পোষ্ট কৰা হৈছে:
22 OCT 2026 6:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ মহিলাৰ ব্যক্তিগত পেৰা কম্পাউণ্ড অৰ্চাৰী প্ৰতিযোগিতাত নিজৰ খিতাপ অক্ষুণ্ণ ৰাখি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক অৰ্জনেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে শীতল দেৱীক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ নিখুঁত লক্ষ্য, ধাৰাবাহিকতা আৰু ক্ৰীড়াৰ প্ৰতি থকা নিষ্ঠা সঁচাকৈয়ে অতুলনীয়। তেওঁ লগতে ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:
"এছিয়ান পেৰা গেমছ,২০২৬ৰ মহিলাৰ ব্যক্তিগত পেৰা কম্পাউণ্ড অৰ্চাৰী প্ৰতিযোগিতাত শীতল দেৱীৰ এক চমকপ্ৰদ প্ৰদৰ্শন! তেওঁ নিজৰ খিতাপ সফলতাৰে অক্ষুণ্ণ ৰাখি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰিছে। তেওঁৰ নিখুঁত লক্ষ্য, ধাৰাবাহিকতা আৰু ক্ৰীড়াৰ প্ৰতি থকা সমৰ্পন সঁচাকৈয়ে অনুপম। ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ: প্ৰধানমন্ত্ৰী
MJPS/SS/PRK/DB