ ওপৰত আলোকপাত কৰে যিয়ে প্ৰথমটো শ্লোকৰ জন্ম দিছিল আৰু ৰামায়ণৰ ভেটি স্থাপন কৰিছিল।
এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
"আপোনালোক সকলোকে মহৰ্ষি বাল্মীকি জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ আদৰ্শ ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ মূল আধাৰ হৈ আহিছে, যিয়ে যুগে যুগে ৰাষ্ট্ৰক সমৃদ্ধ কৰি থাকিব। মানৱতাৰ প্ৰতি তেওঁৰ অমূল্য বাৰ্তা সদায় দেশবাসীসকলৰ বাবে পথ প্ৰদৰ্শক হৈ ৰ’ব।"
"तामभ्यगच्छद्रुदितप्रवादात्कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥"
যেতিয়া মহৰ্ষি বাল্মীকিয়ে কুশ ঘাঁহ আৰু যজ্ঞৰ খৰি সংগ্ৰহ কৰিবলৈ গৈছিল, তেতিয়া তেওঁ মাইকী সাৰেং চৰাইৰ মৃদু মাত শুনিছিল। সেই সময়ত তেওঁৰ বিশুদ্ধ হৃদয়ত জাগ্ৰত হোৱা সহানুভূতিয়ে শ্লোক হিচাপে প্ৰকাশ পাইছিল। এই শ্লোকটোৱেই ৰামায়ণৰ ভেটি হৈ পৰিছিল, যিয়ে মহৰ্ষি বাল্মীকিৰ সহানুভূতি, সমতা, তপস্যা আৰু প্রজ্ঞাক প্ৰতিফলিত কৰিছিল।
***
MJPS/SS/PRK/NB