বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলৰ বাৰ্লিনত জাৰ্মান উদ্যোগ খণ্ডৰ নেতা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে বৈঠক

শ্ৰী গোয়েলৰ বাৰ্লিন ভ্ৰমণকালত ভাৰত-জাৰ্মানীৰ অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোকপাত

পোষ্ট কৰা হৈছে: 24 OCT 2026 11:40AM by PIB Guwahati

২০২৬ চনৰ ২৩ অক্টোবৰত বাৰ্লিনত জাৰ্মানীৰ জ্যেষ্ঠ চৰকাৰী বিষয়া, ব্যৱসায়িক নেতা, গৱেষণা প্ৰতিষ্ঠান আৰু  প্ৰবাসী ভাৰতীয়সকলৰ সৈতে  আয়োজিত বৈঠককে  ধৰি কেইবাখনো আলোচনাত  অংশগ্ৰহণেৰে সৈতে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলৰ  দুদিনীয়া চৰকাৰী জাৰ্মানী ভ্ৰমণৰ সামৰণি পৰে। আলোচনাসমূহত বাণিজ্য, বিনিয়োগ, উন্নত উৎপাদন, গৱেষণা আৰু শেহতীয়া প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত-জাৰ্মানীৰ সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা  হয়।

 শ্ৰী পীয়ুষ গোয়েলে জাৰ্মান ফেডাৰেল চেঞ্চেলৰীত অৰ্থনৈতিক আৰু বিত্তীয় নীতি উপদেষ্টা আৰু জি৭/জি২০ শ্বেৰ্পা লেভিন হোলেৰ সৈতে এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে। এই আলোচনাত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা আৰু ভাৰত তথা জাৰ্মানীৰ মাজত অৰ্থনৈতিক আৰু বিনিয়োগ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগৰ বিষয়ে আলোচনা কৰা হয়। 

মন্ত্ৰীগৰাকীয়ে ছিমেন্স হেল্থাইনাৰ্ছ এ জি-ৰ চি ই অ’ বাৰ্ণড মন্টেগ; বাৰ্টেলছমেনৰ কাৰ্যবাহী পৰিষদৰ সদস্য তথা বাৰ্টেলছমেন ইনভেষ্টমেণ্টছৰ চি ই অ’ কাৰ্ষ্টেন কোছফেল্ড আৰু ফক্সৱেগেন এ জি-ৰ চি ই অ’. আৰু স্কোডা অটোৰ চি ই অ’ হোলগাৰ পিটাৰ্ছৰ সৈতে ব্যক্তিগত বৈঠক অনুষ্ঠিত কৰে। বৈঠকত দুয়োখন দেশৰ মাজত ব্যৱসায়িক অংশীদাৰিত্ব, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা সম্প্ৰসাৰণৰ সুযোগ অন্বেষণ কৰা হয়।

শ্ৰী গোয়েলে উন্নত ঔদ্যোগিক প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ বিশিষ্ট জাৰ্মান ঔদ্যোগিক গৱেষণা প্ৰতিষ্ঠানসমূহৰ নেতাসকলৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তদুপৰি, লগত থকা ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ সদস্যসকলে দ্বিপাক্ষিক ব্যৱসায়িক সহযোগিতাৰ সুযোগ অন্বেষণ কৰিবলৈ জাৰ্মান উদ্যোগৰ প্ৰতিনিধি আৰু খণ্ডভিত্তিক সংস্থাৰ সৈতে খণ্ডভিত্তিক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। 

শ্ৰী গোয়েলে বাৰ্লিনত  প্ৰবাসী ভাৰতীয় সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সংবাদ মাধ্যমক সম্বোধন কৰে। 

গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ অংশ হিচাপে, শ্ৰী গোয়েলে জাৰ্মানীত অৱস্থিত ভাৰতীয় বিজ্ঞান তথা প্ৰযুক্তি গৱেষক আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ মাইক্ৰ’ইলেক্ট্ৰনিকছ, পাৱাৰ ইলেক্ট্ৰনিকছ, লজিষ্টিকছ, স্মাৰ্ট মেনুফেকচাৰিং, ঔদ্যোগিক উদ্ভাৱন আৰু বেটাৰি প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহক সামৰি লোৱা নিৰ্বাচিত ফ্ৰনহোফাৰ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ সৈতে এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰে। এই আলোচনাত ভাৰত আৰু জাৰ্মানীৰ মাজত গৱেষণা সহযোগিতা আৰু উদ্যোগ-শৈক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ পথসমূহ অন্বেষণ কৰা হয়।

 এই আলোচনাসমূহৰ জৰিয়তে বিশেষকৈ বাণিজ্য, বিনিয়োগ, উন্নত উৎপাদন, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ বৰ্ধিত পৰিসৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

 

 


***
 

 

C N Abhijith Narayanan/ Abhimanyu Panwar/DD


(ৰিলিজ আই ডি : 2328108) অতিথি কক্ষ : 4