প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নবীন শিৱকুমাৰ আৰু সূৰ্য কান্ত যাদৱক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 22 OCT 2026 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ ডাবলছ SL3-SU5 শ্ৰেণীত ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰাৰ বাবে নবীন শিৱকুমাৰ আৰু সূৰ্য কান্ত যাদৱক অভিনন্দন জনায়। উল্লেখ্য যে এই শ্ৰেণীত ভাৰতৰ বাবে এয়া প্ৰথমটো পদক আৰু ই এক ঐতিহাসিক সাফল্য।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে নিজৰ প্ৰথমটো প্ৰদৰ্শনতেই অৰ্জন কৰা এই সাফল্য দুয়োগৰাকী এথলীটৰ বাবে এক বিশেষ মাইলৰ খুঁটি। তেওঁলোকৰ দলীয় প্ৰচেষ্টা, একাগ্ৰতা আৰু নিষ্ঠা সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

"ভাৰতীয় পেৰা বেডমিণ্টনৰ বাবে এক ঐতিহাসিক ব্ৰঞ্জৰ পদক!

নবীন শিৱকুমাৰ আৰু সূৰ্য কান্ত যাদৱে ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ ডাবলছ SL3-SU5 শ্ৰেণীত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিছে। প্ৰথমটো প্ৰদৰ্শনতেই লাভ কৰা এই সাফল্য দুয়োগৰাকী এথলীটৰ বাবে এক বিশেষ মাইলৰ খুঁটি। তেওঁলোকৰ দলীয় প্ৰচেষ্টা, একাগ্ৰতা আৰু নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। দুয়োগৰাকী খেলুৱৈলৈ আন্তৰিক অভিনন্দন: প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327094) অতিথি কক্ষ : 11