উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উদ্ভাৱন আৰু উদীয়মান প্ৰযুক্তি সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে হ’ব লাগে, কোনো এখন দেশৰ একচেটিয়া সম্পত্তি হ’ব নালাগে —উপ-ৰাষ্ট্ৰপতি

“ভাৰতৰ সুবিধা মানেই মানৱতাৰ সুবিধা”—উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য; বিকশিত ভাৰত একে সময়তে আকাংক্ষা আৰু দায়িত্ব, ৰাষ্ট্ৰ নিৰ্মাণত সকলোৰে সামূহিক অংশগ্ৰহণৰ আহ্বান

ভাৰতৰ সভ্যতাগত ঐতিহ্য, গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰযুক্তিগত সামৰ্থ্যই দেশখনৰ অনন্য শক্তি —উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি ভৱনত অনিল এণ্টনীৰ ‘এডভাণ্টেজ ইণ্ডিয়া: ৰিশ্বেপিং দ্য ফিউচাৰ ফৰ এন ইকুইটেবল ৱৰ্ল্ড’ শীৰ্ষক গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতিৰ

পোষ্ট কৰা হৈছে: 23 OCT 2026 5:45PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ উপ-ৰাষ্ট্ৰপতি ভৱনত শ্ৰী অনিল কে এণ্টনীৰ ৰচিত ‘এডভাণ্টেজ ইণ্ডিয়া: ৰিশ্বেপিং দ্য ফিউচাৰ ফৰ এন ইকুইটেবল ৱৰ্ল্ড’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।

গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে লেখক আৰু ৰূপা পাব্লিকেশ্বনছক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্ৰন্থখনত ভাৰতৰ উল্লেখযোগ্য ৰূপান্তৰৰ প্ৰতিফলন ঘটিছে আৰু দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বত দেশখনৰ সন্মুখত থকা সুযোগসমূহৰ বিষয়ে বিশ্লেষণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তি, ব্যৱসায় আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত থকা নিজৰ অভিজ্ঞতাৰ আধাৰত শ্ৰী এণ্টনীয়ে ভাৰতৰ উদীয়মান শক্তিসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত দেশখনৰ বৰ্ধিত ভূমিকাৰ বিষয়ে পৰ্যালোচনা কৰিছে।

ভাৰতৰ অনন্য শক্তিসমূহৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশখনৰ সভ্যতাগত ঐতিহ্য, গণতান্ত্ৰিক পৰম্পৰা, জনসংখ্যাগত লাভ, বৰ্ধিত অৰ্থনীতি, শক্তিশালী প্ৰতিষ্ঠানসমূহ আৰু সম্প্ৰসাৰিত প্ৰযুক্তিগত সামৰ্থ্যই একেলগে ভাৰতৰ স্বকীয় সুবিধাসমূহ গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২৫ কোটিতকৈও অধিক লোকক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। শিক্ষা, গৃহ নিৰ্মাণ, অনাময়, স্বাস্থ্যসেৱা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহে লাখ লাখ নাগৰিকৰ মৰ্যাদা আৰু সামাজিক নিৰাপত্তা বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

সামগ্ৰিক উন্নয়নৰ গুৰুত্বৰ ওপৰত জোৰ দি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে মহিলা, যুৱক-যুৱতী, কৃষক আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলৰ সবলীকৰণ ভাৰতৰ প্ৰগতিৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে তিনি কোটিতকৈও অধিক ‘লাখপতি বাইদেউ’ৰ উত্থানে মহিলাৰ নেতৃত্বত পৰিচালিত উন্নয়নৰ সফলতা প্ৰতিফলিত কৰিছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য উচ্চশিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়টোও উল্লেখ কৰে। ইয়াৰ লগতে বন্দে ভাৰত ৰে’ল, বিমানবন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল ষ্টেচনৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত হোৱা বৃহৎ উন্নতিৰ বিষয়তো তেওঁ আলোকপাত কৰে।

ভাৰতত প্ৰযুক্তিৰ ক্ৰমবিকাশৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কম্পিউটাৰৰ আগমনে প্ৰথম অৱস্থাত আশংকাৰ সৃষ্টি কৰিছিল যদিও পৰৱৰ্তী সময়ত ভাৰতে বিশ্বৰ শক্তিশালী তথ্য-প্ৰযুক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণৰ দৰে উদীয়মান প্ৰযুক্তিসমূহেও বৰ্তমান ভাৰতৰ বাবে একেধৰণৰ সুযোগ আগবঢ়াইছে। সমাজৰ প্ৰগতিৰ বাবে প্ৰযুক্তিৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নেতৃত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ উল্লেখ কৰে।

আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিভিন্ন খণ্ডত থলুৱাভাৱে উৎপাদনৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ থলুৱাভাৱে নিৰ্মিত বহুমুখী জাহাজ আই এন এছ সমৰ্থকৰ কাৰ্যক্ষমতা উদ্বোধন কৰাৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই সাফল্যই ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনৰ বৰ্ধিত সামৰ্থ্যৰ নিদৰ্শন দাঙি ধৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ সম্প্ৰসাৰিত ভূমিকাৰ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় কূটনীতিত উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। ইয়াৰ বৈশিষ্ট্য হৈছে অধিক সক্ৰিয় যোগাযোগ, বৰ্ধিত প্ৰভাৱ আৰু নতুন আত্মবিশ্বাস। তেওঁ ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ত গ্ৰহণ কৰা নেতৃত্ব আৰু ‘বসুধৈৱ কুটুম্বকম’—অৰ্থাৎ সমগ্ৰ বিশ্ব একেটা পৰিয়াল—এই দৰ্শনৰ প্ৰসাৰত দেশখনৰ ভূমিকাৰ কথা স্মৰণ কৰে। জি-২০ত আফ্ৰিকান সংঘৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অৱদান আৰু বিশ্বৰ দক্ষিণ অংশৰ দেশসমূহৰ কণ্ঠস্বৰ হিচাপে ভাৰতৰ উত্থানৰ বিষয়টোও তেওঁ উল্লেখ কৰে।

‘বসুধৈৱ কুটুম্বকম’ কেৱল এটা শ্লোগান নহয়, বৰঞ্চ ভাৰতৰ পথপ্ৰদৰ্শক দৰ্শন বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ ভূমিকাৰ কথা দাঙি ধৰে। তেওঁ কয় যে ভাৰতে দেশজুৰি টিকাকৰণ অভিযান চলোৱাৰ লগতে ১০০খনতকৈও অধিক দেশলৈ জীৱনদায়িনী প্ৰতিষেধক প্ৰেৰণ কৰিছিল। ইয়াৰ জৰিয়তে বিশ্বজনীন সংহতি আৰু মানৱতাৰ সেৱাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্বসহকাৰে কয় যে “ভাৰতৰ সুবিধা মানেই মানৱতাৰ সুবিধা”। তেওঁ উল্লেখ কৰে যে সকলো সাৰ্বভৌম ৰাষ্ট্ৰ সমান আৰু প্ৰতিখন ৰাষ্ট্ৰকে সমান মৰ্যাদা প্ৰদান কৰিব লাগিব। তেওঁ কয়, “যিকোনো নতুন উদ্ভাৱন বা প্ৰযুক্তিগত অগ্ৰগতিয়ে সমগ্ৰ মানৱজাতিৰ উপকাৰ সাধন কৰিব লাগে আৰু কোনো এখন দেশৰ একচেটিয়া সম্পত্তি হৈ থাকিব নালাগে।” প্ৰযুক্তিগত অগ্ৰগতিৰ ক্ষেত্ৰত অধিক ন্যায়সংগত দৃষ্টিভংগী গ্ৰহণৰ আহ্বান জনাই তেওঁ কয় যে মানৱজাতিৰ সামূহিক কল্যাণৰ বাবে ইয়াৰ সুফল সকলোৰে মাজত ভাগ-বতৰা কৰাটো নিশ্চিত কৰিব লাগিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগী একে সময়তে আকাংক্ষা আৰু দায়িত্ব। ইয়াৰ বাবে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতিৰ প্ৰতি সামূহিক প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ৰাষ্ট্ৰ নিৰ্মাণ কেৱল চৰকাৰৰ দ্বাৰা সম্পন্ন কৰিব পৰা কাম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ অপৰিহাৰ্য।

গ্ৰন্থখনে ভাৰতৰ যুৱ প্ৰজন্মক প্ৰযুক্তি, ৰাজহুৱা নীতি, অৰ্থনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অধিক গভীৰভাৱে জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে শ্ৰী অনিল কে এণ্টনীক অভিনন্দন জনায়। লগতে লেখক, প্ৰকাশক আৰু গ্ৰন্থখনৰ প্ৰকাশৰ সৈতে জড়িত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। 

এই অনুষ্ঠানত ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় সুদ, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য তথা অৰ্থনীতিবিদ ড° শমিকা ৰবি, গ্ৰন্থখনৰ লেখক শ্ৰী অনিল কে এণ্টনী, ৰূপা পাব্লিকেশ্বনছৰ পৰিচালন সম্পাদক শ্ৰী কপিশ মেহৰা, কূটনীতিবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

***

PR/ASM/VM/PB


(ৰিলিজ আই ডি : 2327839) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Telugu , Malayalam