প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ

দুয়োগৰাকী নেতাই দোহাৰিলে ভাৰত-ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি .

পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু অঞ্চলটোত শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ

আলোচনা আৰু কূটনীতিৰ সন্দৰ্ভত ভাৰতৰ স্থিতিক দোহাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

পোষ্ট কৰা হৈছে: 22 OCT 2026 6:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীবেঞ্জামিন নেতান্যাহুৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল সম্পৰ্কৰ নিৰৱচ্ছিন্ন গতিশীলতাক আদৰণি জনোৱাৰ লগতে দুয়োখন দেশৰ মাজত থকা 'বিশেষ কৌশলগত অংশীদাৰিত্ব' অধিক শক্তিশালী কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়ন আৰু পৰিস্থিতি সম্পৰ্কে ধাৰণা বিনিময় কৰাৰ লগতে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা পুনৰুদ্ধাৰ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হিচাপে 'আলোচনা আৰু কূটনীতি'ৰ বাবে ভাৰতে জনাই অহা আহ্বান পুনৰ দোহাৰে।

দুয়োগৰাকী নেতাই পৰস্পৰৰ মাজত যোগাযোগ বজাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

 

 

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327106) অতিথি কক্ষ : 8