পোষ্ট কৰা হৈছে:
22 OCT 2026 6:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ,২০২৬ৰ মিক্সড ডাবলছ SL3-SU5 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰমোদ ভগত আৰু মণীষা ৰামদাসক অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰ দলীয় প্ৰচেষ্টা, দৃঢ় সংকল্প আৰু প্ৰতিযোগিতামূলক মনোভাৱ স্পষ্ট হৈ পৰে। এই প্ৰতিভাৱান যুটীটোক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:
"প্ৰমোদ ভগত আৰু মণীষা ৰামদাসৰ এক প্ৰশংসনীয় প্ৰচেষ্টা!
এই প্ৰতিভাৱান যুটীটোৱে ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মিক্সড ডাবলছ SL3-SU5 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰিছে।
সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকৰ দলীয় প্ৰচেষ্টা, দৃঢ় সংকল্প আৰু প্ৰতিযোগিতামূলক মনোভাব স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
সুন্দৰ প্ৰদৰ্শনৰ বাবে দুয়োগৰাকী এথলীটৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে শুভেচ্ছা জনালোঁ: প্ৰধানমন্ত্ৰী
MJPS/SS/PRK/DB